অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সবিতা দেৱী

সবিতা দেৱী (Sabita Devi; ১৯১৪-৬৫) সবিতা দেৱী এগৰাকী নিৰ্বাক চলচ্চিত্ৰ যুগৰ তথা হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। মেহতাব, বিব্বো, দুৰ্গা খোটে, গোহৰ, দেৱিকা ৰাণী আৰু সীতা দেৱীৰ সৈতে তেওঁক ভাৰতীয় চিনেমাৰ "প্ৰাৰম্ভিক যুগ"ৰ অন্যতম "বিশিষ্ট" আগশাৰীৰ মহিলা বুলি কোৱা হয়। জন্মসূত্ৰে তেওঁ এগৰাকী ইহুদী আছিল।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৪ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সবিতা দেৱী (Sabita Devi; ১৯১৪-৬৫) সবিতা দেৱী ১ এগৰাকী নিৰ্বাক চলচ্চিত্ৰ যুগৰ তথা হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। মেহতাব (অভিনেত্ৰী), বিব্বো (অভিনেত্ৰী), দুৰ্গা খোটে, গোহৰ, দেৱিকা ৰাণী আৰু সীতা দেৱীৰ সৈতে তেওঁক ভাৰতীয় চিনেমাৰ "প্ৰাৰম্ভিক যুগ"ৰ অন্যতম "বিশিষ্ট" আগশাৰীৰ মহিলা বুলি কোৱা হয়।২ জন্মসূত্ৰে তেওঁ এগৰাকী ইহুদী আছিল।৩ সেই সময়ৰ আন ইংগ-ভাৰতীয় আৰু ইহুদী অভিনেত্ৰী সুলোচনা (ৰুবি মায়াৰ্ছ), সীতা দেৱী (ৰেনী স্মিথ), মাধুৰী (বেৰিল ক্লেচেন) আৰু মনোৰমাৰ (এৰিন ডেনিয়েলছ) দৰে হিন্দী চিনেমাত গ্ৰহণযোগ্যতা লাভ কৰিবলৈ নিজৰ নাম সবিতা দেৱীলৈ সলনি কৰিছিল।। ৪ ৫ প্ৰথম অৱস্থাত কলকাতাৰ ব্ৰিটিছ ডমিনিয়ন ফিল্মছ লিমিটেডত কাম কৰাৰ পিছত তেওঁ বম্বেলৈ স্থানান্তৰিত হয় আৰু মূলতঃ সাগৰ মুভিটনৰ দ্বাৰা নিৰ্মিত ছবিত অভিনয় কৰে। বেছিভাগ ছবিতে তেওঁৰ নায়ক মতিলাল। মতিলালৰ সৈতে কৰা তেওঁৰ জনপ্ৰিয় ছবি কেইমান হ’ল- সৰ্বোত্তম বাদামী পৰিচালিত ড° মাধুৰিকা (১৯৩৫) আৰু কুলবধু (১৯৩৭)।৬ তেওঁলোকে একেলগে অভিনয় কৰা প্ৰথমখন ছবি- চেহেৰ কা যাদু (১৯৩৪), যিখন মতিলালৰো প্ৰথম ছবি আছিল; ৭ পৰৱৰ্তী ছবি- লগনা বন্ধন'' (১৯৩৬)। দুয়োখন ছবি কালিপ্ৰসাদ ঘোষে পৰিচালনা কৰিছিল। ৮

