সাগৰিকা ঘাটগে খান (Sagarika Ghatge Khan, জন্ম-৮ জানুৱাৰী ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। 'চক দে ইণ্ডিয়া' নামৰ চলচ্চিত্ৰখনত প্ৰীতি ছব্ৰৱাল নামৰ চৰিত্ৰটিৰ বাবে তেওঁ জনাজাত৷ ২০১৫ চনত তেওঁ ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগীৰ পৰ্যায়ত উপনীত হয়।১ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈ আছিল৷
প্ৰাৰম্ভিক জীৱন
মহাৰাষ্ট্ৰ ৰাজ্যৰ কোলহাপুৰৰ এটি মহাৰাষ্ট্ৰীয় পৰিয়ালত ঘাটগেৰ জন্ম হয়৷ তেওঁৰ পিতৃ হৈছে বিজয়সিং ঘাটগে৷২ আৰু মাতৃ হৈছে উৰ্মিলা ঘাটগে৷ মহাৰাষ্ট্ৰৰ কোলহাপুৰত তেওঁ আঠ বছৰ বয়সলৈকে থাকে৷ তাৰপিছত তেওঁ ৰাজস্থানৰ আজমেৰলৈ স্থানান্তৰিত হয়৷ ৰাজস্থানত তেওঁ মায়ো কলেজ গাৰ্লছ স্কুলত নামভৰ্তি কৰে৷৩ কলহাপুৰৰ শ্বাহু মহাৰাজৰ জৰিয়তে ভাৰতৰ পূৰ্বৰ এটা ৰাজগৃহৰ সৈতে তেওঁৰ সম্পৰ্ক আছে। তেওঁৰ পিতৃ কাগালৰ পূৰ্বৰ ৰাজকীয় পৰিয়ালৰ আৰু আইতাক সীতা ৰাজে ঘাটগে ইন্দোৰৰ তৃতীয় টুকোজিৰাও হোলকাৰৰ কন্যা। তেওঁৰ এজন ভ্ৰাতৃ আছে। সাগৰিকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈ আছিল।৪
ব্যক্তিগত জীৱন

২০১৭ চনৰ ২৪ এপ্ৰিল তাৰিখে ঘাটগেয়ে ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খানৰ সৈতে বৈবাহিক সূত্ৰৰ কথা ৰাজহুৱা কৰে৷৫ ২০১৭ চনৰে নৱেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হয়৷৬
কৰ্মজীৱন
২০০৭ চনত ঘাটগেয়ে চক দে ইণ্ডিয়া (চলচ্চিত্ৰ)ত প্ৰীতি সভাৰৱালৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ইয়াৰ বাবে তেওঁ ৰিবকৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে মনোনীত হৈছিল।৭ তেওঁ কেইবাখনো ফেশ্বন আলোচনী আৰু একাধিক ফেশ্বন শ্বোত অংশ লৈছে৷
ইয়াৰ পিছত ঘাটগেয়ে ২০০৯ চনত ফক্স নামৰ ছবিখনত উৰ্বশী মাথুৰৰ চৰিত্ৰত অভিনয় কৰে। পিছলৈ তেওঁ মিলে না মিলে হামত কামিয়াৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত ঘাটগেয়ে ২০১২ চনৰ ৰাশ্ব ত ইমৰাণ হাশ্বমীৰ বিপৰীতে অভিনয় কৰে। ইয়াৰ পিছত ২০১৩ চনত সতীশ ৰাজৱাড়ৰ প্ৰেমাচী গোষ্ঠাত অভিনয় কৰে। অতুল কুলকাৰ্ণীৰ সৈতে ঘাটগেয়ে অভিনয় কৰা এই ছবিখনেই আছিল তেওঁৰ প্ৰথম মাৰাঠী চিনেমা।
২০১৫ চনত ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ ত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগী হিচাপে আত্মপ্ৰকাশ কৰে। ঘাটগেয়ে পৰৱৰ্তী সময়ত দিলদাৰিয়ান নামৰ পাঞ্জাবী ছবিত অভিনয় কৰে৷ ছবিখনত তেওঁ জাছি গিলৰ বিপৰীতে পালিৰ চৰিত্ৰত অভিনয় কৰিছিল।৮
২০১৭ চনত তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত ইৰাদাত মায়া সিঙৰ চৰিত্ৰত অভিনয় কৰে।
২০১৯ চনত তেওঁ অলটি বালাজীৰ বছ ৰ জৰিয়তে ডিজিটেল অভিষেক কৰিছিল য'ত তেওঁ কৰন সিং গ্ৰভাৰৰ বিপৰীতে এচিপি সাক্ষী ৰঞ্জনৰ চৰিত্ৰত অভিনয় কৰিছিল।৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (18 August 2007). I miss playing hockey: Sagarika Ghatge. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (27 April 2017). Mistaken identity for Sagarika Ghatge. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (27 August 2007). I'm determined & focused: Sagarika. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (25 April 2017). Sagarika Ghatge: Lesser known facts about the actress. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Zaheer Khan announces engagement with actress Sagarika Ghatge. The Indian Express
- ↑ Sagarika Ghatge marries Zaheer Khan. The Indian Express
- ↑ Sagarika Ghatge is Reebok's brand ambassador
- ↑ Sagarika Ghatge learns Punjabi for her next movie!. Can India News
- ↑ Boss teaser out: Karan Singh Grover and Sagarika Ghatge win hearts with their amazing chemistry. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাগৰিকা ঘাটগে” প্ৰবন্ধৰ সংশোধন ৪৬৯২২৮ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।