অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৌচুমী চেটাৰ্জী

মৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে।

হালনাগাদ: ২০ মাৰ্চ ২০২১ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষা ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে। ১৯৭০ৰ দশকত তেওঁ হিন্দী ছবিৰ ষষ্ঠ সৰ্বোচ্চ পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিল। অভিনয়ৰ স্বীকৃতি স্বৰূপে ফিল্মফেয়াৰকে আদি কৰি বহুতো বটা লাভ কৰিছে।১

প্ৰাৰম্ভিক জীৱন

মৌচুমী চেটাৰ্জীৰ জন্ম কলিকতাত। তেওঁৰ দেউতাৰ প্ৰাণতোষ চট্টোপাধ্যায় সেনাবাহিনীত আছিল। তেওঁৰ এজন ভায়েক আৰু এজনী ভনীয়ে্ক আছিল। তেওঁৰ ককাক এজন ন্যায়াধীশ আছিল। তেওঁ হেমন্ত কুমাৰৰ পুত্ৰ জয়ন্ত মুখোপাধ্যায়ক বিয়া কৰাইছিল। তেওঁলোকৰ দুজনী কন্যা সন্তান আছে- পায়েল আৰু মেঘা। তেওঁ বিয়াৰ পিছতহে বলিউদৰ চলচ্চিত্ৰত অভিনয় কৰিছিল।২

কৰ্মজীৱন

তৰুণ মজুমদাৰ পৰিচালিত হিট বঙালী ছবি বালিকা বধুৰে (১৯৬৭) তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। তেতিয়া তেওঁৰ বয়স মাত্ৰ পোন্ধৰ বছৰ। নায়িকা হিচাপে তেওঁৰ অভিষেক ঘটে হিন্দী ছবি অনুৰাগৰ (১৯৭২) মাধ্যমেৰে। ব্লকবাষ্টাৰ এই ছবিৰ পৰিচালক আছিল শক্তি সামন্ত। এই ছবিখনত তেওঁ এগৰাকী অন্ধ নাৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছে, যি অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। লগতে ছবিখনেও শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা পায়। তেওঁ শশী কাপুৰৰ সৈতে নেইনা, বিনোদ মেহৰাৰ সৈতে উচপাৰৰ দৰে হিট ছবিত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ তেতিয়াৰ আত্মপ্ৰতিষ্ঠাৰ বাবে সংগ্ৰামৰত অমিতাভ বচ্চনৰ সৈতে খ্ৰিলাৰ ছবি বেনাম (১৯৭৪) আৰু ৰাজেশ খান্নাৰ সৈতে হমচকলত (১৯৭৪) কাম কৰে। কিন্তু ১৯৭৪ চনৰ এই দুয়োখন ছবিয়ে সফল নহ’ল। কিন্তু একেটা বছৰতে মুক্তি পোৱা তেওঁৰ ৰোটি কপড়া ঔৰ মকানখন (১৯৭৪) এখন সফল ছবি আছিল। মনোজ কুমাৰৰ এই ছবিখনত তেওঁ এগৰাকী ধৰ্ষিতা সংগ্ৰামী নাৰী চৰিত্ৰ ৰূপায়ন কৰিছিল। তেওঁৰ ধৰ্ষণৰ দৃশ্যটো এতিয়াও হিন্দী ছবিৰ অন্যতম বিব্ৰতকাৰী দৃশ্য ৰূপে বিবেচনা কৰা হয়। ইয়াত কৰা অভিনয়ৰ বাবেও তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা পায়।১

ইয়াৰ পিছত এখনৰ পিছত এখনকৈ তেওঁ দহখন ৰোমাণ্টিক ছবিত বিনোদ মেহৰাৰ সৈতে তেওঁ অভিনয় কৰে। এই জুটিটোৰ সফল ছবিসমূহ হ’ল- হত্যাৰা, ফান্দিবাজ, দিল ঔৰ দিৱাৰ, স্বৰ্গ-নৰ্ক, দো লড়কে দোনো কড়কে ইত্যাদি।৩ তেওঁ বাসু চেটাৰ্জীৰ মঞ্জিল ছবিত অভিনয় কৰে। ছবিখনে বক্স অফিচত সফলতা অৰ্জন কৰিব নোৱাৰিলেও চলচ্চিত্ৰ সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। উত্তম কুমাৰৰ সৈতে তেওঁৰ ওগো বধু সুন্দৰী মুক্তি পায় ১৯৮১ চনত। ১৯৮২ চনত তেওঁ এখন মাৰাঠী ছবি ভন্নত ভানুৰ এটি গীতৰ দৃশ্যতো ভূমুকি মাৰে। ৰাজেশ খান্নাৰ সৈতে অভিনয় কৰা তেওঁৰ ছবিবোৰ হ’ল- ভোলাভালা, প্ৰেম বন্ধন, ঘৰ পৰিৱাৰ। তেওঁ সঞ্জীৱ কুমাৰৰ সৈতে অঙ্গুৰ, দাসী, ইতনি সী বাতত একেলগে কাম কৰিছে।৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ How Moushumi Chatterjee stunned Shakti Samanta in ANURAAG. www.glamsham.com
  2. ↑ Gupta, Priya. (13 May 2015). Moushumi Chatterjee: God is not kind to me, he is partial to me - Times of India. The Times of India
  3. ↑ Bengali Beauty Moushumi Chatterjee - Ruling Bollywood Lady. businessofcinema.com
  4. ↑ www.boxofficeindia.com/showProd.php?itemCat=180
  5. ↑ www.boxofficeindia.com/showProd.php?itemCat=180

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী ব্যক্তিৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ২৬৮৪০৭ (২০ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।