নোৰা ফটেহী ( Nora Fatehi) (জন্ম: ৬ ফেব্ৰুৱাৰী ১৯৯২) ভাৰতত বাস কৰা এগৰাকী কানাডিয়ান নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ হিন্দী, তেলেগু আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ফটেহীয়ে হিন্দী ছবি ৰ'ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছৰ যোগেদি ছবি অভিনয়ত আত্মপ্ৰকাশ কৰে।১২
টেম্পাৰ, বাহুবলী:দ্য বিগিনিং আৰু কিক-২ আদি ছবিত আইটেম গীতৰ বাবে তেলেগু ছবিত জনপ্ৰিয়তা লাভ কৰা ফটেহীয়ে মালয়ালম ছবি ডাবল বেৰেল আৰু কয়ামকুলাম কোচুন্নীতো অভিনয় কৰিছে। ২০১৫ চনত ফটেহীয়ে ৰিয়েলিটি টেলিভিছন শ্ব’ বিগ বছ ৯ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১৬ চনত ৰিয়েলিটি টেলিভিছন ডান্স শ্ব’ ঝলক দিখলা জাত অংশগ্ৰহণ কৰে। তেওঁ বলীউডৰ ছবি সত্যমেৱ জয়তেত অভিনয় কৰিছিল য'ত তেওঁক "দিলবৰ" গীতটোৰ পুনৰনিৰ্মিত সংস্কৰণত অভিনয় কৰোৱা হৈছিল৩ আৰু মুক্তিৰ প্ৰথম ২৪ ঘণ্টাত ইউটিউবত ই ২ কোটি দৰ্শন অতিক্ৰম কৰি ভাৰতত এনে সংখ্যা লাভ কৰা প্ৰথম হিন্দী গীত হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰিও তেওঁ মৰক্কোৰ হিপ-হপ গ্ৰুপ Fnaïreৰ সৈতে সহযোগিতা কৰি দিলবৰ শীৰ্ষক গীতৰ আৰবী সংস্কৰণ মুকলি কৰে।৪৫
২০১৯ চনত তাঞ্জানিয়াৰ সংগীতজ্ঞ তথা গীতিকাৰ ৰেভানিৰ সহযোগত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ইংৰাজী গীত পেপেটা মুকলি কৰে। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁ ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ গীত লাইট দ্য স্কাইত শিল্পী ৰেডৱান, মানাল, বালকিছ আৰু ৰেহমা ৰিয়াদৰ সৈতে একেলগে অভিনয় কৰিবলৈ নিৰ্বাচিত হয়।৬ ইয়াৰ পিছত ফাটেহীয়ে হিন্দী ছবি ষ্ট্ৰীট ডান্সাৰ থ্ৰীডি (২০২০) আৰু ভুজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া (২০২১)ৰ সহযোগী চৰিত্ৰত অভিনয় কৰে। ইয়াৰ উপৰিও টেলিভিছন শ্ব’ ডান্স দীৱানা জুনিয়ৰ আৰু ঝলক দিখলা জা-১০ৰ বিচাৰক হিচাপে কাম কৰিছে।
প্ৰাৰম্ভিক জীৱন
কানাডাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ফটেহীৰ পিতৃ-মাতৃ মৰক্কোৰ। তেওঁ টৰণ্টোৰ ৱেষ্টভিউ চেণ্টেনিয়েল ছেকেণ্ডাৰী স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ইয়ৰ্ক বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত অধ্যয়ন কৰে।৭ তেওঁ সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেওঁ নিজকে "মনে-প্ৰাণে ভাৰতীয়" বুলি গণ্য কৰে।৮
কৰ্মজীৱন

হিন্দী ছবি ৰ’ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছত প্ৰথমবাৰৰ বাবে অভিনয় কৰি ফটেহীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ পুৰী জগন্নাধৰ ছবি টেম্পাৰত আইটেম ছং "ইট্টাগে ৰেছিপোধাম"ৰে তেলেগু ছবিৰ কামত যোগদান কৰে।৯ বিক্ৰম ভাটৰ পৰিচালিত আৰু মহেশ ভাটৰ প্ৰযোজনা মিষ্টাৰ এক্স ছবিখনত ইমৰাণ হাছমী আৰু গুৰমীত চৌধুৰীৰ সৈতেও বিশেষ অভিনয় কৰিছিল। ফটেহীয়ে বাহুবলী: দ্য বিগিনিঙৰ আইটেম ছং "মনোহাৰী"১০ আৰু কিক-২ৰ গীত "কুক্কুৰুকুৰু" আদি ছবিৰ আইটেম ছঙত অভিনয় কৰে।১১
২০১৫ চনৰ জুন মাহৰ শেষৰ ফালে তেওঁ শ্বেৰ নামে এখন তেলেগু ছবিত স্বাক্ষৰ কৰে। ২০১৫ চনৰ আগষ্টৰ শেষৰ ফালে তেওঁ আন এখন তেলেগু ছবি লোফাৰত স্বাক্ষৰ কৰে যিখন ছবিৰ পৰিচালক হৈছে পুৰী জগন্নাধে। বৰুণ তেজ নামৰ অভিনেতাৰ বিপৰীতে তেওঁ অভিনয় কৰিছে। ২০১৫ চনৰ নৱেম্বৰৰ শেষৰ ফালে Oopiri নামৰ আন এখন ছবিতো স্বাক্ষৰ কৰে।১২ ২০১৫ চনৰ ডিচেম্বৰ মাহত ফটেহীয়ে বিগ বছ-ছিজন ৯ত ৱাইল্ড কাৰ্ড প্ৰৱেশকাৰী হিচাপে বিগ বছৰ ঘৰত প্ৰৱেশ কৰে।১৩ ২০১৬ চনত ঝলক দিখলা জা নামৰ ৰিয়েলিটি টেলিভিছন শ্ব'তো অংশগ্ৰহণ কৰিছিল।
