শিল্পা শুক্লা (Shilpa Shukla)১ হৈছে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু থিয়েটাৰ শিল্পী৷ তেওঁ ২০০৭ চনত মুক্তিপ্ৰাপ্ত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি চক দে ইণ্ডিয়াত অভিনয় কৰি চৰ্চালৈ আহিছিল৷ ২০১৩ চনত তেওঁ নিঅ'-নয়ৰ চলচ্চিত্ৰ বি.এ. পাছত অভিনয় কৰে৷ এইখন ছবিত অভিনয়ৰ জৰিয়তে তেওঁ ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ বঁটা লাভ কৰে৷
সংক্ষিপ্ত জীৱন
শিল্পা শুক্লাৰ বিহাৰৰ বৈশালী জিলাত জন্ম হৈছিল। তেওঁ আমোলা, ৰাজনৈতিক নেতা আৰু পণ্ডিত পৰিয়ালৰ। তেওঁৰ ভাতৃ টেনজিন প্ৰিয়াদৰ্শী বৌদ্ধ সন্ন্যাসী, আৰু ভনীয়েক এজন অধিবক্তা৷২৩
বঁটা-সন্মান
বিজয়ী
২০০৮ চনৰ পৰ্দা বঁটা: চক দে ইণ্ডিয়াৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী৩
২০১৪ চনৰ পৰ্দা বঁটা: ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা (মহিলা) বি.এ. উত্তীৰ্ণ৪
২০১৪ চনৰ ফিল্মফেয়াৰ বঁটা: শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক) বি.এ. পাছ৫
মনোনয়ন
২০০৮: ফিল্মফেয়াৰ বঁটা: চক দে ইণ্ডিয়াৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী।
২০০৮: আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনয়।
২০০৮: জি চিনে বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা৬
২০০৮: প্ৰযোজক গিল্ড বঁটা: চক দে ইণ্ডিয়াৰ বাবে ঋণাত্মক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা৩
২০১৩: বিগ ফেন বঁটা: মিছ ৱৰ্ল্ড তামন্না ৰানাৰ পৰা শ্ৰেষ্ঠ অনুৰাগীৰ বঁটা৩
২০২৩: ২০২৩ চনত ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰে তাজা খবৰৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেতা (মহিলা) কমেডী ধাৰাবাহিক
তথ্যসূত্ৰ
- ↑ (22 February 2018). In pics: Remember 'Chak De! India' actress Shilpa Shukla? Here's how she looks now. Daily News and Analysis
- ↑ Varma, Lipika. Shilpa Shukla gets candid about upcoming web series 'Criminal Justice: Behind Closed Doors'. The Free Press Journal
- ↑ I wonder why is marriage so important: Shilpa Shukla. The Times of India
- ↑ (14 January 2014). Winners of 20th Annual Life OK Screen Awards. বলিউড হাংগামা
- ↑ (25 January 2014). Winners of 59th Idea Filmfare Awards. Filmfare
- ↑ Nominations for the Zee Cine Awards 2008 বলিউড হাংগামা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল্পা শুক্লা” প্ৰবন্ধৰ সংশোধন ৪৬৯২১২ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।