বিপাশা বসু সিং গ্ৰোভাৰ ( Bipasha Basu Singh Grover; জন্ম: ৭ জানুৱাৰী ১৯৭৯)[3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত বিপাশাই তামিল ভাষা, তেলুগু ভাষা, বঙালী ভাষা আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে। বসুৱে এটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছে। তেওঁক বিশেষকৈ থ্ৰিলাৰ আৰু হৰৰ ছবিত অভিনয়ৰ বাবে জনা যায়। কেইবাটাও আইটেম নম্বৰৰ বাবে তেওঁক প্ৰায়ে প্ৰচাৰ মাধ্যমত যৌনতাৰ প্ৰতীক আৰু উত্তেজনাৰ ৰাণী হিচাপে উল্লেখ কৰা হয়।
দিল্লীত জন্মগ্ৰহণ কৰি কলিকতাত ডাঙৰ-দীঘল হোৱা বসুৱে ফেশ্বন মডেল হিচাপে সফল কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিবলৈ আৰম্ভ কৰে। থ্ৰিলাৰ ছবি আজনবীৰ (২০০১) জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। বসুৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল থ্ৰিলাৰ ছবি ৰাজত (২০০২), যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পাইছিল। যৌনগন্ধী থ্ৰিলাৰ জিছম (২০০৩), ভাল উপাৰ্জন কৰা ছবি ন' এণ্ট্ৰি (২০০৫) আৰু ধূম ২-ত (২০০৬) বিপাশাই মুখ্য চৰিত্ৰত অভিনয় কৰে।
বিপাশাৰ আন ব্যৱসায়িকভাৱে সফল ছবিসমূহৰ ভিতৰত আছে ড্ৰামা ছবি কৰ্প’ৰেট (২০০৬); কমেডী ছবি ফিৰ হেৰাফেৰী (২০০৬) আৰু অল দ্য বেষ্ট: ফান বিগিনছ্ (২০০৯); একচন থ্ৰিলাৰ ৰেচ (২০০৮); ৰোমান্টিক কমেডী বচনা এ হাছিনো (২০০৮) আদি। ২০১০ৰ দশকত তেওঁ মূলতঃ থ্ৰিলাৰ ছবি- ৰাজ থ্ৰীডি (২০১২),আত্মা (২০১৩), ক্ৰিয়েচাৰ থ্ৰীডি (২০১৪) আৰু এল’নত (২০১৫) অভিনয় কৰিছিল। ইয়াৰ পিছত বিৰতি; বিৰতিৰ সময়চোৱাৰ তেওঁৰ একমাত্ৰ অভিনয় আছিল ৱেব ছিৰিজ ডেঞ্জাৰাছ (২০২০)।
ছবিত অভিনয় কৰাৰ উপৰিও ফিটনেছ অনুৰাগী বসুৱে কেইবাটাও ফিটনেছ ভিডিঅ’ত অভিনয় কৰিছে। ২০১৫ চনত হৰৰ ধাৰাবাহিক ডৰ সবকো লগাতা হ্যায়ৰ তেওঁ হোষ্ট আছিল। জন আব্ৰাহামৰ সৈতে হাই-প্ৰফাইল সম্পৰ্কৰ পিছত ২০১৬ চনত বসুৱে অভিনেতা কৰণ সিং গ্ৰোভাৰক বিয়া কৰায়।১ দম্পত্তিহালৰ এটা সন্তান আছে।
প্ৰাৰম্ভিক জীৱন আৰু মডেলিং
১৯৭৯ চনৰ ৭ জানুৱাৰীত দিল্লীৰ এটা বঙালী ভাষা পৰিয়ালত বিপাশা বসুৰ জন্ম হয়। তেওঁৰ দেউতাক হীৰক বসু এজন চিভিল ইঞ্জিনিয়াৰ আৰু মাক মমতা এগৰাকী গৃহিণী। তেওঁক বায়েক বিদিশা আৰু ভনীয়েক বিজয়েতা।
দিল্লীত বিপাশাই আঠ বছৰ বয়সলৈকে নেহৰু প্লেচৰ পাম্পোছ এনক্লেভত বাস কৰিছিল আৰু এপিজয় হাইস্কুলত অধ্যয়ন কৰিছিল।২ তাৰ পিছত তেওঁৰ পৰিয়াল কলকাতালৈ স্থানান্তৰিত হয় আৰু বিধাননগৰত অৱস্থিত গংগাবক্স কানোৰিয়া বিদ্যমন্দিৰত অধ্যয়ন কৰে।৩ স্কুলত তেওঁক ছোৱালী দলপতি হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁৰ নিৰ্দেশ দিব পৰা ব্যক্তিত্বৰ বাবে তেওঁক মৰমেৰে ‘লেডী গুণ্ডা’ আখ্যা দিয়া হৈছিল।৪
১৯৯৬ চনত কলকাতাৰ এখন হোটেলত মডেল মেহৰ জেচিয়া ৰামপালে বিপাশাক দেখা পায় আৰু তেওঁ মডেলিং কৰিবলৈ পৰামৰ্শ দিয়ে।৫ সেই বছৰতে তেওঁ ফৰ্ডৰ দ্বাৰা আয়োজিত গডৰেজ চিন্থল ছুপাৰমডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হয় আৰু মিয়ামীত অনুষ্ঠিত হোৱা ‘ফৰ্ড মডেলছ ছুপাৰমডেল অফ দ্য ৱৰ্ল্ড প্ৰতিযোগিতা’ত ভাৰতক প্ৰতিনিধিত্ব কৰে।[8][9] পিছলৈ তেওঁ তেতিয়াৰ প্ৰেমিক ডিনো ম’ৰিয়াৰ সৈতে কেলিডাৰ বিজ্ঞাপনত অভিনয় কৰিছিল; বিজ্ঞাপনটো যথেষ্ঠ পৰিমাণে যৌন উত্তেজক আছিল বুলি তেতিয়া বিতৰ্কও হৈছিল আৰু কিছুমান লোকে তেওঁৰ ঘৰৰ বাহিৰত প্ৰতিবাদ কৰিছিল।৬ কেইবাখনো আলোচনীৰ বেটুপাত শুৱনি কৰা বিপাশাই কৈশোৰৰ শেষলৈ চলচ্চিত্ৰত প্ৰবেশ নকৰালৈকে ফেশ্বন মডেলিঙ অব্যাহত ৰাখিছিল।৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (13 June 2016). Bipasha Basu is now Bipasha Basu Singh Grover!
- ↑ (22 October 2011). Bipasha Basu, a lady gunda. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Tiwary, Priti. 'I was Bipasha's lab partner'. Rediff
- ↑ Bips, the Lady Goonda!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Verma, Sukanya; Bhattacharya, Priyanka. (17 May 2002). Desperately seeking Bipasha. Rediff.com
- ↑ Verma, Sukanya. (23 September 1999). Once you enter films, your private life becomes a joke. Rediff.com
- ↑ Bipasha Basu – Fashion Model – Profile with photos, biography and more on FMD. Fashionmodeldirectory.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপাশা বসু” প্ৰবন্ধৰ সংশোধন ৩৮২১০১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।