সবিতাক তেওঁৰ সময়ৰ শীৰ্ষ তিনিগৰাকী অভিনেত্ৰীৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা। ১৯৩৮ চনত তেওঁ সুলোচনা (ৰুবী মায়াৰ্ছ) আৰু গোহৰৰ পিছতে তৃতীয় সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হিচাপে প্ৰতিমাহে ৩০০০ টকা লাভ কৰিছিল। বিশিষ্ট লেখক কে.এম. মুঞ্চি আৰু ৰমনলাল বসন্তলালক তেওঁৰ ছবিৰ কাহিনী লিখিবলৈ নিযুক্তি দিয়া হৈছিল। লগতে ব্যৱস্থা কৰা হৈছিল বিশেষ আখৰা আৰু মুক্তিৰ পূৰ্বে জোৰদাৰ প্ৰচাৰৰ।" ৩ তেওঁ সৰ্বোত্তম বাদানীৰ দৰে এজন পৰিচালকৰ সৈতে কাম কৰিছিল, যিজন আছিল সেই সময়ৰ সামাজিক চলচ্চিত্ৰ নিৰ্মাণ কৰা অন্যতম শীৰ্ষস্থানীয় পৰিচালক। ৯ তেওঁ বাদামী আৰু ৰঞ্জিত ষ্টুডিঅ'ৰ সহযোগত নিজা প্ৰডাকচন কোম্পানী সুদামা পিকচাৰ্ছ গঠন কৰিছিল। ১০ ১৯৩৫–১৯৪৩ চনলৈকে সবিতাই পোন্ধৰখন ছবিত অভিনয় কৰে; আটাইবোৰ বাদামীয়ে পৰিচালনা কৰা। তেওঁ অভিনয় কৰা কমেডী ছবি যেনে আপ কি মৰ্জি (১৯৩৯) আৰু লেডিজ অনলি (১৯৩৯) বক্স অফিচ হিট আছিল। ১১

পৰিয়াল

আৰু সবিতা দেৱী লেডিজ অনলী (১৯৩৯) ছবিত]]

এটা ইহুদী পৰিয়ালত আইৰিছ গেছপাৰৰ জন্ম হৈছিল। চলচ্চিত্ৰত তেওঁ নাম লৈছিল সবিতা দেবী। ১৯৩৮ চনৰ নৱেম্বৰ মাহত বম্বেত তেওঁৰ পিতৃ পাৰ্চি অ’ছবৰ্ণ গেছপাৰৰ মৃত্যু হয়। ১২ তাৰপিছত মাক তেওঁৰ মেনেজাৰ তথা সংগী হৈ থাকে। সবিতাৰ এজন ভায়েক আৰু এজনী ভনীয়েক আছিল। ১৩

কৰ্মজীৱন

১৯৩০ চনত কলিকতাৰ ব্ৰিটিছ ডমিনিয়ন ফিল্মছ লিমিটেডে প্ৰযোজনা কৰা তেওঁৰ প্ৰথমখন ছবি কামনাৰ আগুন এখন নিৰ্বাক ছবি আছিল। ছবিখনৰ পৰিচালক আছিল দীনেশ ৰঞ্জন দাস আৰু অভিনয় কৰিছিল- ধীৰেন্দ্ৰনাথ গাংগুলী, দেবকী বসু, ৰমলা দেৱী আৰু ৰাধাৰানীয়ে। ৮ চিতোৰৰ ৰাণী পদ্মিনীয়ে জৌহৰ ব্ৰত পালন কৰি আত্মত্যাগ কৰা কাহিনীৰ ওপৰত আধাৰিত এখন অৰ্ধ-ঐতিহাসিক চলচ্চিত্ৰ আছিল। ১৪

১৯৩৩ চনত তেওঁ প্ৰিয়নাথ এন. গাংগুলী আৰু তুলসী লাহিৰী পৰিচালিত আৰু ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানী প্ৰযোজিত ধৰ্মমূলক ছবি ৰাধা-কৃষ্ণত অভিনয় কৰে। তেওঁৰ সহ-শিল্পী আছিল ধীৰাজ ভট্টাচাৰ্য, ইন্দুবালা, অমৰ চৌধুৰী আৰু কমলা ঝাৰিয়া। ১৫

