অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাৰা আলী খান

ছাৰা আলী খান(Sara Ali Khan,; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ…

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৫ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

ছাৰা আলী খান(Sara Ali Khan,; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷

কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ জগতত প্ৰৱেশ কৰে আৰু ২০১৮ চনত মুক্তিলাভ কৰা কেদাৰনাথ ছবিখনৰ জৰিয়তে দৰ্শক তথা সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান অৰ্জন কৰে৷ ২০১৯ চনত তেখেত ফৰ্বছ-ইণ্ডিয়াৰ শীৰ্ষ ১০০ ছেলেব্ৰিটিৰ তালিকাভূক্ত হয়৷

প্ৰাৰম্ভিক জীৱন

১৯৯৫ চনৰ ১২ আগষ্টত ছাৰা আলী খানৰ জন্ম হয়৷তেখেতৰ জন্ম হৈছিল মুম্বাইত৷ পিতৃ আছিল ছৈয়ফ আলী খান আৰু মাতৃ হৈছে অমৃতা সিং৷ ১২৩ ৪ ছাৰাৰ কনিষ্ঠ ভ্ৰাতৃৰ নাম হৈছে ইব্ৰাহীম৷৫ছাৰাৰ অৰ্ধ-ভ্ৰাতৃ হৈছে টাইমূৰ৷ টাইমূৰ ছৈয়ফ আলী খান আৰু কৰিণা কাপুৰৰ সন্তান৷৬৭ ছাৰা এগৰাকী মুছলিম হিচাপে জন্ম হয়৷৮

চাৰি বছৰ বয়সত, ছাৰা আলী খানে এটা বিজ্ঞাপনত অভিনয় কৰে৷৯ পিতৃ ছৈয়ফৰ মতে, বলিউদৰ অভিনেত্ৰী আৰু প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী ঐশ্বৰ্যা ৰায় হৈছে ছাৰাৰ অনুপ্ৰেৰণা বা আদৰ্শ৷ ছিকাগোৰ এখন মঞ্চত ঐশ্বৰ্যৰ অভিনয় দেখাৰ পাছতেই ছাৰা ৰায়ৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু পৰৱৰ্তী সময়ত ছবিজগতত এটা কেৰিয়াৰ গঢ়াৰ সপোন দেখে৷৯১০ ২০০৪ চনত ছাৰ আলী খানৰ পিতৃ-মাতৃৰ বৈবাহিক জীৱনৰ মাজত বিচ্ছেদ হয় আৰু ছাৰা আলী খানক অমৃতা সিঙে লালন-পালন কৰাৰ ন্যায়িক অভিভাৱকত্ব লাভ কৰে৷১১ প্ৰথমাৱস্থাত ছৈয়ফক জীয়েক-পুতেকক দেখা কৰাৰ পৰা বাৰণ কৰা হৈছিল৷১১ অৱশ্যে পিতৃ আৰু জীয়ৰীৰ মাজত পাছলৈ পুনৰ্মিলনৰ জৰিয়তে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপিত হয়৷১২ ছাৰা আলী খানে কৰিণা কাপুৰৰ লগত এটা স্বাস্থ্যকৰ সম্বন্ধ অটুট ৰাখিছে৷ ছাৰাই ২০১৮ চনত কয় যে-"মই তেখেতৰ পেছাদাৰিত্বৰ গুণটো আয়ত্ত কৰিব বিচাৰোঁ৷"১৩

কিশোৰী অৱস্থাত, ছাৰা আলী খানে নিজৰ মেদবহুলতাৰ সমস্যাৰ লগত ভালেমান যুঁজিবলগা হৈছিল৷ সেয়েহে ওজন হ্ৰাস কৰিবলৈ ছাৰাই নিজকে এক কঠোৰ দৈনন্দিন কৰ্মসূচীৰ মাজত আবদ্ধ কৰিছিল আৰু ব্যায়ামাদিত মনোনিৱেশৰ জৰিয়তে স্বাস্থ্যসন্মত হ'বলৈ প্ৰয়াস কৰিছিল৷১৪ তেখেত polycystic ovary syndromeতো আক্ৰান্ত হৈছিল৷ তেখেতৰ ওজন বঢ়াৰ সিও এটা কাৰণ আছিল৷১৫ নিউ ইয়ৰ্কত থকা কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ছাৰাই ইতিহাস আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে৷১৬১৭১৮নিৰ্দিষ্ট সময়ৰ পূৰ্বেই, প্ৰায় তিনিটা বছৰৰ ভিতৰত, ২০১৬ চনত ছাৰা আলী খানে স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ পাঠ্যক্ৰমৰ অৱশিষ্ট ডেৰটা বছৰ তেখেতে ওজন প্ৰশিক্ষণ গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেখেত ভাৰতলৈ ঘূৰি আহে৷১৮১৯