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ৰেকৰ্ড লেবেল “টি-ছিৰিজ’’ৰ সৈতে একচেটিয়া শিল্পী হিচাপে চুক্তিবদ্ধ হয়, তেওঁলোকৰ আগন্তুক ছবি, মিউজিক ভিডিঅ', ৱেব ছিৰিজ, আৰু ৱেব ছবিত অভিনয় কৰাৰ বাবে। তাৰ পিছত তেওঁ ২০২০ চনৰ ডান্স ছবি ষ্ট্ৰীট ডান্সাৰ থ্ৰীডিত অভিনয় কৰে যিখনত তেওঁৰ সহযোগী চৰিত্ৰত অভিনয় কৰা প্ৰথম ছবি হিচাপে ধৰা হয়।১৪ ২০২১ চনৰ ৬ মাৰ্চত ফটেহীয়ে প্ৰথমগৰাকী আফ্ৰিকান-আৰব মহিলা শিল্পী হিচাপে পৰিচিত হয়, যাৰ "দিলবৰ" শীৰ্ষক গীতটোৰ ইউটিউবত এক বিলিয়ন দৰ্শন অতিক্ৰম কৰে।১৫ ইয়াৰ উপৰিও জেক নাইটৰ সহযোগত "ডাৰ্টি লিটল ছিক্ৰেট" গীতটোৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় একক গীতত আত্মপ্ৰকাশ কৰে যিটো পৰৱৰ্তী সময়ত তেওঁ ২২ সংখ্যক আই-আই-এফ-এ বঁটা অনুষ্ঠানত পৰিবেশন কৰে।১৬১৭১৮
২০২২ চনত ফটেহীয়ে য়োহানীয়ে গোৱা থেংক গড ছবিখনৰ বাবে "মাণিকে" গীতটোত অংশ লৈছিল, যিটো ছবিখন মূল শ্ৰীলংকাৰ গীত "মাণিকে মাংগে হিথে"ৰ ৰিমিক্স আছিল।১৯২০ এন একচন হিৰো ছবিৰ "জেহদা নাছা" গীততো আয়ুষ্মান খুৰানাৰ সৈতে অভিনয় কৰিছিল।২১২২ সেই বছৰতে তেওঁ ২০২২ ফিফা বিশ্বকাপৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।২৩২৪

সংবাদ মাধ্যমত

ফিল্মফেয়াৰৰ বেদাংশী পাঠকে কৈছিল, "এটা গীতৰ পিছত এটাকৈ ফটেহীয়ে প্ৰমাণ কৰিলে যে উদ্যোগটোত এনে কোনো ব্যক্তি নাই যিয়ে ইমান দৃঢ়তাৰে নৃত্য কৰিব পাৰে আৰু নৃত্য কৰাৰ সময়ত আকৰ্ষণীয় দেখাব পাৰে।" ২৫ তেওঁ ডাবৰ আৰু কেকজোনৰ দৰে ব্ৰেণ্ডৰ এণ্ডাৰছাৰ (প্ৰচাৰক)।২৬২৭ ২০২৩ চনত, ফটেহী আইফা বঁটা প্ৰদান অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে প্ৰদৰ্শন কৰা একমাত্ৰ অভিনেত্ৰী হিচাপে পৰিগণিত হয়।২৮ ২০২৩ চনৰ মাৰ্চ মাহত ফটেহীয়ে অক্ষয় কুমাৰ, দিশা পাটানী, মৌনী ৰায়, সোণম বাজৱা, অপাৰশক্তি খুৰানা, ষ্টেবিন বেন আৰু জাৰা এছ. খানৰ দৰে শিল্পীসকলৰ লগত আমেৰিকাৰ বিভিন্ন চহৰত "দ্য এণ্টাৰটেইনাৰ্ছ" ট্যুৰৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিছিল।২৯
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে |
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ(সমূহ) | ভাষা(সমূহ) | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৪ | ৰʼৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছ | চিজে | হিন্দী | ||
| ২০১৫ | ক্ৰেজী কুক্কড় ফেমিলী | এমী | |||
| টেম্পাৰ | নিজেই | তেলেগু | "ইট্টেজ ৰেচ্চিপোডাম" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| মিষ্টাৰ এক্স | নিজেই | হিন্দী | "আলিফ ছে" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| ডাবল বেৰেল | নিজেই | মালয়ালম | বিশেষ উপস্থিতি | ||
| বাহুবলী:দ্য বিগিনিং | নামহীন | তেলেগু / তামিল | "মনোহৰী" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| কিক ২ | নিজেই | তেলেগু | "কিৰুকু কিক" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| শ্বেৰ | নিজেই | "নেপেৰে পিঙ্কি" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| লোফাৰ | নিজেই | "নʼকি ডʼচে" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| ২০১৬ | ৰকি হেণ্ডচম | নিজেই | হিন্দী | "ৰক থা পাৰ্টি" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |
