হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
ছানয়া মালহোত্ৰা
ছানয়া মালহোত্ৰা (Sanya Malhotra, জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। ছানয়াৰ অধিকাংশ ছবিয়েই হিন্দী ভাষাত নিৰ্মিত। ২০১৬ চনত মুক্তি লাভ কৰা জীৱনীমূলক ক্ৰীড়াভিত্তিক ছবি 'দংগল'ৰ জৰিয়তে পৰ্দাত ভুমূকি মৰা ছানয়াই ২০১৮ চনত 'বধাই হো' নামৰ ছবিখনত সফলভাৱে অভিনয় কৰে।
-
ছায়া দেৱী
ছায়া ( Chhaya Devi; ৩ জুন ১৯১৪ – ২৫ এপ্ৰিল ২০০১) বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। পাঁচ দশকৰো অধিক সময়ত তেওঁ দুশৰো অধিক ছবিত অভিনয় কৰিছিল। তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল দেৱকী বসুৰ বাংলা ছবি সোণাৰ সংসাৰত (১৯৩৬)।
-
ডায়েনা হেইডেন
ডায়েনা হেইডেন (Diana Hayden; জন্ম ১ মে' ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন পৰিৱেশিকা, মডেল আৰু ১৯৯৭ চনত অনুষ্ঠিত হোৱা 'বিশ্ব সুন্দৰী' (মিছ ৱৰ্ল্ড)-ৰ বিজয়িনী। 'বিশ্ব সুন্দৰী'ৰ খিতাপ জয় কৰা ডায়েনা হৈছে তৃতীয়গৰাকী ভাৰতীয় নাৰী।
-
নন্দা (অভিনেত্ৰী)
নন্দা কৰ্ণাটকী ( Nanda Karnataki; ৮ জানুৱাৰী ১৯৩৯-২৫ মাৰ্চ ২০১৪) হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী আছিল, যি চলচ্চিত্ৰ জগত নন্দা নামেৰে জনাজাত আছিল।
-
নিগাৰ চুলতানা
নিগাৰ চুলতানা ( Nigar Sultana; ২১ জুন ১৯৩২- ২১ এপ্ৰিল ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ হিন্দী ভাষাৰ ‘আগ’ (১৯৪৮), ‘পতঙ্গ’ (১৯৪৯), ‘শীশ মহল’ (১৯৫০), ‘মীৰ্জা গালিব’ (১৯৫৪), ‘ইহুদী’ (১৯৫৮), ‘দো কলিয়া’ (১৯৬৮) আদি ছবিত অভিনয় কৰি গৈছে।
-
পদ্মিনী (অভিনেত্ৰী)
পদ্মিনী (Padmini; ১২ জুন ১৯৩২-২৪ ছেপ্তেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম শিল্পী আছিল। তেওঁ ২৫০খনতকৈও অধিক ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ফাটিমা ছানা শ্বেইখ
ফাটিমা ছানা শ্বেইখ (Fatima Sana Shaikh; জন্ম: ১১ জানুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফাটিমাক জনা যায়। চলচ্চিত্ৰৰ উপৰি তেখেতে দূৰদৰ্শনৰ পৰ্দাতো অভিনয় কৰিছে। ফাটিমাই 'ছাছী ৪২০' আৰু 'ওৱান টু কা ফ'ৰ' নামৰ হিন্দী ছবি দুখনত শিশু শিল্পী হিচাপে ভূমুকি মাৰিছিল।
-
ভূমিকা চাওলা
ভূমিকা চাওলা ( Bhumika Chawla; জন্ম: ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলেগু চিনেমাৰ কামৰ বাবে পৰিচিত, লগতে কেইখনমান হিন্দী আৰু তামিল ছবি।
-
মণিষা কৈৰালা
মণিষা কৈৰালা (Manisha Koirala; জন্ম: ১৬ আগষ্ট ১৯৭০) ভাৰতীয় চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। তাৰোপৰি তেলেগু, বাংলা, মালয়ালম, নেপালী আৰু ইংৰাজী চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
মলিনা দেৱী
মলিনা দেৱী (Molina Devi; ১৯১৭- ১৩ আগষ্ট ১৯৭৭) থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী বঙালী অভিনেত্ৰী আছিল। অভিনেত্ৰী হিচাপে তেওঁ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল, পিছলৈ সঘনাই মাতৃস্থানীয় চৰিত্ৰত অভিনয় কৰিছিল।
-
মাহী গিল
ৰিম্পি কৌৰ "মাহী" গিল (ਮਾਹੀ ਗਿੱਲ) (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৫), হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত,হিন্দী ছবি দেৱ. ডি ত পাৰোৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ অধিক পৰিচিত।
-
শশীকলা
শশীকলা চাইগল (বিবাহৰ পূৰ্বে: জাৱালকৰ; Shashikala Saigal; ৪ আগষ্ট ১৯৩২-৪ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী আছিল, যাক বেছিকৈ প্ৰথম নামটোৰে জনা যায়।১৯৪০ৰ দশকৰ পৰা শতাধিক বলিউডী চলচ্চিত্ৰত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
সাক্ষী তানৱাৰ
সাক্ষী তানৱাৰ (Sakshi Tanwar, জন্ম: ১২ জানুৱাৰী ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন পৰিৱেশক। 'কাহানী ঘৰ ঘৰ কী', 'বড়ে অচ্চে লগতে হ্যেয়'ৰ দৰে ধাৰাবাহিক আৰু আমিৰ খান অভিনীত হিন্দী চলচ্চিত্ৰ দংগলত কৰা অভিনয়ৰ বাবে সাক্ষী পৰিচিত।
-
সুহাসিনী মুলে
সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।
-
ৰুমা গুহ ঠাকুৰতা
ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।
-
