অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ামী গৌতম

য়ামী গৌতম ধৰ (Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৮৭ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

য়ামী গৌতম ধৰ (Yami Gautam Dhar, ২৮ নৱেম্বৰ, ১৯৮৮) হৈছে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনয়-শিল্পী।১ তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে,২৩ আৰু টেলিভিছনৰ ছ'প অপেৰা যেনে: চান্দ কে পাৰ চালো (২০০৮–২০০৯) আৰু য়েহ প্যাৰ না হোগা কাম (২০০৯–২০১০)ত অভিনয় কৰে। ২০১২ চনত অভিনয় কৰা কমেডী-ড্ৰামা ভিকি ড'নাৰ হৈছে তেওঁৰ প্ৰথম হিন্দী ছবি, যাৰ ফলত তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।৪৫

ইয়াৰ পিছত গৌতমে থ্ৰিলাৰ ছবি বদলাপুৰ (২০১৫) আৰু কাবিল (২০১৭)ত অভিনয় কৰে৷ পৰৱৰ্তী সময়ত তেওঁ যুদ্ধকেন্দ্ৰিক ছবি উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক আৰু ব্যংগধৰ্মী ছবি বালা (দুয়োখন ২০১৯)ত অভিনয় কৰি অধিক সফলতা লাভ কৰে। ইয়াৰ পিছত তেওঁ এ থাৰ্ছডে (২০২২), দাসৱী (২০২২) আৰু চোৰ নিকল কে ভগা (২০২৩)ত অভিনয় কৰে। তেওঁৰ শেহতীয়া ছবি হৈছে অএমজি-২ (মুক্তিলাভ: আগষ্ট ২০২৩)

প্ৰাথমিক জীৱন আৰু পৰিয়াল-পৰিচয়

হিমাচল প্ৰদেশৰ বিলাসপুৰ৬ হিন্দু ব্ৰাহ্মণ২পৰিয়ালত জন্মগ্ৰহণ কৰা য়ামী গৌতম ডাঙৰ-দীঘল হৈছিল চণ্ডীগড়ত।৭৮তেওঁৰ পিতৃ মুকেশ গৌতম এজন পাঞ্জাবী চলচ্চিত্ৰ পৰিচালক।৯তেওঁ পিটিচি নেটৱৰ্কৰ উপ-সঞ্চালক।[11] তেওঁৰ মাতৃৰ নাম অঞ্জলি গৌতম।১০১১ তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী চুৰিলি গৌতমে পাঞ্জাবী ছবি পাৱাৰ কাটৰ জৰিয়তে ডাঙৰ পৰ্দাত অভিষেক ঘটায়।১২১৩১৪ য়ামী গৌতমে নিয়মীয়া স্কুলীয়া শিক্ষা লাভ কৰিছিল, আৰু পিছলৈ আইনত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ কলেজত ভৰ্তি হৈছিল। তেওঁ সৰুতে ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ত যোগদান কৰাৰ আকাংক্ষা প্ৰকাশ কৰিছিল যদিও ২০ বছৰ বয়সত তেওঁ অভিনয়ৰ জগতত যোগদান কৰাৰ সিদ্ধান্ত লয়।১৫১৬ তেওঁ আইনত অনাৰ্ছ লৈ পঢ়া-শুনা কৰি আছিল যদিও অভিনয়ৰ বাবে পূৰ্ণকালীন অধ্যয়ন এৰি দিয়ে। শেহতীয়াকৈ তেওঁ মুম্বাইত অংশকালীন স্নাতক ডিগ্ৰীৰ বাবে পঢ়া-শুনা কৰি আছে৷১৭১৮ তেওঁ অধ্যয়ন, অভ্যন্তৰীণ সজ্জা আৰু সংগীত শুনি ভাল পায়।১৯২০

ব্যক্তিগত জীৱন

২০১৫ চনত চনম ৰেৰ চিত্ৰগ্ৰহণৰ সময়ত পুলকিত সম্ৰাটৰ লগত তেওঁৰ প্ৰণয়পাশত আবদ্ধ হয়। তেওঁ এই বিষয়ে কেতিয়াও মুকলিলৈ একো কোৱা নাছিল যদিও তেওঁলোকৰ মাজত থকা সম্পৰ্কটোক সম্ৰাটৰ পত্নীয়ে নিশ্চিত কৰিছিল।২১অৱশেষত ২০১৮ চনত তেওঁলোকৰ (সম্ৰাট আৰু য়ামীৰ) বিচ্ছেদ ঘটে।২২