| ওপিৰি / থোঝা | নেমালী | তেলেগু / তামিল | "ডʼৰ নাম্বাৰ" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| ২০১৮ | মাই বাৰ্থডে চং | চেণ্ডী | হিন্দী | ||
| সত্যমেৱ জয়তে | নামহীন | "দিলবৰ" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| স্ত্ৰী | নামহীন | "কমৰীয়া" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ৩০৩১ | ||
| কায়ামকুলম কোচুন্নী | নিজেই | মালয়ালম | "নৃথাগীতিকালেননাম" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| ২০১৯ | ভাৰত | সুজান ভিলায়াতি খান | হিন্দী | ||
| বাটলা হাউছ | হুমা / ভিক্টʼৰিয়া | "অʼ চাকি অʼ চাকি" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| মৰ্জাৱাঁ | নিজেই | "এক তো কম জিন্দেগানি" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| ২০২০ | ষ্ট্ৰীট ডান্সাৰ থ্ৰীডি | মিয়া | ৩২ | ||
| ২০২১ | ভূজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া | হীনা ৰেহমান | |||
| সত্যমেৱ জয়তে ২ | দিলৰুবা | "কুচু কুচু" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ৩৩ | ||
| ২০২২ | থেংক গড | নিজেই | "মাণিকে" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | ||
| এন একচন হিৰো | নিজেই | "জেহদা নাছা" শীৰ্ষক গানটোত বিশেষ উপস্থিতি | |||
| ২০২৪ | ক্ৰেক | আলিয়া | ৩৪ | ||
| মাডগাঁও এক্সপ্ৰেছ | তাছা | ৩৫ | |||
| মাটকা | চফিয়া | তেলেগু | তেলেগু অভিষেক | ৩৬৩৭৩৮ | |
| TBA! scope="row" | কন্নড় | কন্নড় অভিষেক | ৩৯ |
দূৰদৰ্শন
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৫–২০১৬ | বিগ বছ ৯ | প্ৰতিযোগী | ৯ম স্থান | |
| ২০১৬ | ঝলক দিখলা যা ৯ | ১০ম স্থান | ||
| ২০১৮ | এমটিভি ডেটিং ইন দা ডাৰ্ক | উপস্থাপক | ||
| ২০২২ | ডান্স দিৱানে জুনিয়ৰ্ছ ১ | নিজেই | বিচাৰক | ৪০ |
| ঝলক দিখলা যা ১০ | ৪১ | |||
| ২০২৩ | হিপ হপ ইণ্ডিয়া ১ |
ৱেব ধাৰাবাহিক
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০২১ | ষ্টাৰ বনাম ফুড (চিজন ২) | নিজেই | খণ্ড ৫ | ৪২ |
| ২০২২ | মুভিং ইন উইথ মালাইকা | খণ্ড ৭ | ৪৩৪৪৪৫ |
সংগীত ভিডিঅʼ
| বৰ্ষ | শিৰোনাম | কণ্ঠশিল্পী(সকল) | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১৭ | পপ দ্য বটল | বিশাল দাদলানী, শেখৰ ৰবজিয়ানী, আকাচা সিং, বাদশ্বাহ | ৪৬ |
| নাহ | হাৰ্ডী সান্ধু | ৪৭ | |
| বেবী মাৰ্ভাকে মানেগী | ৰাফতাৰ | ৪৮ | |
| ২০১৮ | দিলবৰ আৰবিক ভাৰ্চন | নিজে, ফ্নাফিল | ৫ |
| ২০১৯ | পছতাওগে | অৰিজিৎ সিং | ৪৯ |
| পেপেটা | নিজেই, ৰায়ভানী | ৫০ | |
| ২০২০ | পছতাওগে(ফিমেল ভাৰ্চন) | অসীস কৌৰ | ৫১ |
| নাচ মেৰী ৰাণী | গুৰু ৰন্ধাৱা, নিকিতা গান্ধী | ৫২ | |
| বডী(ডান্স কʼভাৰ) | মেগান থী ষ্টেলিয়ন | ৫৩ | |
| ২০২১ | ছোড় দেংগে | পৰম্পৰা টেণ্ডন | ৫৪ |
| ডান্স মেৰী ৰাণী | গুৰু ৰন্ধাৱা, জাৰা এছ. খান | ৫৫৫৬ | |
| ২০২৩ | আচ্ছা চিলা দিয়া | বি প্ৰাক | ৫৭ |
| ২০২৪ | জালিম | পায়েল দেৱ, বাদশ্বাহ | ৫৮ |
| পায়েল | ইয়ো ইয়ো হানি সিং, পেৰাডক্স | ৫৯ | |
| আয়ে হায়ে | কৰণ ঔজ্লা, নেহা কক্কৰ |
সংগীতপঞ্জী
