অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাণী কাপুৰ

বাণী কাপুৰ(Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৫০৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বাণী কাপুৰ(Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী।

ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে ফিল্মফেয়াৰ বঁটা’ লাভ কৰে।

তামিল ছবি আহা কল্যাণম (২০১৪) আৰু বেফিক্ৰে (২০১৬)ত অভিনয় কৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত বাণী কাপুৰে তিনি বছৰৰ বিৰতি লয়। ইয়াৰ পিছত তেওঁ ‘ৱাৰ’ (২০১৯)ৰ দৰে একচন ছবি কিছুমানত প্ৰেমিকাৰ চুটি চৰিত্ৰত অভিনয় কৰিছে। পিছলৈ তেওঁ ৰোমাণ্টিকধৰ্মী কমেডী ‘চণ্ডীগড় কৰে আশিকী’ (২০২১)ত অভিনয় কৰি প্ৰশংসা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বাণী কাপুৰৰ জন্ম হৈছিল ভাৰতৰ দিল্লীৰ এটা পাঞ্জাবী পৰিয়ালত।১ কাপুৰৰ পিতৃ শিৱ কাপুৰ এগৰাকী আচবাব ৰপ্তানি উদ্যোগী আৰু মাতৃ ডিম্পী কাপুৰ এগৰাকী বিপণন কাৰ্যবাহী। পূৰ্বতে মাতৃ এগৰাকী শিক্ষক আছিল। দিল্লীৰ অশোক বিহাৰৰ মাতা জয় কৌৰ পাব্লিক স্কুলৰ পৰাই বাণীয়ে স্কুলীয়া শিক্ষা লাভ কৰিছিল। পিছলৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি পৰ্যটন অধ্যয়নত তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তাৰ পিছত জয়পুৰৰ ওবেৰয় হোটেল এণ্ড ৰিজৰ্টত ইণ্টাৰ্ণশ্বিপ

কেৰিয়াৰ

বাণী কাপুৰে তেওঁৰ সহ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাৰ সৈতে ২০১৩ চনত তেওঁলোকৰ ছবি ''শুদ্ধ দেশী ৰোমাঞ্চ''ৰ প্ৰচাৰ চলাইছিল
বাণী কাপুৰে তেওঁৰ সহ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাৰ সৈতে ২০১৩ চনত তেওঁলোকৰ ছবি শুদ্ধ দেশী ৰোমাঞ্চৰ প্ৰচাৰ চলাইছিলছবি: Bollywood Hungama · CC BY 3.0

বাণী কাপুৰে যশ ৰাজ ফিল্মছৰ সৈতে তিনিখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰি হিন্দী চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।২সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাৰ সৈতে ৰোমাণ্টিক কমেডী শুদ্ধ দেশী ৰোমাঞ্চত সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ অডিচনৰ জৰিয়তে নিৰ্বাচিত হৈছিল। ছবিখনত লিভ-ইন ৰিলেচনশ্বিপৰ বিষয়টো আলোচনা কৰা হৈছিল। ই সমালোচকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল আৰু কাপুৰে এগৰাকী স্পষ্টবাদী ছোৱালী তাৰাৰ চৰিত্ৰত কৰা অভিনয়ক প্ৰশংসা কৰা হৈছিল। কইম'ইৰ মোহৰ বসুৱে লিখিছে যে কাপুৰ "এগৰাকী সুখদায়ক অভিষেককাৰী যদিও তেওঁ এগৰাকী প্ৰকাশ্যভাৱে শক্তিশালী অভিনেত্ৰী নহয়"৩ আনহাতে দ্য টাইমছ অৱ ইণ্ডিয়াৰ মাধুৰিতা মুখাৰ্জীয়ে তেওঁক "আকৰ্ষণীয়, ধুনীয়া আৰু ভাল পৰ্দা-উপস্থিতিৰ ইংগিতবহনকাৰী " বুলি ভাবিছিল।৪ শুদ্ধ দেশী ৰোমাঞ্চে বিশ্বজুৰি বক্স অফিচত ৭৬ কোটি টকা (৯.৮ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰে আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে।৩ ৫৯ সংখ্যক ফিল্মফেয়াৰ বঁটাত কাপুৰক শ্ৰেষ্ঠ মহিলা অভিষেক বঁটাৰে সন্মানিত কৰা হয়।৫

কাপুৰৰ পৰৱৰ্তী মুক্তি আছিল ২০১০ চনৰ হিন্দী ছবি বেণ্ড বাজা বাৰাতৰ অফিচিয়েল ৰিমেক তামিল ভাষাৰ ৰোমাণ্টিক কমেডী 'আহা কল্যাণম'। নানীৰ বিপৰীতে অভিনয় কৰা তেখেতে ছবিখনৰ বাবে তামিল ভাষা শিকিছিল।৬ মুক্তিৰ লগে লগে ছবিখনক সমালোচকে সমালোচনা কৰিছিল আৰু তেওঁৰ অভিনয় অসমাদৃত হৈছিল।৭ ২০১৬ চনত কাপুৰে পেৰিছত নিৰ্মিত আদিত্য চোপ্ৰাৰ ৰোমাণ্টিক কমেডী বেফিক্ৰেত ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰে।৮ তেওঁ ভাৰতীয় বংশৰ ফৰাচী পৰ্যটক গাইড শ্বাইৰা গিলৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ সিঙৰ চৰিত্ৰৰ সৈতে ৰোমাণ্টিক যোগাযোগৰ ফলত তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হয়।৯ ছবিখনে সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত বিফল বুলি গণ্য কৰা হৈছিল।১০