মিডিয়াত

২০১৯ চনত ছাৰা আলী খানক ফৰ্বছ-ইণ্ডিয়াৰ এশগৰাকী ছেলিব্ৰেটিৰ তালিকাভূক্ত কৰা হয়৷ ৫৭.৫ মিলিয়ন ধনেৰে তেখেতে তালিকাত ৬৬তম স্থান পায়৷২০ ফাণ্টা, পিউমা, ভিটৰ দৰে একাধিক ব্ৰেণ্ড আৰু পণ্যদ্ৰব্যৰ বিজ্ঞাপনভিত্তিক প্ৰচাৰ-প্ৰসাৰৰ লগত তেখেত জড়িত৷২১

চলচ্চিত্ৰপুঞ্জী

+ চিহ্নমুক্তি নোহোৱা ছবি
বৰ্ষছবিচৰিত্ৰটোকা
২০১৮কেদাৰনাথমন্দাকিনী মুক্কু মিশ্ৰ
ছিম্বাসগুন সাথে
২০২০লাভ আজকাল | জ' চৌহান | |- ! scope="row" | কুলি নং ১ | ছাৰাহ ৰোজাৰিঅ' | |- | ২০২১ ! scope="row" style="background:#FFFFCC;" |অটৰংগী ৰে''মায়া ডুবে/সাগৰিকা শৰ্মাআগষ্টত মুক্তি হ'ব২২

তথ্যসূত্ৰ

  1. ↑ (13 August 2018). Sara Ali Khan is a bundle of joy as she cuts birthday cake. See more pics from the party. Hindustan Times
  2. ↑ Bhagat, Shama. (14 November 2018). Sara Ali Khan leaves it to the audience to accept her in Kedarnath. The Telegraph
  3. ↑ Basu, Nilanjana. (3 January 2018). Saif Ali Khan On Taimur's Gene Pool: Rabindranath Tagore, Raj Kapoor, Tiger Pataudi. NDTV
  4. ↑ (11 September 2018). Amrita Singh turns 60: 10 lesser-known facts about the actress. India TV
  5. ↑ (28 October 2018). Saif Ali Khan reveals, not Sara it was Ibrahim who made debut in Bollywood first. Catch News. Rajasthan Patrika
  6. ↑ (17 November 2018). Watch: This is what Kareena Kapoor Khan's son Taimur Ali Khan says when he sees his elder sister Sara Ali Khan. Times Now. The Times Group
  7. ↑ Swarup, Shubhangi. (29 January 2011). The Kingdom of Khan. OPEN
  8. ↑ (1 Aug 1998). 'Religion played a major role in my upbringing'
  9. ↑ (2 January 2018). The actress who inspired Sara for a career in films, as revealed by father Saif Ali Khan. Times Now. The Times Group
  10. ↑ (17 November 2018). Koffee With Karan 6: Sara Ali Khan REVEALS that she wanted to become an actor at the age of 4. Bollywood Hungama
  11. ↑ (23 May 2017). Saif Ali Khan's throwback interview on Amrita Singh: I feel like crying, I miss my daughter Sara all the time. The Indian Express
  12. ↑ (19 July 2018). We are more like friends, we have drink together: Saif Ali Khan on his relationship with daughter Sara. India TV. Independent News Service
  13. ↑ (18 November 2018). Sara Ali Khan opens up about step-mother Kareena Kapoor. The News International
  14. ↑ (17 November 2018). This singer's songs helped Sara Ali Khan to lose weight. Mid Day
  15. ↑ Srivastava, Soumya. (19 November 2018). Koffee With Karan 6: Sara Ali Khan says mom Amrita Singh dressed her up for dad Saif's wedding with Kareena Kapoor. Hindustan Times
  16. ↑ I have a degree in political science; may join politics later: Sara Ali Khan Free Press Journal
  17. ↑ Mandal, Manisha. (1 December 2018). Sara Ali Khan Explains Why She Chose To Become An Actress Despite Studying From Columbia. Indiatimes. Times Internet
  18. ↑ (10 December 2018). Sara Ali Khan reveals story of her dramatic weight transformation, says mom Amrita Singh couldn't recognise her. Hindustan Times
  19. ↑ (1 January 2018). Sara Ali Khan holds a degree from Columbia University in New York. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  20. ↑ 2019 Celebrity 100. Forbes India
  21. ↑ Laghate, Gaurav. (3 June 2019). From Puma to Fanta, Sara Ali Khan becomes brand favourite with 11 endorsement deals. The Economic Times
  22. ↑ (19 February 2021). Aanand L Rai's Atrangi Re starring Akshay Kumar, Sara Ali Khan and Dhanush to release on August 6, 2021. Bollywood Hungama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা আলী খান” প্ৰবন্ধৰ সংশোধন ৫৩৮০৬৫ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।