অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শোভিতা ধূলিপালা

শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী, মালয়ালম আৰু তেলেগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী ভাষা, মালয়ালম ভাষা আৰু তেলুগু ভাষা ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে। ১

ধূলিপালাই অনুৰাগ কাশ্যপৰ থ্ৰিলাৰ ছবি ৰমন ৰাঘৱ ২.০ (২০১৬)ত আত্মপ্ৰকাশ কৰিছিল আৰু তাৰ পিছত তেওঁ তেলেগু চোৰাংচোৱা ছবি গুডচাৰী (২০১৮) আৰু আমাজন ভিডিঅ’ৰ Series মেড ইন হেভেন (২০১৯)ত অভিনয় কৰে। ২৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৯২ চনৰ ৩১ মে'ত ৪৫ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ তেনালিত এটি তেলেগু ব্ৰাহ্মণ পৰিয়ালত শোভিতা ধূলিপালাৰ জন্ম হৈছিল।৬৭ অৱশ্যে শোভিতা ধূলিপালা বিশাখাপট্টনমতহে ডাঙৰ-দীঘল হৈছিল।৮ পৰৱৰ্তী সময়ত চলচ্চিত্ৰত কেৰিয়াৰ গঢ়াৰ উদ্দেশ্যে আৰু নিজৰ শিক্ষা জীৱন আগুৱাই নিয়াৰ লক্ষ্যৰে শোভিতাই মুম্বাই বিশ্ববিদ্যালয়ৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত নামভৰ্তি কৰে আৰু মুম্বাইলৈ গুচি আহে।৯১০শোভিতা ভাৰতনাট্যম আৰু কুচিপুড়িৰো এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী।১১১২

কেৰিয়াৰ

ফেমিনা মিছ ইণ্ডিয়া

ফেমিনা মিছ ইণ্ডিয়াৰ ক্ষেত্ৰীয় প্ৰতিযোগিতা ফেমিনা মিছ ইণ্ডিয়া চাউথ ২০১৩ৰ খিতাপ জয় কৰাৰ পিছত ধূলিপালাই ফেমিনা মিছ ইণ্ডিয়াৰ ৫০তম বৰ্ষৰ "শীৰ্ষ ২৩"ৰ ভিতৰত অটো-এণ্ট্ৰি লাভ কৰে আৰু প্ৰথম ৰানাৰ্ছ আপ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি 'মিছ ষ্টাইলিছ কেশ', 'মিছ এডভেঞ্চাৰছ' আৰু 'মিছ ফেশ্বন আইকন', 'মিছ টেলেণ্ট', 'মিছ ডিজিটেল ডিভা'ৰ সন্মান লাভ কৰে। ইয়াৰ পিছত ২০১৩ চনৰ 'মিছ আৰ্থ'ত ভাৰতক শোভিতাই প্ৰতিনিধিত্ব কৰিছিল যদিও শীৰ্ষ ২০ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে। তেওঁ 'কিংফিচাৰ কেলেণ্ডাৰ ২০১৪'তো অভিনয় কৰিছিল।১৩

অভিনয় জীৱন

২০১৬ চনত অনুৰাগ কাশ্যপৰ ৰমন ৰাঘৱ ২.০ ছবিৰে ধূলিপালাই চলচ্চিত্ৰৰ জগতত আত্মপ্ৰকাশ কৰে।১৪ ইয়াৰ পিছতে অৰ্থাৎ ২০১৬ চনৰ জুলাই মাহত কাশ্যপৰ প্ৰডাকচন কোম্পানী ফেণ্টম ফিল্মছৰ সৈতে তেওঁ তিনিখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰে।১৫১৬ 'ৰমন ৰাঘৱ' ছবিখন 'কান চলচ্চিত্ৰ মহোৎসৱ ২০১৬'ত পৰিচালকৰ পষেকত প্ৰিমিয়াৰ কৰা হৈছিল, য’ত সমালোচকসকলে তেওঁক শ্ৰেষ্ঠ সহযোগী অভিনয়ৰ বাবে মনোনীত কৰিছিল। ২০১৬ চনৰ আগষ্টৰ আৰম্ভণিতে অক্ষত ভাৰ্মাৰ পৰিচালনাত 'কালাকান্দি' আৰু ৰাজা মেননৰ পৰিচালনাত 'চেফ' নামৰ দুখন ছবিত চুক্তিবদ্ধ হয়, দুয়োখন ছবিতে ছয়ফ আলী খানৰ বিপৰীতে তেওঁ অভিনয় কৰে। ১৭১৮