২০২১ চনৰ ৪ জুনত য়ামী গৌতমে আদিত্য ধৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২৩২৪ বিয়াৰ পিছত তেওঁ নিজৰ নাম সলনি কৰি য়ামী গৌতম ধৰ কৰে।২৫

কৰ্মজীৱন

টেলিভিছন কেৰিয়াৰ (২০০৮–২০১০)

য়ামী গৌতমে ২০ বছৰ বয়সত চিনেমাত কেৰিয়াৰ গঢ়িবলৈ মুম্বাইলৈ গমন কৰিছিল।২৬ তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে চান্দ কে পাৰ চালোৰ জৰিয়তে।২৭২৮ সমান্তৰালভাৱে তেওঁ ৰাজকুমাৰ আৰ্য়ানত মুখ্য চৰিত্ৰত অভিনয় কৰি থাকিল। ইয়াৰ পিছত তেওঁ টেলিভিছনত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা পালন কৰে, য়েহ পিয়াৰ না হোগা কামত২৯ যিখন সম্প্ৰচাৰিত হৈছিল কালাৰছত৷ ৩০ ইয়াৰ উপৰি তেওঁ ৰিয়েলিটি শ্ব' মীথি চৌৰী নং ১ আৰু কিচেন চেম্পিয়ন ছিজন ১ত অংশগ্ৰহণ কৰিছে।৩১

চলচ্চিত্ৰৰ আত্মপ্ৰকাশ আৰু প্ৰাৰম্ভিক কাম (২০০৯–২০১৮)

২০১২ চনত ভিকি ড'নাৰৰ এক অনুষ্ঠানত য়ামী গৌতম
২০১২ চনত ভিকি ড'নাৰৰ এক অনুষ্ঠানত য়ামী গৌতমছবি: Bollywood Hungama · CC BY 3.0

২০০৯ চনত কানাড়া ভাষাৰ উল্লাছা উৎসাহ নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ পিছত গৌতমে শ্বুজিত ছিৰকাৰৰ ৰোমাণ্টিক কমেডী ছবি ভিকি ড’নাৰ (২০১২)ত মুখ্য চৰিত্ৰত অভিনয় কৰি বলিউডত অভিষেক ঘটায়। অভিষেক ঘটোৱা আয়ুষ্মান খুৰানা, অনু কাপুৰ আৰু ডলী আহলুৱালিয়াৰ বিপৰীতে অভিনয় কৰা আছিমা ৰয় নামৰ এগৰাকী বাঙালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে যি শীৰ্ষ চৰিত্ৰটোৰ প্ৰেমত পৰে৷ তেওঁৰ প্ৰেমিক আছিল অৰোৰা পৰিয়ালৰ এজন পাঞ্জাবী ল’ৰা৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ বিয়া হয় আৰু বিবাহৰ পাছত তেওঁ ল'ৰাজনৰ অতীতৰ বিষয়ে জানিব পাৰে৷ ৩২ বলীউডৰ অভিনেতা জন আব্ৰাহামৰ প্ৰযোজনাত আত্মপ্ৰকাশ কৰা ছবিখনে সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বিশ্বজুৰি ৬৪৫ মিলিয়ন (৩.৯ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি বছৰৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। অভিষেককাৰী অভিনয়ৰ বাবে গৌতমে সমালোচকৰ প্ৰশংসাৰ লগতে কেইবাটাও বঁটা আৰু মনোনয়ন লাভ কৰে, যাৰ ভিতৰত জি চিনে বঁটাৰ শ্ৰেষ্ঠ মহিলা নৱাগতৰ বঁটা (বৰফিৰ বাবে ইলিয়ানা ডি'ক্ৰুজৰ সৈতে যুটীয়াভাৱে) আৰু একেটা শ্ৰেণীৰ অধীনত তেওঁ ৫৮ সংখ্যক ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।৩৩

