অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰুষী শৰ্মা

আৰুষী শৰ্মা (Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাচা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

আৰুষী শৰ্মা (Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে।১ তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাচা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে। ২০২০ চনত, আলীৰ লাভ আজ কাল নামৰ ছবিখনত অভিনয়েৰে অভিনেত্ৰীৰূপে সকলোৰে নজৰলৈ আহে। ইয়াৰ পিছত, শৰ্মাই নেটফ্লিক্সৰ নাট্য চলচ্চিত্ৰ জাদুগৰ (২০২২) আৰু ধাৰাবাহিক কালা পানী (২০২৩)ত অভিনয় কৰে।২৩

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনৰ ১৮ নৱেম্বৰ তাৰিখে, হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত শৰ্মাই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ, দুয়োগৰাকী উকীল। তেওঁ হিমাচল প্ৰদেশৰ জেপী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ৰপৰা তথ্য প্ৰযুক্তি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়াৰ আগতে, তেওঁ গুৰুগ্ৰাম চহৰত কাম কৰি আছিল।৪৫

কৰ্মজীৱন

২০১৫ চনত, ইমতিয়াজ আলী পৰিচালিত তামাচা নামৰ ছবিত অভিনয়েৰে শৰ্মাই অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ছবিখনত তেওঁ ৰণবীৰ কাপুৰৰ শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে "চলি কাহিনী" গীতটোত সমযুক্তা নামৰ চৰিত্ৰটোতো অভিনয় কৰিছিল।৬৭৮

ইয়াৰ পিছত, তেওঁ ২০১৭ চনত, ধ্ৰুৱ চেহগালৰ বিপৰীতে কেটৰ্চ: ডিমিনিছিং ৰিটাৰ্ণছ আৰু ২০১৮ চনত, পাৱেল গুলাটিৰ বিপৰীতে দ্য আদাৰ ৱে নামৰ দুখন চুটি ছবিত অভিনয় কৰে।৯ আলীৰ লাভ আজ কাল নামৰ ছবিখনত শৰ্মাই অভিনেতা কাৰ্তিক আৰিয়ানৰ বিপৰীতে অভিনয় কৰিছিল।১০ হিন্দুস্তান টাইমছে উল্লেখ কৰে, "আৰুষীৰ চৰিত্ৰটি সূক্ষ্ম, সহজ আৰু তেওঁৰ অভিব্যক্তি আৰু চেহেৰাই তেওঁৰ সংলাপসমূহতকৈ অধিক প্ৰভাবিত কৰে।" ১১ টাইমছ অৱ ইণ্ডিয়াই উল্লেখ কৰে যে শৰ্মাই যথেষ্ট ফলপ্ৰসূ অভিনয় কৰিছে।১২

২০২২ চনত শৰ্মাই নেটফ্লিক্সৰ জাদুগৰ নামৰ ছবিখনত জীতেন্দ্ৰ কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনত তেওঁ দিশা ছাব্ৰা নামৰ এগৰাকী ডাক্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল,১৩ যিয়ে যাদুকৰ এজনক লগ পায়, যিজন এজন ফুটবলাৰো। ৰেডিফ.কমে উল্লেখ কৰে, “শৰ্মাই প্ৰৱাহৰ সৈতেই যায় আৰু নম্ৰতাৰে বলীউডৰ আন এক সুন্দৰ প্ৰদৰ্শনেৰে মীনুৰ অস্বাস্থ্যকৰ প্ৰবৃত্তিক শক্তিশালী কৰি তোলে।”১৪ ইণ্ডিয়া টুডেই তেওঁৰ অভিনয়ক গড় প্ৰদৰ্শন বুলি উল্লেখ কৰে।১৫ শৰ্মাই নেটফ্লিক্সৰ ধাৰাবাহিক কালা পানী (২০২৩)তো অভিনয় কৰিছিল।১৬

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০১৫তামাচাসমযুক্তা১৭
২০১৮দ্য আদাৰ ৱেহোটেলৰ কৰ্মচাৰীচুটি ছবি৯
২০২০লাভ আজ কাললীনা গুপ্তা১৮
২০২২জাদুগৰডা° দিশা ছাব্ৰা১৯

দূৰদৰ্শন

বৰ্ষশিৰোনামভূমিকাটোকাতথ্যসূত্ৰ
২০২৩কালা পানীজ্যোৎস্না দে২০

তথ্যসূত্ৰ

  1. ↑ Year Ender 2020: From Sanjana Sanghi to Arushi Sharma, 5 Bollywood debutants who shone this year. India TV News
  2. ↑ 'Love Aaj Kal' fame Arushi Sharma on her new film 'Jaadugar': The film taught me teamwork. Mid Day
  3. ↑ Exclusive - Ayushi Sharma: Being Observant Helped Me Learn The Tricks Of Trade. Outlook India
  4. ↑ From Education to First Film: THESE facts about Arushi Sharma will make you root for the newcomer. Pinkvilla
  5. ↑ Exclusive - Here are 5 interesting facts about Arushi Sharma from Love Aaj Kal. Filmfare
  6. ↑ Tamasha Album Details. A.R. Rahman – The Official Website
  7. ↑ (22 November 2015). 'Tamasha' not autobiographical, says Imtiaz Ali. The Indian Express. Indo-Asian News Service
  8. ↑ Tamasha (2015) · Box Office Earnings – Bollywood Hungama. বলিউড হাংগামা
  9. ↑ The Other Way review: This short film by Imtiaz Ali is the tale of our deepest fears. Indian Express
  10. ↑ Kartik Aaryan and Arushi Sharma are adorable goofballs in this behind-the-scenes boomerang from Love Aaj Kal. Bollywood Hungama
  11. ↑ Love Aaj Kal movie review: Sara Ali Khan, Kartik Aaryan's Valentine's Day offering is love's labour's lost. Hindustan Times
  12. ↑ Love Aaj Kal Movie Review: Emotionally charged saga of love Times of India, Ronak Kotecha, 14 February 2020
  13. ↑ Exclusive - Arushi Sharma chuffed about her OTT debut with 'Jaadugar'. Times of India
  14. ↑ Jaadugar Review: Jaadugar is too flimsy. Rediff
  15. ↑ Netflix's Jaadugar Movie Review: Jitendra Kumar's overstretched film fails to spread magic. India Today
  16. ↑ (2021-01-05). Arushi Sharma: 'Kaalapani' Is Going To Redefine The Way Women Are Perceived. Outlook India
  17. ↑ Actress Arushi Sharma: Had tasted blood after that cameo in Tamasha. Mid Day
  18. ↑ Love Aaj Kal: Kartik Aaryan and Arushi Sharma express their happiness for being loved by the fans; WATCH. Pinkvilla
  19. ↑ (2021-01-05). Jitendra Kumar and Arushi Sharma to star in a sports-based Netflix original film: Bollywood News. Bollywood Hungama
  20. ↑ (2021-01-05). Arushi Sharma win hearts with her heart-warming performance in 'Jaadugar,' begins working on her next series 'Kaala Paani'. Times of India

সম্পৰ্কিত শ্ৰেণী

হিমাচল প্ৰদেশৰ ব্যক্তিভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰুষী শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭২৫৯৮ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।