প্ৰিয়া ৰাজবংশ (জন্ম: বেৰা সুন্দৰ সিং; Priya Rajvansh; ১৩০ ডিচেম্বৰ ১৯৩৬ – ২৭ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে নিজৰ কৰ্মজীৱনৰ সময়ছোৱাত কৰা মুষ্টিমেয় ছবিৰ ভিতৰত হীৰ ৰাঞ্জা (১৯৭০) আৰু হসঁতে জখম (১৯৭৩) আদি হিন্দী ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
প্ৰিয়া ৰাজবংশৰ জন্ম ছিমলাত বীৰা সুন্দৰ সিং নামেৰে হৈছিল। তেওঁৰ পিতৃ সুন্দৰ সিং বন বিভাগৰ কনজাৰ্ভেটৰ আছিল। ভায়েক কমলজিৎ সিং (গুলু) আৰু পদমজিৎ সিঙৰ তেওঁ সৈতে ছিমলাত ডাঙৰ-দীঘল হৈছিল। তেওঁ অকলেণ্ড হাউচত পঢ়াশুনা কৰিছিল, য’ত তেওঁ কেপ্তেইন আছিল। তেওঁ ছিমলাৰ কনভেণ্ট অফ জিছুছ এণ্ড মেৰীতো অধ্যয়ন কৰিছিল। ১৯৫৩ চনত ছিমলাৰ ছেইণ্ট বেদেছ কলেজৰ পৰা ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হৈ ভাৰ্গৱ মিউনিচিপালিটি কলেজত (বিএমচি) নামভৰ্তি কৰে। এই সময়ছোৱাত ছিমলাৰ বিখ্যাত গেইটি থিয়েটাৰত কেইবাখনো ইংৰাজী নাটকত অভিনয় কৰে।
তেওঁৰ পিতৃ ৰাষ্ট্ৰসংঘৰ এচাইনমেণ্টত আছিল, গতিকে স্নাতক হোৱাৰ পিছত তেওঁ ব্ৰিটেইনৰ লণ্ডনত থকা ৰয়েল একাডেমী অৱ ড্ৰামেটিক আৰ্টত (RADA) যোগদান কৰে।১২৩
বাহ্যিক সংযোগ
- Remembering Priya Rajvansh at Rediff.com
তথ্যসূত্ৰ
- ↑ Feeding on Priya's memories, Gullu lives on... The Tribune, 3 August 2002
- ↑ Priya Rajvansh, the adored Shimlaite The Tribune, চণ্ডীগড়, 21 April 2000
- ↑ Glamour girls from Himachal Pradesh The Tribune, 16 March 2007
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়া ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৪৭৯০২০ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।