শৰ্ৱৰী ৱাঘ (Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭)১ শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তাৰ পিছত তেওঁ কবীৰ খানৰ দ্বাৰা পৰিচালিত যুদ্ধধৰ্মী ধাৰাবাহিক দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়ে (২০২০)ৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
য়শ ৰাজ ফিল্মছৰ হাস্যৰসাত্মক ছবি বাণ্টী ঔৰ বাবলী ২ (২০২১)ত অভিনয়েৰে তেওঁ বলিউডত খোজ দিয়ে আৰু উক্ত ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।২ ব্যৱসায়িকভাৱে সফল কমেডী হৰৰ ছবি মুঞ্জ্যা (২০২৪)ৰ জৰিয়তে তেওঁ বিৰাট সাফল্য অৰ্জন কৰে।৩
প্ৰাৰম্ভিক জীৱন
তেওঁ ১৯৯৭ চনত এটি মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ শৈলেশ ৱাঘ, এগৰাকী বিল্ডাৰ আৰু মাতৃ নম্ৰতা ৱাঘ, এগৰাকী স্থপতিবিদ। মুম্বাইৰ দ্য দাদাৰ পাৰ্চী ইউথছ এছেম্বলি হাইস্কুল আৰু ৰূপাৰেল কলেজত তেওঁ অধ্যয়ন কৰিছিল।২ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আছিল তেওঁৰ ককাক।৪
কৰ্মজীৱন
শৰ্ৱৰীয়ে প্যাৰ কা পঞ্চনামা ২, বাজীৰাও মস্তানী আৰু চনু কে টিটু কি ছুইটি শীৰ্ষক ছবিকেইখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।৪ তেওঁ কৈছিল যে তেওঁ ২০১৪ চনৰ পৰা চলচ্চিত্ৰত এটা মুখ্য চৰিত্ৰৰ বাবে অডিচন দি আছিল।৫ ২০২০ চনৰ আমাজন প্ৰাইমৰ ধাৰাবাহিক দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়েত ছানী কৌশলৰ বিপৰীতে অভিনয় কৰি তেওঁ ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।৬
তেওঁ ২০২১ চনত ৰাণী মুখাৰ্জী, ছৈফ আলী খান আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে য়শ ৰাজ ফিল্মছৰ হাস্যৰসাত্মক ছবি বাণ্টী ঔৰ বাবলী ২ (২০২১)ত অভিনয়েৰে বলিউডত অভিষেক ঘটায়।৭ ছবিখনত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু বৰ্ষশ্ৰেষ্ঠ নৱাগত তাৰকা অভিনেত্ৰীৰ আইফা বঁটা লাভ কৰে। হিন্দুস্তান টাইমছে উল্লেখ কৰে যে, "শৰ্ৱৰী তেওঁৰ প্ৰথমখন ছবিৰ বাবে যথেষ্ট আত্মবিশ্বাসী আৰু পৰ্দাত তেওঁৰ উপস্থিতি অতি উত্তম।"৮ যদিও বক্স অফিচত ছবিখনৰ প্ৰদৰ্শন ভাল নহ’ল।৯
তেওঁৰ পৰৱৰ্তী ছবিখন আছিল ২০২৪ চনত মুক্তিপ্ৰাপ্ত কমেডী হৰৰ ছবি মুঞ্জ্যা। মহাৰাষ্ট্ৰীয় লোককথা মুঞ্জ্যাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিৰ্মিত ছবিখন মেডক ছুপাৰনেচাৰেল ইউনিভাৰ্ছৰ চতুৰ্থ কিস্তি আছিল।১০ ৰেডিফৰ সুকন্যা বাৰ্মাই মতামত দিছিল, "শৰ্ৱৰীয়ে এগৰাকী দৃঢ়মনা তথা হাঁহিমুখীয়া অভিনেত্ৰী হোৱাৰ পৰিচয় দাঙি ধৰিলে"।১১ বাণিজ্যিকভাৱে ছবিখনে শ্লিপাৰ হিট হয় আৰু তেওঁৰ চৰিত্ৰটি ব্ৰেকআউট ৰ’ল বুলি প্ৰমাণিত হয়।৩১২ ইয়াৰ পিছত নেটফ্লিক্সত মুক্তি পোৱা ঐতিহাসিক কথাছবি মহাৰাজত নৱাগত অভিনেতা জুনেইদ খানৰ বিপৰীতে তেওঁ অভিনয় কৰিছিল।১৩ বছৰৰ তৃতীয়খন ছবি আছিল জন আব্ৰাহামৰ বিপৰীতে অভিনীত একচন ছবি বেদা য'ত তেওঁ এগৰাকী দলিত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৪ ছবিখনে মিশ্ৰিত পৰ্যালোচনা লাভ কৰে। স্ক্ৰল.ইনৰ নন্দিনী ৰামনাথে উল্লেখ কৰে যে শৰ্ৱৰীয়ে কিমান ভালদৰে "নায়িকা চৰিত্ৰৰ যুঁজাৰু মনোভাৱক নেতৃত্ব দিয়ে"।১৫
ইয়াৰ পিছত শৰ্ৱৰীয়ে আলিয়া ভাটৰ নেতৃত্বত নিৰ্মিত, ৱাইআৰএফ স্পাই ইউনিভাৰ্ছৰ আগন্তুক ছবি, আলফাত অভিনয় কৰিব।১৬
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্য. |
|---|---|---|---|---|
| ২০১৫ | প্যাৰ কা পঞ্চনামা ২ | সহকাৰী পৰিচালক | ৪ | |
| বাজীৰাও মস্তানী | সহকাৰী পৰিচালক | ৪ | ||
| ২০১৮ | চনু কে টিটু কি ছুইটি | সহকাৰী পৰিচালক | ৪ | |
| ২০২১ | বাণ্টী ঔৰ বাবলী ২ | ছ’নিয়া/বাবলী | ৭ | |
| ২০২৪ | মুঞ্জ্যা | বেলা | ১৭ | |
| মহাৰাজ | বিৰাজ | বিশেষ উপস্থিতি | ১৮ | |
| বেদা | বেদা | ১৪ | ||
| আলফা | চিত্ৰগ্ৰহণ | ১৯ |
দূৰদৰ্শন
| বৰ্ষ | শিৰোনাম | ভূমিকা | তথ্য. |
|---|---|---|---|