২০২১ চনত বাণী কাপুৰ
২০২১ চনত বাণী কাপুৰছবি: Bollywood Hungama · CC BY 3.0

ছবিৰ পৰা তিনি বছৰৰ বিৰতিৰ পিছত ঋত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফৰ সৈতে একচন থ্ৰিলাৰ ৱাৰত বাণীয়ে পুনৰ অভিনয় কৰে। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত ছবিখনৰ আৰু প্ৰযোজক আছিল যশ ৰাজ ফিল্মছ।১১ ৱাৰে ভাৰতৰ ছবিগৃহত প্ৰথম দিনৰ আয়ৰ দিশত সংগ্ৰহৰ অভিলেখ গঢ়িছিল আৰু ঘৰুৱাভাৱে ৫৩.৩৫ কোটিতকৈ অধিক লাভ কৰিছিল১২ আৰু ২০১৯ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছিল। বিশ্বব্যাপী ৪৭৫ কোটিতকৈ অধিক আৰু ঘৰুৱাভাৱে ৩১৮ কোটি উপাৰ্জন কৰিছিল। ছবিখনে ভাৰতত এইদৰে ৩০০ কোটি ক্লাবত প্ৰৱেশ কৰে।১৩ এইখন বাণীৰ এতিয়ালৈকে সৰ্বাধিক সফল ছবি।১৪

ইয়াৰ পিছত কাপুৰে ২০২১ চনত অক্ষয় কুমাৰৰ সৈতে একচন থ্ৰিলাৰ বেল বটমত অভিনয় কৰে।১৫ ৱাৰৰ দৰেই তেওঁ পুৰুষ নায়কৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৬একে বছৰতে আয়ুষ্মান খুৰানাৰ বিপৰীতে কাপুৰে ৰোমাণ্টিক ড্ৰামা চণ্ডীগড় কৰে আশিকীত অভিনয় কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল।১৭

ইয়াৰ পিছত কাপুৰে ৰণবীৰ কাপুৰে অভিনয় কৰা এখন পিৰিয়ড ড্ৰামা শ্বামছেৰা (২০২২)ত অভিনয় কৰে।১৮১৯

তথ্যসূত্ৰ

  1. ↑ Lakhi, Navleen. (October 19, 2013). Personal Agenda: Vaani Kapoor. হিন্দুস্তান টাইমছ
  2. ↑ (18 September 2013). 'Shuddh Desi Romance' more challenging than fun: Vaani Kapoor. Mid Day
  3. ↑ Basu, Mohar. (6 September 2013). Shuddh Desi Romance Review. Koimoi
  4. ↑ Mukherjee, Madhureeta. (6 September 2013). Shuddh Desi Romance: Movie Review. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ 59th Idea Filmfare Awards Winners. Filmfare
  6. ↑ I understand Tamil well: Vaani Kapoor. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (22 February 2014). Aaha Kalyanam: Conjugal fights. The Hindu
  8. ↑ (10 October 2016). It's surreal:Ranveer Singh on Befikre trailer launch at Eiffel Tower
  9. ↑ Sarkar, Prarthna. (9 December 2016). Befikre review round-up: Critics have given their verdict on Ranveer Singh and Vaani Kapoor's film. International Business Times
  10. ↑ Vaani Kapoor feels 'Befikre' debacle was because of her. mid-day
  11. ↑ Ians. (15 July 2019). 'War' teaser promises an exhilarating Hrithik vs Tiger spectacle. The Hindu
  12. ↑ Bollywood Top Grossers Worldwide Bollywood Hungama. বলিউড হাংগামা
  13. ↑ (24 October 2019). War box office: Hrithik Roshan, Tiger Shroff film is 2019’s highest grossing Indian film worldwide, here are all records it has broken. Hindustan Times
  14. ↑ Upadhyay, Karishma. (4 October 2019). Vaani Kapoor on War, handling the failure of Befikre and having Aditya Chopra as mentor. The Telegraph (India)
  15. ↑ (11 July 2020). 'Have always looked forward to working with him': Vaani Kapoor on starring opposite Akshay Kumar in 'Bell Bottom'. DNA India
  16. ↑ (24 August 2021). Vaani Kapoor on doing small role in Akshay Kumar’s BellBottom: ‘Best roles go to bigger, credible actresses’. The Indian Express
  17. ↑ Chatterjee, Saibal. (10 December 2021). Chandigarh Kare Aashiqui Review: Ayushmann Khurrana Has A Great Time, Vaani Kapoor Is A Revelation. NDTV
  18. ↑ (11 February 2021). Ranbir Kapoor, Vaani Kapoor, and Sanjay Dutt announce the release date of Shamshera with a power-packed video. Bollywood Hungama
  19. ↑ (23 April 2020). Is Vaani Kapoor feeling lonely these days?. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীদিল্লীৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীজী চিনে বঁটা বিজয়ীআন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণী কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬৪০০৩৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।