অনন্যা পাণ্ডে
অনন্যা পাণ্ডে ( Ananya Panday; জন্ম: ৩০ অক্টোবৰ ১৯৯৮) এগৰাকী মূলতঃ হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনেতা চাংকি পাণ্ডেৰ কন্যা। ২০১৯ চনত কিশোৰ-কিশোৰীৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২ আৰু কমেডী ছবি পতি পত্নী ঔৰ ৱহৰ যোগে তেওঁৰ অভিনয় জীৱনৰ অভিষেক হয়।
-
অনিতা গুহ
অনিতা গুহ ( Anita Guha; ১৭ জানুৱাৰী ১৯৩৯ – ২০ জুন ২০০৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যিয়ে সাধাৰণতে চিনেমাত পৌৰাণিক চৰিত্ৰত অভিনয় কৰিছিল। জয় সন্তোষী মা (১৯৭৫) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ ছবি দৰ্শকৰ মাজত পৰিচিত হৈছিল।
-
অনীত পাড্ডা
অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
উমাশশী
উমাশশী (Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।
-
উষা কিৰণ
উষা কিৰণ (Usha Kiran; ২২ এপ্ৰিল ১৯২৯-৯ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। চাৰি দশক জোৰা অভিনয় জীৱনত তেওঁ ৩০০খনৰো অধিক হিন্দী, গুজৰাটী আৰু মাৰাঠী ভাষাৰ ছবিত অভিনয় কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য দাগ (১৯৫২),পাতিলা (১৯৫৩),বাদবান (১৯৫৪),বাৱৰ্চী (১৯৭২)চুপকে চুপকে (১৯৭৫), আৰু মিলি (১৯৭৫)।
-
এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম
এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম (Esther Victoria Abraham; ৩০ ডিচেম্বৰ ১৯১৬ – ৬ আগষ্ট ২০০৬)ৰ জনপ্ৰিয় নাম আছিল প্ৰমিলা। এস্থাৰ আছিল এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
-
কৃতি সেনন
কৃতি সেনন (Kriti Sanon; জন্ম: ২৭ জুলাই ১৯৯০) হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। জয়পী ইনষ্টিটিউট অফ ইনফৰ্মেশ্যন টেকনোল’জীৰ পৰা অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চমু সময়ৰ বাবে ফেশ্বন মডেল হিচাপে কাম কৰিছিল।
-
চিল্ক স্মিতা
বিজয়লক্ষ্মী ৱেডলাপেটলা (Vijayalakshmi Vadlapatla, ২ ডিচেম্বৰ ১৯৬০- ২৩ চেপ্তেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা। তেওঁ তেলুগু, মালয়ালম, তামিল, কন্নড় আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ছায়া কদম
ছায়া কদম'(Chhaya Kadam) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মাৰাঠী আৰু হিন্দী ছবিত অভিনয় কৰে। নাগৰাজ মঞ্জুলেৰ ছবি ফাণ্ড্ৰি (২০১৩), ছাইৰাট (২০১৬)কেপ্ৰমুখ্য কৰি ঝুণ্ড (২০২২), ৰেডু (২০১৮), নুড (Nude) (২০১৮) আৰু একাধিক মাৰাঠী ছবিত তেওঁ অভিনয় কৰিছে।নুড ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ…
-
জয়া প্ৰদা
জয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ জয়া প্ৰদা আছিল সত্তৰ, আশী আৰু নবৈৰ দশকত তেলেগু আৰু হিন্দী ভাষাৰ ছবিজগতৰ এগৰাকী প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী৷ তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ বিজয়ী জয়া প্ৰদাই একাধিক তামিল,…
-
দিব্যা দত্ত
দিব্যা দত্ত ( Divya Dutta; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। মূলতঃ হিন্দী আৰু পাঞ্জাবী চিনেমাত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ অ’টিটি (OTT) বঁটাকে ধৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
-
নাদিৰা বব্বৰ
নাদিৰা বব্বৰ ( Nadira Babbar; জন্ম ২০ জানুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ অভিনেত্ৰী আৰু পৰিচালক। ২০০১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা পাইছে। ভাৰতীয় থিয়েটাৰৰ তেওঁ এটা প্ৰতিষ্ঠিত নাম, যি মুম্বাই ভিত্তিক একজুটে নামৰ হিন্দী থিয়েটাৰ দল এটাৰ সৈতে জড়িত।
-
পদ্মা দেৱী
পদ্মা দেৱী ( Padma Devi; ১৯১৭–১৯৮৩) এগৰাকী জনপ্ৰিয় ভাৰতীয় বাংলা, হিন্দী/হিন্দুস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী আছিল।
-
প্লাৱিতা বৰঠাকুৰ
প্লাৱিতা বৰঠাকুৰ এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁৰ জন্ম অসমৰ দুলিয়াজানত হৈছিল।
-
বি. সৰোজা দেৱী
ভাইৰাপ্পা সৰোজা দেৱীৰ (Bhairappa Saroja Devi) জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷ ১৭ বছৰ বয়সত সৰোজা দেৱীয়ে…