দুবছৰ ধৰি বলিউডৰ পৰা অনুপস্থিত থকাৰ পিছত ২০১৪ চনত গৌতমে ঘূৰি আহি দুখন ছবিত অভিনয় কৰে, য’ত প্ৰথমখন ছবি আছিল ঈশ্বৰ নিভাছৰ ৰোমাণ্টিক কমেডী ছবি টোটাল ছিয়াপ্পা আৰু দ্বিতীয়খন আছিল প্ৰভু দেৱৰ একচন থ্ৰিলাৰ একচন জেকচন, য’ত অজয় দেৱগনে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে গৌতম আৰু সোনাক্ষী সিনহাক তেওঁৰ প্ৰেম-প্ৰত্যাশিনী হিচাপে প্ৰক্ষেপ কৰা হৈছিল। ছবি দুখনৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল৷ ৩৪৩৫৩৬৩৭

২০১৫ চনত গৌতমে বৰুণ ধাৱান আৰু নৱাজুদ্দিন ছিদ্দিকিৰ সৈতে শ্ৰীৰাম ৰাঘৱনৰ একচন থ্ৰিলাৰ বদলাপুৰত অভিনয় কৰে।৩৮ ১৫ বছৰৰ ভিতৰত পত্নী মিছা আৰু পুত্ৰৰ হত্যাৰ প্ৰতিশোধ লোৱা ৰঘু নামৰ এজন ব্যক্তিৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনে সমালোচনাত্মক আৰু ব্যৱসায়িক সফলতা হিচাপে আত্মপ্ৰকাশ কৰি ₹৭৭ কোটি (১১ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰে। বিশ্বজুৰি য়ামী গৌতমৰ অভিনয়ে প্ৰশংসা লাভ কৰে।৩৯

২০১৬ চনত গৌতমে পুলকিত সম্ৰাটৰ লগত চনম ৰে আৰু বিবেক অগ্নিহোত্ৰী পৰিচালিত জুনুনিয়াতত অভিনয় কৰে।৪০৪১ ছবি দুখনে সফলতা লাভ নকৰিলে৷ ৪২

পিছৰ বছৰত গৌতমে ঋত্বিক ৰোশনৰ সৈতে সঞ্জয় গুপ্তাৰ প্ৰতিশোধমূলক ৰোমাণ্টিক থ্ৰিলাৰ কাবিল (২০১৭)ত অভিনয় কৰে। ছবিখনৰ লগতে তেওঁৰ অভিনয়েও মিশ্ৰিত ইতিবাচক সমালোচনা লাভ কৰে আৰু ছবিখনে বিশ্বজুৰি ১.৯৬ বিলিয়ন ₹ (২৮ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে। ৪৩৪৪৪৫

অগ্ৰগতি আৰু সফলতা (২০১৯-বৰ্তমান)

২০১৯ চনত য়ামী গৌতম
২০১৯ চনত য়ামী গৌতমছবি: Bollywood Hungama · CC BY 3.0

২০১৯ চনত আদিত্য ধৰৰ মিলিটাৰী একচন থ্ৰিলাৰ উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইকত য়ামী গৌতমে বিকি কৌশল, পৰেশ ৰাৱাল, মোহিত ৰাইনা, আৰু কীৰ্তি কুলহাৰীৰ সৈতে অভিনয় কৰিছিল৷৪৬ ছবিখন বছৰটোৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিচিত হয় আৰু বিশ্বজুৰি ৩.৪২ বিলিয়ন (৪৪ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈ অধিক ধন উপাৰ্জন কৰে।৪৭ ইয়াৰ পিছত ২০১৯ চনৰ ৭ নৱেম্বৰত মুক্তি পোৱা অমৰ কৌশিকৰ কমেডী-ড্ৰামা বালাত আয়ুষ্মান খুৰানাৰ সৈতে য়ামীক পুনৰ দেখা যায়। ছবিখনে বিশ্বজুৰি ১.৭ বিলিয়ন ₹ (২২ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰি ব্যৱসায়িক দিশৰ পৰা সফল বিবেচিত হয়।৪৮

২০২০ চনত অভিষেককাৰী পুনীত খান্নাৰ পৰিচালনা আৰু বিনোদ বচ্চনৰ প্ৰযোজনাত নিৰ্মিত গিনী ৱেডছ ছানী ছবিখনত গিনীৰ চৰিত্ৰত য়ামীয়ে অভিনেতা বিক্ৰান্ত মেছিৰ সৈতে অভিনয় কৰে। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত সমালোচনা লাভ কৰে। ৪৯

