অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শুভা খোটে

শুভা বালসাৱৰ (Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৩ ৩৫৮ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
জীয়েক ভাৱনাৰ সৈতে শুভা খোটে
জীয়েক ভাৱনাৰ সৈতে শুভা খোটেছবি: Bollywood Hungama · CC BY 3.0
ভায়েক বিজু খোটেৰ সৈতে শুভা
ভায়েক বিজু খোটেৰ সৈতে শুভাছবি: Bollywood Hungama · CC BY 3.0

শুভা বালসাৱৰ (Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী ভাষা আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

এটা মাৰাঠী-কোংকনী পৰিয়ালত জন্মগ্ৰহণ কৰা শুভা খোটেৰ জন্ম হৈছিল। দেউতাক আছিল প্ৰখ্যাত মাৰাঠী ভাষা নাট্য ব্যক্তিত্ব নন্দু খোটে। মাক আছিল কৰ্ণাটক ৰাজ্যৰ মাংগালোকৰৰ এগৰাকী মহিলা। অভিনেতা বিজু খোটে তেওঁৰ ভায়েক।১ প্ৰবীণ অভিনেত্ৰী দুৰ্গা খোটে আছিল শুভাৰ খুৰীয়েক, অৰ্থাৎ দেউতাকৰ ভায়েকৰ পত্নী। শুভাৰ মাতৃৰ পক্ষীয় ককাক ময়মপল্লীও এজন অভিনেতা আছিল।২

শুভা খোটে চাৰ্নি ৰোডৰ ছেইণ্ট টেৰেছা হাইস্কুল আৰু ছেইণ্ট কলম্বা স্কুলত (গামদেৱী) অধ্যয়ন কৰিছিল। ছোৱালী হিচাপে তেওঁ সাঁতোৰ আৰু চাইকেল চলোৱাত পাৰদৰ্শিতা দেখুৱাইছিল। সেই যুগত অতি কম সংখ্যক নাৰীয়েহে এনে খেলৰ প্ৰতি সাহস দেখুৱাব পাৰিছিল। ১৯৫৫ চনৰ পৰা ১৯৫৫ চনলৈ তেওঁ একেৰাহে তিনি বছৰ সাঁতোৰ আৰু চাইকেল চালনাৰ মহিলাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন আছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি উইলছন কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।

মাংগালোৰৰ ডি.এম. বালসাৱৰৰ লগত শুভাৰ বিয়া হয়। তেওঁৰ মাকো আছিল মাংগালোৰৰ জীয়াৰী। বালসাৱৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ কৰ্প’ৰেট ‘নোচিল’ৰ মাৰ্কেটিঙৰ ভাইচ-প্ৰেচিডেণ্ট আছিল।৩ বালসৱৰে মাৰাঠী চিনেমা ছিমুক্লা পহুনাত (১৯৬৮) এটা কেমিও চৰিত্ৰত অভিনয় কৰে, যিখন ছবিৰ প্ৰযোজনা আৰু পৰিচালনা শুভাৰ আছিল।২ তেওঁলোকৰ কন্যা ভাৱনা বলসাৱৰ এগৰাকী টিভি অভিনেত্ৰী।৪

কৰ্মজীৱন

৪ বছৰ বয়সত শিশু শিল্পী হিচাপে তেওঁৰ মঞ্চাভিষেক ঘটে।৫ তেওঁৰ প্ৰথম ছবি সীমা (১৯৫৫)। ইয়াত তেওঁ পুতলী নামৰ চৰিত্ৰ এটাত অভিনয় কৰিছিল। এগাৰীক চাইক্লিষ্ট হিচাপে তেওঁ বহুল পৰিচিত আছিল, যাৰবাবে তেওঁক সীমাৰ বাবে কাষ্টিং কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ বহু সংখ্যক হিন্দী আৰু মাৰাঠী চিনেমা, মঞ্চ অনুষ্ঠান, টিভি ধাৰাবাহিক আদিত অভিনয় কৰিছে। তেওঁ বেছিভাগেই মেহমুদৰ বিপৰীতে অভিনয় কৰিছিল আৰু এই যুটিটো শশুৰাল, ভৰোছা, জিদ্দি, ছোটি বেহেন, সাঁঝ ঔৰ সবেৰালাভ ইন টকিঅ’ , গ্ৰহস্তি, হমৰাহী আৰু বেটি বেটে ছবিত হিট হৈছিল। পেয়িং গেষ্ট আৰু এক দুজে কে লিয়ে ছবিত তেওঁ নেতিবাচক চৰিত্ৰত অভিনয় কৰে। ১৯৬২ চনত নৱম ফিল্মফেয়াৰ বঁটাত তেওঁ ঘৰানা আৰু শশুৰালৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ দুটাকৈ মনোনয়ন লাভ কৰে যদিও নিৰূপা ৰয়ৰ হাতত পৰাস্ত হয়।৬

তেওঁ হেৰা ফেৰী, হাম দোনো, বেচেলৰছ্ ৱাইফছ্ আৰু লেটছ ডু ইট (২০০০) আদি কমেডী নাটক পৰিচালনা কৰিছে।৫৭ মুম্বাই আৰু ঔৰংগাবাদত মাৰাঠী নাটক ঘোলাট ঘোলৰ পৰা অভিযোজিত, তেওঁৰ ঘৰুৱা প্ৰযোজনা বেচেলৰছ ৱাইভছৰ ৪০টাতকৈও অধিক দৰ্শনীত অভিনয় কৰিছিল। তেওঁৰ টিভি শ্ব’ জবান সম্ভালকে অতি জনপ্ৰিয় হৈছিল।৮

তেওঁ জি মাৰাঠীৰ মাৰাঠী টিভি চিৰিয়েল একা লগনাচি তিসৰি গোষ্ঠাতো কাম কৰিছে।৯

তথ্যসূত্ৰ

  1. ↑ Rakhi Special: Bollywood's best brother-sister duo
  2. ↑ Shubha Khote – Memories. cineplot.com
  3. ↑ I never believed I was pretty - Shubha Khote. filmfare.com
  4. ↑ Shobha Khote with daughter Bhavna Balsaver during 'SAB Ke Anokhe Awards' The Times of India, 26 June 2012
  5. ↑ (30 March 2000). Inside Out. The Indian Express
  6. ↑ Winner and nomination of 9th Filmfare Awards at ইণ্টাৰনেট মুভি ডাটাবেছ
  7. ↑ (15 April 2002). For theatre buffs. দ্য হিন্দু
  8. ↑ Pretty Funny! by V Gangadhar. Rediff.com, 5 October 1997
  9. ↑ Shubha Khote to make a comeback with Lage Raho Chachu - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মঞ্চ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভা খোটে” প্ৰবন্ধৰ সংশোধন ৩৪৬৪৭৫ (২২ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।