চলচ্চিত্ৰপঞ্জী

তালিকা:১১৬১৭

বৰ্ষছবিপৰিচালক
১৯৩০কামনাৰ আগুনধীৰেন্দ্ৰ গাংগুলী
১৯৩১অপৰাধীদেৱিকা বসু
১৯৩১টাকাই কি না হয়ধীৰেন্দ্ৰ গাংগুলী
১৯৩১কণ্ঠহাৰকালিপ্ৰসাদ ঘোষ
১৯৩১মৰণেৰ পৰেএ.কে. ৰয়
১৯৩২ভাগ্যলক্ষ্মীকালিপ্ৰসাদ ঘোষ
১৯৩৩ৰাধা-কৃষ্ণপ্ৰিয়নাথ এন. গাংগুলী, তুলসী লাহিৰি
১৯৩৪ছেহৰ কা যাদুকালিপ্ৰসাদ ঘোষ
১৯৩৪ফৰজান্দে হিন্দএজৰা মিৰ
১৯৩৪গৃহলক্ষ্মীসৰ্বোত্তম বাদামী
১৯৩৪চন্দ্ৰগুপ্তএ.আৰ. কৰদাৰ
১৯৩৫Vengeance Is Mineসৰ্বোত্তম বাদামী
১৯৩৫ডাঃ মাধুৰিকাসৰ্বোত্তম বাদামী
১৯৩৬লগ্ন-বন্ধনকালিপ্ৰসাদ ঘোষ
১৯৩৬জীৱন লতাসৰ্বোত্তম বাদামী
১৯৩৬গ্ৰামকন্যাসৰ্বোত্তম বাদামী
১৯৩৭ককিলাসৰ্বোত্তম বাদামী
১৯৩৭কুলবধুসৰ্বোত্তম বাদামী
১৯৩৮তিন শো দিন কে বাদসৰ্বোত্তম বাদামী
১৯৩৯লেডিজ অনলিসৰ্বোত্তম বাদামী
১৯৩৯আপ কী মৰ্জিসৰ্বোত্তম বাদামী
১৯৪০ছিংগাৰীসৰ্বোত্তম বাদামী
১৯৪০সাজনীসৰ্বোত্তম বাদামী
১৯৪১বম্বাই কি ছেইৰ (Holiday In Bombay)সৰ্বোত্তম বাদামী
১৯৪৩প্ৰাৰ্থনাসৰ্বোত্তম বাদামী
১৯৪৩ফেশ্বনS. F. Hasnain
১৯৪৫আম্ৰপালিনন্দলাল জছৱন্তলাল
১৯৪৭সৰাই কি বহাৰকৃষণ চন্দৰ

তথ্যসূত্ৰ

  1. ↑ Sabita Devi. muvyz.com. Muvyz, Ltd
  2. ↑ Ashok Raj. (1 November 2009). Hero Vol.1. Hay House, Inc. পৃ. 37–. ISBN 978-93-81398-02-9
  3. ↑ Patel, Baburao. (December 1937). India Has No Stars. Filmindia. পৃ. 5
  4. ↑ Hymns Ancient & Modern Ltd. (April 1982). ThirdWay. 4. Hymns Ancient & Modern Ltd. পৃ. 6–
  5. ↑ The Modern Girl around the World Research Group; Alys Eve Weinbaum; Lynn M. Thomas. (3 December 2008). The Modern Girl Around the World: Consumption, Modernity, and Globalization. Duke University Press. পৃ. 162–. ISBN 978-0-8223-8919-4
  6. ↑ Subodh Kapoor. (2002). The Indian Encyclopaedia: Meya-National Congress. Cosmo Publications. পৃ. 4933–. ISBN 978-81-7755-273-7
  7. ↑ Gulazāra; Saibal Chatterjee. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 615–. ISBN 978-81-7991-066-5
  8. ↑ Ashish Rajadhyaksha; Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. পৃ. 1994–. ISBN 978-1-135-94325-7
  9. ↑ Ashish Rajadhyaksha; Paul Willemen. (10 July 2014). Encyclopedia of Indian Cinema. Routledge. পৃ. 267–. ISBN 978-1-135-94318-9
  10. ↑ Patel, Baburao. (March 1939). Editor's Mail. Filmindia. পৃ. 15
  11. ↑ Sanjit Narwekar. (12 December 2012). Eena Meena Deeka: The Story of Hindi Film Comedy. Rupa Publications. পৃ. 66–. ISBN 978-81-291-2625-2
  12. ↑ Patel, Baburao. (December 1938). Notes And News. Filmindia. পৃ. 36
  13. ↑ Patel, Baburao. (January 1939). Editor's Mail. Filmindia. পৃ. 17
  14. ↑ Rachel Dwyer; Senior Lecturer in Indian Studies Rachel Dwyer. (27 September 2006). Filming the Gods: Religion and Indian Cinema. Routledge. পৃ. 114–. ISBN 978-1-134-38070-1
  15. ↑ Sanjit Narwekar. (2005). Eena meena deeka: the story of Hindi film comedy. Rupa & Co. ISBN 9788129108593
  16. ↑ Sabita Devi-Filmography. citwf.com. Alan Goble
  17. ↑ Filmography-Sabita Devi. chiloka.com. Chiloka.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সবিতা দেৱী” প্ৰবন্ধৰ সংশোধন ৪০৭৭৪৪ (২৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।