২০২২ চনত য়ামী গৌতমৰ প্ৰথমখন ছবি আছিল বেহজাদ খাম্বাটাৰ থ্ৰিলাৰ এ থাৰ্ছডে, য'ত তেওঁ নেহা ধূপিয়া আৰু অতুল কুলকাৰ্ণীৰ সৈতে সহ অভিনয় কৰিছিল।৫০ ১৬টা শিশুক পণবন্দী কৰি লোৱা প্লেস্কুলৰ শিক্ষয়িত্ৰী নাইনা জয়ছৱালৰ মুখ্য চৰিত্ৰত য়ামীয়ে অভিনয় কৰিছিল। ২০২২ চনৰ ১৭ ফেব্ৰুৱাৰীত ডিজনী+ হটষ্টাৰত ছবিখনৰ প্ৰিমিয়াৰ হয়।৫১ মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত আৰু পৰ্যায়ক্ৰমে ইতিবাচক সমালোচনা লাভ কৰে৷ বিশেষকৈ গৌতমে তেওঁৰ অভিনয়ৰ বাবে ইতিবাচক সমালোচনা লাভ কৰে। চিএনবিচি টিভি১৮ৰ স্নেহা বেংগালে ছবিখনক তেওঁৰ "কেৰিয়াৰৰ শ্ৰেষ্ঠ অভিনয়" বুলি বিবেচনা কৰে।৫২

২০২৩ চনত য়ামী গৌতমে অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ সৈতে অ'এমজি ২ সম্পূৰ্ণ কৰিছে।৫৩৫৪৫৫

বঁটা আৰু মনোনয়ন

বৰ্ষবঁ‌টাশিতানবোলছবিফলাফলRef.
২০১২পঞ্চম বোৰোপ্লাছ ছয়ছ এৱাৰ্ডটিভিৰ উত্থিত তাৰকাভিকি ড'নাৰ৫৬
ভাস্কৰ বলিউড বঁটাবৰ্ষটোৰ নৱাগতা৫৭
পিপল'ছ ছয়ছ বঁটাপ্ৰিয় নৱাগত অভিনয়-শিল্পী (পুৰুষ/মহিলা)৫৮
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটাশ্ৰেষ্ঠ নৱাগত মনোৰঞ্জনকাৰী শিল্পী৫৯
২০১৩ইটিচি বলিউদ বিজিনেছ বঁটাশ্ৰেষ্ঠ লাভজনক অভিষেক৬০
ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ মহিলা নৱাগত৬১
স্ক্ৰীন বঁটাশ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন নৱাগতা৬২
জি চিনে বঁটাশ্ৰেষ্ঠ নৱাগতা৬৩
ষ্টাৰডাষ্ট বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী৬৪
ভৱিষ্যতৰ মহাতাৰকা (মহিলা)৬৪
ষ্টাৰ গীল্ড বঁটাশ্ৰেষ্ঠ নৱাগতা৬৫
টাইমছ অৱ ইণ্ডিয়া ফিল্ম বঁটাশ্ৰেষ্ঠ নৱাগতা৬৬
আইফা বঁটাবৰ্ষটোৰ তাৰকা নৱাগতা৬৭
২০২০স্ক্ৰীণ বঁটাশ্ৰেষ্ঠ কমেডিয়ানবালা৬৮
আইফাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী৬৯৭০
২০২২ফিল্মফেয়াৰ অটিটি বঁটাৱেব মৌলিক ছবিত শ্ৰেষ্ঠ অভিনয়-শিল্পীএ থাৰ্ছডে৭১
আইফা বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী৭২