| ২০২০ | দ্য ফৰ্গটেন আৰ্মি - আজাদি কে লিয়ে | মায়া শ্ৰীনিৱাসন | ২০ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | শিতান | কৰ্ম | ফলাফল | তথ্য. |
|---|---|---|---|---|---|
| ২০২২ | ২২তম আইফা বঁটা | বৰ্ষশ্ৰেষ্ঠ নৱাগত তাৰকা – অভিনেত্ৰী | বাণ্টী ঔৰ বাবলী ২ | ২১২২ | |
| ৬৭তম ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী | ২৩২৪ | |||
| পিংকভিলা স্ক্ৰীণ আৰু ষ্টাইল আইকন বঁটা | ষ্টাইলিছ উদীয়মান প্ৰতিভা - অভিনেত্ৰী | ২৫ |
তথ্যসূত্ৰ
- ↑ Bunty Aur Babli 2 star Sharvari Wagh celebrates 25th birthday with an intimate house party. বলিউড হাংগামা
- ↑ Meet 'Bunty Aur Babli 2' debutante Sharvari Wagh. DNA India
- ↑ Abraham, Hannah. (3 July 2024). ‘Munjya’ Star Sharvari On Finding Success In Bollywood With A Supernatural Horror-Comedy & Her Desire To Work With Greta Gerwig. Deadline Hollywood
- ↑ Singh, Mohnish. (13 January 2020). Why is Bollywood excited about Sharvari Wagh?. Rediff
- ↑ (28 February 2020). Bunty Aur Babli 2 actor Sharvari Wagh on being rejected for 6 years before getting a project. Hindustan Times
- ↑ (7 January 2020). The Forgotten Army: Azaadi Ke Liye trailer sees Sunny Kaushal, Sharvari lead INA, wage war against British rule. Firstpost
- ↑ (19 November 2021). Bunty Aur Babli 2 movie review and release highlights. The Indian Express
- ↑ (November 19, 2021). Bunty Aur Babli 2 movie review: Rani Mukerji is the saving grace in this snooze-fest, don't watch even if paid for it. Hindustan Times
- ↑ Can Ranbir Kapoor do for Yash Raj with Shamshera what Aamir Khan, Ranveer Singh and Akshay Kumar could not?. Mint
- ↑ (2024-06-02). Sharvari opens up about mouthwatering Konkan cuisine experience on 'Munjya' set. The Times of India
- ↑ Munjya Review: Watch Out For Abhay Verma!. Rediff
- ↑ (10 June 2024). Munjya Emerges As Surprise Hit!. Rediff.com
- ↑ (9 June 2021). Junaid Khan resumes shooting for Maharaja; film also stars Shalini Pandey and Sharvari Wagh. News18
- ↑ John Abraham and Sharvari Wagh commence shooting for Nikkhil Advani's next titled Vedaa. Bollywood Hungama
- ↑ Ramnath, Nandini. (15 August 2024). ‘Vedaa’ review: Caste in the same mould. Scroll.in
- ↑ Ramachandran, Naman; Frater, Patrick. (4 July 2024). Alia Bhatt, Sharvari-Led Yash Raj Spy Universe Film Reveals Title. Variety
- ↑ (21 May 2024). Maddock Films' unveils 'Munjya' movie to release on June 7. The Week
- ↑ Kanabar, Ankita. (14 June 2024). High Court gives stay order to Aamir Khan's son Junaid Khan's debut film 'Maharaj' till June 18. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Arya, Prachi. (5 July 2024). Alia Bhatt, Sharvari Wagh's YRF spy-thriller titled 'Alpha', shooting begins. India Today
- ↑ Sharvari on being praised for The Forgotten Army: I feel over the moon. India Today
- ↑ IIFA Awards 2022:a list of all the winners. IIFA
- ↑ IIFA Awards 2022 complete list of winners: Vicky Kaushal, Kriti Sanon win top acting honours. DNA India
- ↑ Winners of the Filmfare Awards 2022. Filmfare
- ↑ (31 August 2022). Filmfare Awards 2022 full list of winners. Hindustan Times
- ↑ Pinkvilla Style Awards Nominations: Sharvari To Rashmika, Nominees For Super Stylish Emerging Talent Female. HiIndia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্ৱৰী” প্ৰবন্ধৰ সংশোধন ৪৪৬১২৭ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।