| বৰ্ষ | শিৰোনাম | সহ-কণ্ঠশিল্পী | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১৮ | দিলবৰ আৰবিক ভাৰ্চন | ফ্নাফিল | ৬০ |
| ২০১৯ | পেপেটা | ৰায়ভানী | ৬১ |
| ২০২২ | ডাৰ্টি লিটল চিক্ৰেট | জেক নাইট | ৬২ |
| লাইট দ্য স্কাই | বাল্কিচ, ৰহমা ৰিয়াদ, মানল | ৬৩ | |
| ২০২৩ | চেক্সি ইন মাই ড্ৰেচ | ৬৪ | |
| আইএম বছী | |||
| ২০২৪ | হু'জ ইউৰ মমী | শ্ৰুষ্টি তাৱাড়ে, সমীৰ উদ্দিন | |
| বডী অন মী | বাদশ্বাহ | ||
| নোৰা | |||
| ইট'জ ট্ৰু | চিকে |
বঁটা
| বৰ্ষ | বঁটা | শিতান | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০২৩ | পিংকভিল্লা ষ্টাইল আইকন বঁটা | ফেশ্বন ট্ৰেলব্লেজাৰ | ৬৫ | |
| বলীউড হাঙ্গামা ষ্টাইল আইকনছ | মʼষ্ট ষ্টাইলিছ গ্লেম ষ্টাৰ | ৬৬ |
তথ্যসূত্ৰ
- ↑ Roar: Tigers Of The Sundarbans – Cast. roarthefilm.com
- ↑ (14 October 2014). Make way for Moroccan model Nora Fatehi as she makes her debut with Roar. India Today
- ↑ Dilbar – YouTube
- ↑ (5 December 2018). Nora Fatehi's Arabic version of Dilbar has set the internet on fire and how! Watch video. Times Now
- ↑ Dilbar Arabic Version
- ↑ (7 October 2022). FIFA World Cup Qatar 2022™ Official Soundtrack release: all-female line-up inspires the globe to Light The Sky. qatar2022.qa
- ↑ (26 December 2022). Who are Nora Fatehi's parents? Know everything about her family. PINKVILLA
- ↑ (9 February 2016). I'm an Indian at heart: Bigg Boss 9 contestant Nora Fatehi. The Indian Express
- ↑ Kumar, Hemanth. (15 January 2017). NTR dances like a dream: Nora Fatehi. The Times of India
- ↑ Nora Fatehi signed for a special song in 'Baahubali'. CNN-IBN
- ↑ Pasupulate, Karthik. (15 January 2017). Nora Fatehi to groove with Ravi Teja in Kick 2. The Times of India
- ↑ Jonnalagedda, Pranita. (16 January 2017). Nora Fatehi's item song will add a desi tadka to the Intouchables remake. The Times of India
- ↑ Tungekar, Samreen. (30 September 2017). Bigg Boss is just entertainment, shouldn't be taken so seriously: Nora Fatehi's secrets. Hindustan Times
- ↑ ষ্ট্ৰীট ডান্সাৰ
- ↑ IANS. (6 March 2021). Nora Fatehi is the first African-Arab female artiste to hit 1 billion mark with 'Dilbar'. Mid Day
- ↑ Nora Fatehi who turned director for 'Dirty Little Secret' opened up about challenges of being behind the camera. Free Press Journal
- ↑ Nora Fatehi's new international single 'Dirty Little Secret' out. The Times of India
- ↑ Dhiman, Nikshey. (9 September 2022). Nora Fatehi Video: Nora's 'Dirty Little Secret' is making records, Have you watched it yet?. DNP INDIA
- ↑ (16 September 2022). Thank God song 'Manike': Ajay Devgn tells Sidharth Malhotra to control his lust for Nora Fatehi; he fails miserably. The Indian Express
- ↑ Not an item song! Sidharth Malhotra defends Thank God's Manike ft Nora Fatehi. India Today
- ↑ Ayushmann Khurrana and Nora's Jheda Nasha to be out soon, disappointed fans react. India Today