তথ্যসূত্ৰ

  1. ↑ (28 November 2012). Busy Birthday for Yami
  2. ↑ Gupta, Priya. (9 February 2014). I have had no affair in my life so far: Yaami Gautam. The Times of India
  3. ↑ (5 January 2017). Yami Gautam looks like a dream at Kaabil promotion. The Indian Express
  4. ↑ (31 December 2018). Vicky Donor actress Yami Gautam believes in 'breaking the mould' of a Hindi film heroine. India Today
  5. ↑ "Vicky Donor is a HIT" Indicine. 2012. Retrieved 26 January 2013
  6. ↑ (8 March 2014). Total Siyapaa: Ali Zafar and Yami Gautam at Screen Preview. The Financial Express
  7. ↑ (23 January 2016). Yami Gautam to promote 'Sanam Re' at her college in Chandigarh. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  8. ↑ (27 January 2017). Yami Gautam excited to revisit her Chandigarh college - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Singh, Jasmine. (14 October 2010). The Tribune, Chandigarh, India - The Tribune Lifestyle. The Tribune India
  10. ↑ Family and friends bid adieu to comedy king Jaspal Bhatti. হিন্দুস্তান টাইমছ
  11. ↑ (8 May 2016). Mother day
  12. ↑ (1 October 2012). Yami Gautam's sister to make her debut. Mid-day.com
  13. ↑ (25 October 2012). Yami Gautam's sister to marry Jaspal Bhatti's son. The Times of India
  14. ↑ Subhash K Jha & VICKEY LALWANI 26 October 2012, 10.05AM IST. (26 October 2012). Jaspal Bhatti died a day before son's debut film release. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ Goyal, Shrinkhla. (23 May 2022). 'Never grew up with the thought of being in an industry where you are expected to be the centre of attention: Yami Gautam. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  16. ↑ (7 November 2019). Did you know Yami Gautam aspired to become an IAS officer?. Mid-Day
  17. ↑ (28 November 2018). Yami Gautam of 'Nuvvila' fame turns 30: The Flawless Blend of Beauty & Talent. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (14 October 2021). How shy Yami Gautam became the Romantic Queen of Bollywood? – Success Story. Suger Mint
  19. ↑ (12 January 2017). Yami Gautam finds Hrithik Roshan simple and inspiring - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ (23 May 2014). Yami Gautam. mensxp.com
  21. ↑ (29 January 2016). Yami Gautam and Pulkit Samrat's alleged relationship. Times of India
  22. ↑ (23 March 2018). Yami Gautam-Pulkit Samrat's ugly split: Here's what exactly happened. DNA India
  23. ↑ (4 June 2021). Yami Gautam ties the knot with Aditya Dhar. The Indian Express
  24. ↑ Keshri, Shweta. (4 June 2021). Yami Gautam marries Uri director Aditya Dhar in intimate wedding. India Today
  25. ↑ (17 August 2021). Yami Gautam has changed her name post marriage to Aditya Dhar, here's what she chose. Hindustan Times
  26. ↑ Vivek Bhatia (20 June 2012). Yummylicious. Filmfare
  27. ↑ (22 December 2022). Yami Gautam Turns Into Makeup Artist for Her Sister, Shares Tutorial, Watch. News18
  28. ↑ (19 January 2021). Yami Gautam shares pic from Jaisalmer where she shot her first scene 11 years ago: 'My heart brimmed with nostalgia'. হিন্দুস্তান টাইমছ
  29. ↑ (11 September 2008). First look: Chand Ke Paar Chalo. Rediff.com
  30. ↑ (12 February 2010). Come, fall in love. Screen
  31. ↑ Lohumi, Bhanu P. (26 October 2019). Govt ropes in Yami Gautam as brand ambassador for global investors' meet. The Tribune
  32. ↑ (21 April 2020). Yami Gautam remembers bagging role in Vicky Donor: 'I knew it was going to be something special'. Hindustan Times
  33. ↑ Hungama, Bollywood. Bollywood News, Entertainment News, Movie Reviews, Ratings, Latest Videos, Box Office Collection - Bollywood Hungama. বলিউড হাংগামা
  34. ↑ (24 February 2014). Yami Gautam relates to 'Total Siyapaa' character. Business Standard India
  35. ↑ Do you know how Total Siyapaa did at the Box Office?. Cinestaan
  36. ↑ Hungama, Bollywood. Ajay Devgn Hit Movies List · Ajay Devgn Box Office Collection - Bollywood Hungama. বলিউড হাংগামা
