অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতিভা ৰান্তা

প্ৰতিভা ৰান্তা (Pratibha Ranta; জন্ম: ১৭ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। টেলিভিছন ধাৰাবাহিক কুৰবান হুৱা (২০২০-২০২১)ৰ জৰিয়তে ৰান্তাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৪ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

প্ৰতিভা ৰান্তা (Pratibha Ranta; জন্ম: ১৭ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। টেলিভিছন ধাৰাবাহিক কুৰবান হুৱা (২০২০-২০২১)ৰ জৰিয়তে ৰান্তাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ প্ৰথম চলচ্চিত্ৰ লাপতা লেডীজ (২০২৪) আৰু ৱেব ধাৰাবাহিক হীৰামণ্ডী (২০২৪)ত অভিনয় কৰে।১

প্ৰাৰম্ভিক জীৱন

২০০০ চনৰ ১৭ ডিচেম্বৰত হিমাচল প্ৰদেশৰ চিমলা জিলাৰ টিক্কাৰ গাঁৱৰ এটি পাহাৰী ৰাজপুত পৰিয়ালত ৰান্তাই জন্মগ্ৰহণ কৰিছিল। পিছত তেওঁ পঢ়া-শুনাৰ সুবিধাৰ্থে চিমলালৈ গুচি যায়।২৩ তেওঁ চিমলাৰ চেলচিয়া কনভেণ্ট অৱ যীছাছ এণ্ড মেৰীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু মুম্বাইৰ ঊষা প্ৰবীণ গান্ধী কলেজ অৱ মেনেজমেণ্টৰ পৰা চলচ্চিত্ৰ নিৰ্মাণত স্নাতক ডিগ্ৰী লয়।

কৰ্মজীৱন

ৰান্তাই ২০২০ চনত কুৰবান হুৱা নামৰ ধাৰাবাহিক এখনত অভিনয়েৰে ধাৰাবাহিকত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ কৰণ জোতৱানীৰ বিপৰীতে চাহাত বাইগ ভট্ট ধ্যানীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২১ চনত এই ধাৰাবাহিকখনৰ অন্ত পৰে।৪৫ ইয়াৰ পিছত, তেওঁ আধা ইছক নামৰ এখন ৱেব ধাৰাবাহিকতো অভিনয় কৰে, য’ত তেওঁ দৰ্শিল ছাফাৰী আৰু গৌৰৱ আৰোৰাৰ বিপৰীতে ৰেনে ভৰদ্বাজৰ চৰিত্ৰত অভিনয় কৰিছিল।৬ টাইমছ অৱ ইণ্ডিয়াৰ বাবে কৰা এক পৰ্যালোচনাত আৰ্কিকা খুৰানাই তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰিছিল যদিও তেওঁৰ চৰিত্ৰটোক “মৌলিকতাৰ অভাৱ থকা” আৰু “বিভ্ৰান্তিকৰ” বুলি বিবেচনা কৰিছিল।৭

২০২৪ চনত ৰান্তাই লাপতা লেডীজ নামৰ ছবিখনত নিৰুদ্দেশ হোৱা কইনা পুষ্পা ৰাণী/জয়াৰ চৰিত্ৰত অভিনয়েৰে বলিউডত খোজ পেলায়। একে বছৰতে ছবিখনে ভাৰতবৰ্ষত মুক্তি লাভ কৰিছিল।৮৯ শৈবাল চেটাৰ্জীয়ে তেওঁক "শ্ব'-ষ্টীলাৰ" বুলি অভিহিত কৰাৰ বিপৰীতে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ শুভ্ৰা গুপ্তাই উল্লেখ কৰিছিল যে "ৰান্তা, যথেষ্ট অভিজ্ঞ অভিনেত্ৰী অথচ তেওঁৰ অভিনয়ত স্বাধীনতা ফুটি উঠা নাই। আগন্তুক দিনত আৰু কঠিন ভূমিকাত তেওঁ অভিনয় কৰিব আৰু সফল হ'ব।" ১০১১ একে বছৰতে সঞ্জয় লীলা ভণশালীৰ ৱেব ধাৰাবাহিক হীৰামণ্ডীত শ্বামা (এজনী বেশ্যাৰ কন্যা)ৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ বলিউড হাংগামাই উল্লেখ কৰিছিল যে "ৰান্তাৰ কৰিবলগীয়া বহুত বেছি কাম নাছিল।" ১৩