২০১৮ চনত ধূলিপালাই আদিভি ছেশ অভিনীত প্ৰথম তেলেগু ছবি গুডচাৰীত অভিনয় কৰে।১৯ ইয়াৰ পিছত তেওঁ এমাজন প্ৰাইমৰ ছিৰিজ মেড ইন হেভেনৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।২০ ২০১৯ চনত তেওঁ চোৰাংচোৱা সংস্থাৰ অপাৰেটিভৰ কাহিনীৰ পটভূমিত (২০১৫ চনৰ চোৰাংচোৱাগিৰি উপন্যাসৰ আধাৰত) নিৰ্মিত ভাৰতীয় কাল্পনিক চোৰাংচোৱা ৱেব থ্ৰিলাৰ বাৰ্ড অৱ ব্লাডত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। এই ছিৰিজটো নেটফ্লিক্সযোগে সম্প্ৰচাৰিত হৈছিল।২১ ধূলিপালাই মালায়ালম চিনেমাত অভিষেক ঘটায় ২০১৯ চনত। ছবিখন আছিল গীতু মোহনদাছৰ পৰিচালনাৰে মুথন। । তেওঁৰ সহযোগী আছিল নিভিন পলি।২২২৩ দুলকুৰ ছালমান অভিনীত কুৰূপ ছবিখনতো তেওঁ অভিনয় কৰিছে।২৪

২০২১ চনৰ জানুৱাৰী মাহত ধূলিপালাই ছাশী কিৰণ টিক্কাৰ পৰিচালনাত নিৰ্মিত হিন্দী-তেলেগু জীৱনীমূলক ছবি মেজৰৰ বাবে চিত্ৰগ্ৰহণ আৰম্ভ কৰে, য’ত আদিভি ছেশে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে।২৫

চলচ্চিত্ৰপুঞ্জী

Films

+KeyDenotes films that have not yet been released
YearTitleRole(s)Language(s)NotesRef.
2016Raman Raghav 2.0Smrutika Naiduহিন্দী ভাষা২৬
2017ChefVinnie২৭
2018KaalakaandiTara২৮
GoodachariSameera Rao / Sameera SheikhTelugu২৯
2019MoothonRosyমালয়ালম ভাষা৩০
The BodyMaya VermaHindi৩১
2020Ghost StoriesNehaAnurag Kashyap's Segment৩২
2021KurupSharada Kurup (Sharadamma)Malayalam৩৩
2022VaanathiTamilPost-Production
HindiCompleted৩৪
rowspan="2"PramodaTeluguBilingual Film; Post-Production৩৫
Hindi
EnglishAmerican Film; Post-Production৩৬

Web series

YearTitleRole(s)Language(s)NotesRef.
2019Made in HeavenTara KhannaEnglish & HindiAmazon Prime Video Series৩৭
Bard of BloodIsha KhannaHindiনেটফ্লিক্স Series৩৮
2022TBAHindiFilming৩৯