  37. ↑ Hungama, Bollywood. Ali Zafar Hit Movies List · Ali Zafar Box Office Collection - Bollywood Hungama. বলিউড হাংগামা
  38. ↑ Chakraborty, Saikat. (29 November 2022). Yami Gautam's top 7 performances in Hindi films you can watch online. Telegraph India
  39. ↑ (18 June 2014). Yami Gautam to play Varun Dhawan's wife in 'Badlapur'. The Indian Express
  40. ↑ Pillai, Pooja. (12 February 2016). Sanam Re review: Yami Gautam, Pulkit Samrat's film is cliche-ridden. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  41. ↑ Ghosh, Sankhayan. (25 June 2016). 'Junooniyat' review: Rotten wine in a plastic bottle. দ্য হিন্দু
  42. ↑ (25 May 2016). Yami Gautam tells why Junooniyat is not Sanam Re 2!. The Statesman
  43. ↑ Shiksha, Shruti. (7 February 2018). Here's How Yami Gautam Is Prepping For Batti Gul Meter Chalu. NDTV
  44. ↑ Srivastava, Abhishek. (20 September 2018). Yami Gautam on Batti Gul Meter Chalu, her favourite legal drama, and Bollywood's #MeToo moment-Entertainment News, Firstpost. Firstpost
  45. ↑ (15 September 2018). Yami Gautam lawyers up for 'Batti Gul Meter Chalu'. Gulf News
  46. ↑ Ajaz, Mahwash. (12 January 2019). We asked a Pakistani Bollywood buff to review Uri & she has a request for Indian directors. ThePrint
  47. ↑ Hungama, Bollywood. Worldwide Highest Grossing Bollywood Movies on 2019 - Bollywood Hungama. বলিউড হাংগামা
  48. ↑ (12 November 2019). A different Yami Gautam in Bala. The Indian Express
  49. ↑ Sharma, Priyanka. (20 September 2020). Netflix film Ginny Weds Sunny to premiere on October 9. The Indian Express
  50. ↑ (30 March 2021). A Thursday: Yami Gautam shares first look as the 'mastermind'. See photo. The Indian Express
  51. ↑ Srivastava, Samriddhi. (10 February 2022). Yami Gautam as terrorist in A Thursday will hook you. Disney+ Hotstar film to release on Feb 17. ইণ্ডিয়া টুডে
  52. ↑ Bengani, Sneha. (17 February 2022). A Thursday movie review: Yami Gautam delivers her best performance in this taut thriller. CNBC TV18
  53. ↑ (28 November 2022). Yami Gautam's 'Lost' to release directly on ZEE5. দ্য হিন্দু. PTI
  54. ↑ (23 March 2022). Yami Or Samantha? Who Did A Better Job With Daring Green Gown?. ৱমেন'ছ এৰা
  55. ↑ (5 November 2022). Akshay Kumar, Yami Gautam dance their hearts out in new ad ahead of OMG 2, fans say 'no logic but its fun'. Watch. হিন্দুস্তান টাইমছ
  56. ↑ Ayushmann Khurrana, Yami of VICKY DONOR bag Gold Awards
  57. ↑ Newcomers Nominations: Fresh Entry of the Year
  58. ↑ Kumar, Ravi. People's Choice Awards 2012 Nominees
  59. ↑ 3rd Annual BIG Star Entertainment Awards Nominations
  60. ↑ ETC Bollywood Business Awards 2012 / 2013 – Nominations
  61. ↑ Yaami Gautam—Awards. বলিউড হাংগামা
  62. ↑ Nominations for 19th Annual Colors Screen Awards
  63. ↑ Zee Cine Awards 2013: Team 'Barfi!', Vidya Balan, Salman Khan bag big honours
  64. ↑ "Nominations for Stardust Awards 2013" Retrieved 27 January 2013
  65. ↑ Hungama, Bollywood. Yami Gautam Dhar Awards & Nominations - Bollywood Hungama. বলিউড হাংগামা
  66. ↑ (7 February 2013). TOIFA 2013 nominations. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  67. ↑ IIFA Awards 2013: The winners are finally here!
  68. ↑ (9 December 2019). Star Screen Awards: Deepika Padukone, Ananya Panday add glam as Alia Bhatt, Ranveer Singh win top awards. Read complete winners list. Hindustan Times
  69. ↑ IIFA Awards 2020 nominations are out. International Indian Film Academy Awards
  70. ↑ (6 March 2020). IIFA 2020 postponed amid fears over Coronavirus outbreak. The Statesman
  71. ↑ Danube Properties Filmfare OTT Awards 2022: Complete Nominations List - Times of India. The Times of India
  72. ↑ (27 December 2022). IIFA 2023 nominations announced: Brahmastra, Gangubai Kathiawadi and Bhool Bhulaiyaa 2 lead the list. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ামী গৌতম” প্ৰবন্ধৰ সংশোধন ৬৪০১৮১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।