অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিয়া সেন

ৰিয়া সেন (Riya Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী, বাংলা, ইংৰাজী, তেলেগু, তামিল আৰু মালায়ালম ছবিত অভিনয় কৰে। সেনে ৰাজপৰিয়ালৰ বংশৰ৷ তেওঁৰ পিতৃ ভাৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ। তেওঁ কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা ইলা দেৱীৰ পুত্ৰ।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰিয়া সেন (Riya Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল১২৷ তেওঁ প্ৰধানকৈ হিন্দী, বাংলা, ইংৰাজী, তেলেগু, তামিল আৰু মালায়ালম ছবিত অভিনয় কৰে।

সেনে ৰাজপৰিয়ালৰ বংশৰ৷ তেওঁৰ পিতৃ ভাৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ। তেওঁ কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা ইলা দেৱীৰ পুত্ৰ। ৰিয়া সেনৰ মাতৃ মুন মুন সেন আৰু আইতাক সুচিত্ৰা সেন আছিল সুনামধন্য প্ৰবীণ অভিনেত্ৰী।৩ পাঁচ বছৰ বয়সত তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল৷ তেওঁ প্ৰথমবাৰৰ বাবে পৰ্দাত কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ পিছলৈ ১৯৯১ চনত তেওঁ বিষকন্যা ছবিত শিশু অভিনেত্ৰী হিচাপে কাম কৰে। তেওঁৰ চলচ্চিত্ৰ জীৱনৰ প্ৰথম ব্যৱসায়িক সফলতা আছিল ২০০১ চনত এন চন্দ্ৰৰ পৰিচালনাত নিৰ্মিত হিন্দী কম বাজেটৰ কমেডী ছবি ষ্টাইল। তেওঁৰ আন কিছুমান উল্লেখযোগ্য ছবিৰ ভিতৰত প্ৰযোজক প্ৰতীশ নন্দীৰ ঝংকাৰ বিটছ (২০০৩) আৰু মালায়ালম ছবি অনন্তভদ্ৰম (২০০৫)। নৌকাডুবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ষ্টাৰ গাইড বঁটা লাভ কৰে।৫

১৯৯৮ চনত সোতৰ বছৰ বয়সত ফাল্গুনী পাঠকৰ মিউজিক ভিডিঅ' য়াদ পিয়া কি আনে লগেত অভিনয় কৰি সেনে প্ৰথম মডেল হিচাপে স্বীকৃতি লাভ কৰে।৬

অভিনেতা অক্ষয় খান্নাৰ বিপৰীতে লাভ ইউ হামেশাত বলীউড ছবিত অভিষেক ঘটাৰ কথা আছিল; কিন্তু ছবিখন মন্থৰ হৈ পৰে আৰু অৱশেষত ২০০১ চনত এন চন্দ্ৰৰ ষ্টাইলত তেওঁ অভিষেক ঘটায়। সহযোগী নৱাগত শৰ্মান যোশী, চাহিল খান আৰু শিল্পী মুডগালৰ সৈতে মহিলা নায়িকাৰ চৰিত্ৰত ৰিয়াই অভিনয় কৰে৷ এই ছবিখনে ভাৰতত কম বাজেটৰ ছবিৰ বাবে বাণিজ্যিক সফলতাৰ ধাৰা এটাৰ পথ প্ৰদৰ্শক আছিল। ৰিয়া আৰু ছবিখনৰ দ্বিতীয়গৰাকী মহিলা নায়িকাৰ ঠাইত এক্সকিউজ মিত আকাংক্ষিত অভিনেত্ৰী সোণালী যোশী আৰু জয়া শীলে নিযুক্তি দিয়ে।৭