- ↑ (16 November 2022). An Action Hero song Jehda Nasha teaser: Ayushmann Khurrana and Nora Fatehi sizzle in dance track. The Indian Express
- ↑ Nora Fatehi Dazzles Fans With Her Performance At FIFA World Cup 2022 Final. NDTV.com
- ↑ FIFA World Cup 2022: Nora Fatehi's sizzling performance burns the stage, watch video. The Economic Times
- ↑ Pathak, Vedanshi. (21 September 2021). Nora Fatehi on her ever growing fandom, films and her envious figure. Filmfare
- ↑ (13 June 2023). Dabur ropes in actor Nora Fatehi as brand ambassador for cooling oil. The Times of India. PTI
- ↑ Bandwagon Online. (26 July 2022). CakeZone announces actress Nora Fatehi as its brand ambassador. The Financial Express
- ↑ (24 May 2023). Nora Fatehi set to make history with her second performance at the IIFA Awards 2023. Bollywood Hungama
- ↑ (5 March 2023). Inside Akshay Kumar-led The Entertainers tour with Mouni Roy, Disha Patani and Sonam Bajwa. Indian Express
- ↑ (9 August 2019). 'Stree' song 'Kamariya': Checkout the quintessential dance number featuring Nora Fatehi in an alluring avatar. The Times of India
- ↑ Chaubey, Pranita. (9 August 2018). Stree New Song Kamariya: Nora Fatehi's Dance Moves Will Leave You Smitten. NDTV.com
- ↑ Street Dancer: Varun Dhawan kicks off second schedule of the film in snowy London. in.com
- ↑ (11 November 2021). Satyameva Jayate 2 song Kusu Kusu: Nora Fatehi is on fire and that's about it. The Indian Express
- ↑ (21 September 2023). Nora Fatehi commences shoot for song in Vidyut Jammwal starrer Crakk: Jeetegaa Toh Jiyegaa. Bollywood Hungama
- ↑ (16 February 2023). It's a wrap for Kunal Kemmu's directorial debut 'Madgaon Express'. The Times of India. ANI
- ↑ (27 July 2023). Matka: Varun Tej Konidela and director Karuna Kumar's period backdrop film takes off with a grand pooja ceremony. The Times of India
- ↑ (28 July 2023). Shooting Of Varun Tej-starrer Matka Begins, Allu Aravind Graces Puja Ceremony. News18
- ↑ www.news18.com/movies/nora-fatehi-to-make-her-te
- ↑ (24 January 2024). Nora Fatehi to make acting debut in Kannada film industry with KD-The Devil. The Telegraph
- ↑ (2 April 2022). Nora Fatehi gushes on the sets of 'Dance Deewane Junior'. Free Press Journal
- ↑ Lalwani, Vicky. (16 July 2022). 'Jhalak Dikhhla Jaa' Season 10 to air from September 2 - Exclusive. The Times of India
- ↑ (6 October 2021). Star vs Food Season 2: Nora Fatehi cooks Moroccan food with Indian spices, Badshah 'blown away'. The Indian Express
- ↑ (15 December 2022). Malaika Arora and Nora Fatehi speak up on being compared to each other. First Post
- ↑ Moving In With Malaika: Malaika Arora Calls Nora Fatehi A "Blow Hot, Blow Cold Person". NDTV.com
- ↑ (13 December 2022). Nora Fatehi opens up to Malaika Arora about the constant 'disrespectful' comparisons between them: 'It takes away from the things I am doing…'. The Indian Express