তথ্যসূত্ৰ

  1. ↑ (6 June 2013). Miss India Diaries: I planted 30 saplings on World Environment Day, says Sobhita! - Beauty Pageants - Indiatimes. Femina Miss India
  2. ↑ IANS. (26 June 2016). Anurag Kashyap is all praises for 'Raman Raghav 2.0' actress Sobhita Dhulipala. www.indiatvnews.com
  3. ↑ (14 February 2019). 'Made in Heaven' trailer: Big fat weddings and secrets in Amazon Prime Original series. Scroll.in before bagging the female lead role in the Malayalam biopic Kurup alongside Dulquer Salmaan
  4. ↑ Chakraborty, Juhi. (17 October 2020). Sobhita Dhulipala: All difficulties lead us to some learning, so what's the point in crying?. Hindustan Times
  5. ↑ Upadhye, Aishwarya. (13 January 2020). I am an artist in service of the story: Sobhita Dhulipala. The Hindu
  6. ↑ (19 July 2016). No matter where I am, I will be a Telugu ammayi, who craves pappu-annam: Sobhita Dhulipala. The Times of India
  7. ↑ Salvadore, Sarah. (26 March 2013). I embody the spirit of Vizag: Sobhita Dhulipala - Beauty Pageants - Indiatimes. Femina Miss India
  8. ↑ Praveen, Priyanka. (30 June 2016). Sobhita Dhulipala's journey: From Vizag to Bollywood. Deccan Chronicle
  9. ↑ Gaikwad, Pramod. (26 June 2016). I want to try everything, says Raman Raghav 2.0 actor Sobhita Dhulipala. The Indian Express
  10. ↑ Upadhye, Aishwarya. (13 January 2020). I am an artist in service of the story: Sobhita Dhulipala. The Hindu
  11. ↑ Gaikwad, Pramod. (26 June 2016). I want to try everything, says Raman Raghav 2.0 actor Sobhita Dhulipala. The Indian Express
  12. ↑ Upadhye, Aishwarya. (13 January 2020). I am an artist in service of the story: Sobhita Dhulipala. The Hindu
  13. ↑ Sobhita Dhulipala. Dhulipala-Kingfsher Calendar
  14. ↑ Ganguly, Nivedita. (13 May 2016). Sobhita's dream debut in 'Raman Raghav 2.0'. The Hindu
  15. ↑ IANS. (3 September 2016). Anurag Kashyap's faith in me valuable: Sobhita Dhulipala. Hindustan Times
  16. ↑ (13 July 2016). Raman Raghav 2.0 actor Sobhita Dhulipala and Phantom Films sign three-film deal. India Today
  17. ↑ Lakshmi, V. (28 January 2017). Sobhita Dhulipala bags her next Bollywood project - Times of India. The Times of India
  18. ↑ Coutinho, Natasha. (19 November 2016). Saif's finally found his close buddy. Mumbai Mirror
  19. ↑ Kavirayani, Suresh. (4 September 2016). Sobhita Dhulipala all set for a T'town debut. Deccan Chronicle
  20. ↑ IANS. (4 April 2019). Made In Heaven's Sobhita Dhulipala aka Tara becomes breakout star of IMDb. India Today
  21. ↑ Keshri, Shweta. (25 September 2019). Sobhita Dhulipala on Bard of Blood: Did not know my name was changed from Isha Khan to Khanna. India Today
  22. ↑ (12 September 2019). TIFF 2019: Anurag Kashyap, Nivin Pauly, Sobhita Dhulipala attend world premiere of Moothon- Entertainment News, Firstpost. Firstpost
  23. ↑ (19 August 2019). Was blown away by 'Moothon' script: Sobhita Dhulipala. The New Indian Express
  24. ↑ (18 September 2019). Sobhita Dhulipala joins Kurup. Deccan Chronicle
  25. ↑ (3 January 2021). Sobhita Dhulipala starts first shoot of 2021. The New Indian Express
  26. ↑ (25 January 2016). Raman Raghav 2.0 debutante Sobhita Dhulipala: I would describe my character as a domesticated wolf. India Today
  27. ↑ (8 October 2017). Meet the new 'chef' in town. Deccan Herald
  28. ↑ (16 December 2017). Sobhita Dhulipala on Kaalakaandi: 'I am able to do films that I would watch and wouldn't mock'. Firstpost
  29. ↑ Chowdhary, Y. Sunita. (1 August 2018). Sobhita Dhulipala: I am a nerd and a recluse. The Hindu
  30. ↑ (19 August 2019). Was blown away by 'Moothon' script: Sobhita Dhulipala. The New Indian Express
  31. ↑ (25 July 2018). Actor Sobhita Dhulipala shares she had fun working with Emraan Hashmi in Jeethu Joseph's upcoming directorial The Body. Hindustan Times
  32. ↑ Upadhye, Aishwarya. (13 January 2020). I am an artist in service of the story: Sobhita Dhulipala. The Hindu
  33. ↑ (25 February 2020). Dulquer Salmaan calls it a wrap for his upcoming film, 'Kurup', shares a heartfelt note - Times of India. The Times of India
  34. ↑ (20 December 2020). Sobhita Dhulipala wraps up Vandana Kataria's film Sitara in Kerala, announces on Twitter. Firstpost
  35. ↑ (3 March 2020). Sobhita Dhulipala lands a role in 'Major' opposite Adivi Sesh. The News Minute
  36. ↑ Keshri, Shweta. (17 March 2021). Sobhita Dhulipala to star in Dev Patel's directorial debut Monkey Man. India Today
  37. ↑ (26 March 2019). Sobhita Dhulipala on success of Made In Heaven: The response has been very overwhelming. India Today
  38. ↑ (25 September 2019). Sobhita Dhulipala on Bard of Blood. India Today
  39. ↑ (14 February 2022). Sobhita Dhulipala joins Aditya Roy Kapur and Anil Kapoor in The Night Manager; to reprise the role of Elizabeth Debicki. Bollywood Hungama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় ৱেব ধাৰাবাহিকৰ অভিনেত্ৰীঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভিতা ধূলিপালা” প্ৰবন্ধৰ সংশোধন ৬৩৫৬০৪ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।