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাটোকাতথ্য.
২০২৪লাপতা লেডীজজয়া সিং / পুষ্পা ৰাণী১৪

দূৰদৰ্শন

বৰ্ষশিৰোনামভূমিকাটোকাতথ্য.
২০২০–২০২১কুৰবান হুৱাচাহাত বাইগ ভট্ট ধ্যানী১৫
২০২২আধা ইছকৰেনে ভৰদ্বাজ১৬
২০২৪হীৰামণ্ডীশ্বামা১৭

সংগীত ভিডিঅ'

বৰ্ষশিৰোনামকণ্ঠশিল্পী(সকল)তথ্য.
২০২৪"সচ্চা ৱালা প্যাৰ"তুলসী কুমাৰ, বিশাল মিশ্ৰা১৮

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰশিতানকৰ্মফলাফলতথ্য.
২০২৪মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ অভিনেত্ৰীলাপতা লেডীজ১৯২০

তথ্যসূত্ৰ

  1. ↑ (3 May 2024). Meet the leading women of Laapataa Ladies- Pratibha Ranta and Nitanshi Goel. Mid Day
  2. ↑ (17 December 2020). Qurbaan Hua's Pratibha Ranta celebrates her birthday; see pics. Zee5
  3. ↑ (16 March 2024). From Shimla’s orchards to an Aamir Khan film: Laapataa Ladies’ Pratibha Ranta proved her family wrong, left her dadi crying happy tears. Indian Express
  4. ↑ (8 July 2021). I have learnt a lot about acting because of my show Qurbaan Hua: Pratibha Ranta. Times of India
  5. ↑ COVID-19 impact: TV industry braces for loss as production stalled. Live Mint
  6. ↑ (12 March 2024). Pratibha Ranta talks about breaking barriers and shaping narratives in 'Laapataa Ladies'. The Times of India
  7. ↑ (13 May 2022). Aadha Ishq Season 1 Review: Aamna Sharif and Gaurav Arora’s love tale is devoid of soul and passion. The Times of India
  8. ↑ (24 January 2024). Laapataa Ladies trailer: Kiran Rao directorial slowly and surely lifts the veil on its comedy of errors Watch. Hindustan Times
  9. ↑ (7 May 2024). Laapataa Ladies: A fantasy by those who have never lived in a village. Indian Express
  10. ↑ Chatterjee, Saibal. (1 March 2024). Laapataa Ladies Review: Emotionally Engaging Film Laced With Doses Of Wry Humour. NDTV
  11. ↑ Gupta, Shubhra. (2024-03-01). Laapataa Ladies movie review. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  12. ↑ (26 April 2024). Pratibha Ranta on her role in 'Heeramandi'. MSN
  13. ↑ (4 May 2024). Heeramandi is the grandest show to come out of India. Bollywood Hungama
  14. ↑ (8 September 2023). Laapataa Ladies teaser: Kiran Rao, Aamir Khan promise an lethargic, thought-less film on the subject of 'missing' wives. The Indian Express
  15. ↑ Hungama, Bollywood. (2021-02-22). "I was very excited to perform a Pahadi dance in the show", says Pratibha Ranta of Qurbaan Hua: Bollywood News - Bollywood Hungama
  16. ↑ Shweta Keshri. (April 28, 2022). Aamna Sharif, Gaurav Arora, Kunal Roy Kapur, Pratibha Ranta to star in Voot Select's Aadha Ishq, a tale of forbidden love. India Today
  17. ↑ Heeramandi first look: Sanjay Leela Bhansali series starring Manisha, Sonakshi, Aditi will take you back to another era. Hindustan Times
  18. ↑ Tulsi Kumar, Pratibha Ranta & Sparsh Shrivastava Discuss 'Saccha Wala Pyaar', Lapaata Ladies. News18
  19. ↑ (2024-07-23). Indian Film Festival of Melbourne 2024: Dates and list of nominations for the 15th edition. CNBC TV18
  20. ↑ (2024-07-10). Indian Film Festival of Melbourne 2024 nominations out. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা ৰান্তা” প্ৰবন্ধৰ সংশোধন ৪৫৯১৩২ (২৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।