- ↑ (21 March 2017). Pop The Bottle - Vishal · Shekhar · Badshah · AKASA · Pulkit · Nora · Remo
- ↑ (30 November 2017). Naah – Harrdy Sandhu Feat. Nora Fatehi · Jaani · B Praak · Official Music Video-Latest Hit Song 2017
- ↑ (8 May 2017). Raftaar x Nora Fatehi – Baby Marvake Maanegi – YouTube
- ↑ T-Series. (23 August 2019). Arijit Singh: Pachtaoge Official Video – Vicky Kaushal & Nora Fatehi -Jaani, B Praak – Bhushan Kumar
- ↑ (6 September 2019). 'Pepeta' teaser out: Nora Fatehi ups her ante with this Afro-Latino Single. The Times of India
- ↑ Irani, Shaheen. (14 August 2020). 'Pachtaoge' female version unveiled: 'Mother Mary' Nora Fatehi has no story to talk about this time. DNA
- ↑ (20 October 2020). Guru Randhawa ft. Nora Fatehi's flirtatious peppy number 'Naach Meri Rani' is out. The Times of India
- ↑ (29 December 2020). Nora Fatehi creates a storm with Meghan Thee Stallion's 'Body Ody' dance challenge in her latest video. Bollywood Hungama
- ↑ Maru, Vibha. (30 January 2021). Nora Fatehi's new single Chhod Denge is about heartbreak and revenge. See first look. India Today
- ↑ (21 December 2021). Dance Meri Rani Song Out: Nora Fatehi's Sensual Grooves And Guru Randhawa's Vocals Are A Perfect Blend For The Upbeat Track. ZEE5
- ↑ Roy Chowdhury, Rishita. (17 December 2021). Nora Fatehi carried around on stretcher due to mermaid costume on Dance Meri Rani sets. Video. India Today
- ↑ (19 January 2023). Achha Sila Diya music video: Rajkummar Rao and Nora Fatehi face off in a song about love and betrayal. Hindustan Times
- ↑ Sunderesan, Satish. (24 February 2024). Nora Fatehi joins hands with Badshah for Zaalim; netizens term it as a banger to the beat!. OTTPlay
- ↑ (17 November 2024). Global Sensation Nora Fatehi To Feature In Yo Yo Honey Singh's Music Video 'Payal' – Teaser Out Now. Zee News
- ↑ Nora Fatehi looks ravishing as she moves to the tunes of Arabic version of 'Dilbar'. DNA India
- ↑ (10 September 2019). Nora Fatehi-RayVanny song Pepeta: A bland imitation. The Indian Express
- ↑ "So Stunning": Nora Fatehi Gets A Shoutout From Victoria Beckham. NDTV.com
- ↑ (8 October 2022). Nora Fatehi flaunts her dance moves in FIFA World Cup 2022 anthem Light The Sky. Watch. India Today
- ↑ (23 June 2023). EXCLUSIVE: Nora Fatehi turns producer with international music video as solo singer in song 'Sexy in my dress'. PINKVILLA
- ↑ (8 April 2023). Pinkvilla Style Icons 2: Nora Fatehi wins Ajio presents Fashion Trailblazer. PINKVILLA
- ↑ Check out the complete list of winners of the Bollywood Hungama Style Icon Awards. Bollywood Hungama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোৰা ফটেহী” প্ৰবন্ধৰ সংশোধন ৫৭৯১৮১ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।