অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাঞ্চালী গুপ্তা

পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু হিন্দী ভাষা চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।১২

জীৱনী

শৈশৱ আৰু কৈশোৰৰ কালছোৱা পাঞ্চালীয়ে গুৱাহাটীত কটায়। তেওঁ গুৱাহাটীৰ চেইণ্ট মেৰীজ কনভেণ্ট স্কুল আৰু আৰ্য মহাবিদ্যালয়ত পঢ়া-শুনা কৰে। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিমনাষ্টো আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খেলত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯২ চনত তেওঁ মিচ গুৱাহাটী খিতাপ অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ মিচ নৰ্থইষ্ট আৰু মিচ আছাম খিতাপ অৰ্জন কৰে। ২০০২ চনত তেওঁ গ্লেডৰেজ মেগা মডেল টাইটেলত বিজয়ী হয়।১

মাত্ৰ চৈধ্য বছৰ বয়সতে তেওঁ এগৰাকী মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে। তেওঁ বহুকেইখন চলচ্চিত্ৰৰ উপৰিও মিউজিক ভিডিঅ’ত অৱতীৰ্ণ হয়। আই কিলড্ হিম চাৰ (১৯৯৫),মনচুন ৱেডিং (২০০১),ৰকিন মীৰা (২০০৬) আদি তেওঁৰ উল্লেখযোগ্য ছবি। তেওঁ টেলিগ্ৰাফ কাকতৰ সাপ্তাহিক স্তম্ভ লিখিছিল। পিছত টেলিগ্ৰাফৰ কাম এৰি ইষ্টাৰ্ণ ক্ৰণিক’ল কাকতত যোগ দিয়ে।১ পাঞ্চালী সকলোতকৈ ফেচনৰ জগতখনতে বেছিকৈ জড়িত। তেওঁ ডুবাই ভিত্তিক আইকনিক গ্ৰুপৰ ইন-হাউচ মডেল। তাৰোপৰি তেওঁ এগৰাকী এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।১

চলচ্চিত্ৰপঞ্জী

ক্ৰমিক নংচলচ্চিত্ৰমুক্তিৰ চনভাষাভূমিকা
১আই কিলড্ হিম চাৰ১৯৯৫অসমীয়া
২মনচুন ৱেডিং২০০১হিন্দী
৩মা তুমি অনন্যা২০০৪অসমীয়া
৪ৰকিন মীৰা২০০৬হিন্দী
৫শিৱাজী- দ্য বচ২০০৭
৬লংকেশ পত্ৰিকা
৭মাই লাইফ১

তথ্যসূত্ৰ

  1. ↑ Movie-actress Panchali Gupta. nettv4u.com
  2. ↑ Panchali Gupta Babber Pageant . Movies . Success. theglossmag.net

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঞ্চালী গুপ্তা” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৩৯ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।