তেওঁৰ প্ৰথম ইংৰাজী ভাষাৰ চিনেমা আছিল ইট ৱাজ ৰেইনিং ডেট নাইট৷ এইখন ছবি বাংলা ছবি হেই বৃষ্টিৰ ৰাতৰ পুনৰ্নিৰ্মাণ আছিল৷ সুদেষ্ণা ৰায়ৰ চিত্ৰনাট্য আৰু মহেশ মঞ্জৰেকাৰৰ পৰিচালনা আছিল। ছবিখনত তেওঁ মাতৃ মুন মুন চেনৰ সৈতে সহযোগিতা কৰে।৮ অঞ্জন দত্তৰ বাংলা-ইংৰাজী দ্বিভাষিক ছবি দ্য বং কানেকচনত তেওঁ ভগ্নীৰ সৈতে অভিনয় কৰাৰ কথা আছিল যদিও অৱশেষত তেওঁক এই প্ৰকল্পৰ পৰা আঁতৰাই দিয়া হয় আৰু তেওঁৰ ঠাইত পিয়া ৰায় চৌধুৰীক নিযুক্তি দিয়া হয়। পিছলৈ দুয়োগৰাকী ভগ্নীক একেলগে পৰিচালক অজয় সিনহাৰ থ্ৰি বেচেলৰছত অভিনয় কৰে, যিখন বাংলা ছবি ২০০২ চনত দ্য বেচেলৰ হিচাপে আৰম্ভ হৈছিল আৰু ২০১২ চনত মুক্তি পাইছিল।৯১০

২০১১ চনত লেকমি ফেশন সপ্তাহত
২০১১ চনত লেকমি ফেশন সপ্তাহতছবি: Bollywood Hungama · CC BY 3.0

ৰিয়াই জনপ্ৰিয় গায়কৰ গীতৰ অসংখ্য মিউজিক ভিডিঅ’ত অভিনয় কৰি জনপ্ৰিয় মডেল হৈ পৰিছে৷ তেওঁ ফাল্গুনী পাঠক, আশা ভোছলেৰ ঝুমকা গিৰা ৰে, জগজিৎ সিং আৰু ভোছলেৰ জব ছামনে তুম আৰু কহিন কাহিন ছে, লতা মংগেশকৰ, চনু নিগমৰ দৰে জনপ্ৰিয় গায়কসকলৰ গীতৰ বাবে অসংখ্য মিউজিক ভিডিঅ’ত অভিনয় কৰিছিল৷ ১১১২

২০১৭ চনত তেওঁ শিৱম তিয়াৰীৰ লগতে বিবাহপাশত আবদ্ধ হয়৷১৩১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ IBNS. (24 January 2013). Riya Sen Sen turns 32. Sify
  2. ↑ Riya sen Digital medium
  3. ↑ Raima and Riya Sen - Bollywood's royal connection. The Times of India
  4. ↑ (28 January 2021). First of Many: Riya Sen revisits Gajamukta
  5. ↑ Riya gets her first award - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ More than oomph
  7. ↑ Singh, Harneet. (10 September 2002). Friday ko kya ho raha hai?. Times of India
  8. ↑ (19 March 2003). Sush makes her Bangla debut. Times of India
  9. ↑ (24 March 2003). Fun, Raima, fun. Times of India
  10. ↑ Shakti Shetty, "Films That Saw A Release After A Long Wait ", Mid-day, 5 August 2013
  11. ↑ Gupta, Aparna. (5 January 2003). And now, Riya creates a Sen-sation!. India Times. Times of India
  12. ↑ Shahin, Ruhi. (5 January 2003). What is the big deal about being sexy?. India Times. Times of India
  13. ↑ (18 August 2017). Riya Sen ties the knot with Shivam Tewari in private ceremony. The Economic Times
  14. ↑ (15 June 2017). Riya Sen is Apparently Already Married. Here's What We Know

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীইংৰাজী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰীভাৰতীয় অভিনয় শিল্পীকুৰি শতিকাৰ ব্যক্তিওড়িয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিয়া সেন” প্ৰবন্ধৰ সংশোধন ৫৭৫০৪৪ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।