অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মুমতাজ (অভিনেত্ৰী)

মুমতাজ আস্কাৰি মাধৱানী ( Mumtaz Askari Madhvani, জন্ম: ৩১ জুলাই ১৯৪৭) ছবিজগতৰ পৰা অৱসৰ লোৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক বিশেষ হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মুমতাজ আস্কাৰি মাধৱানী ( Mumtaz Askari Madhvani, জন্ম: ৩১ জুলাই ১৯৪৭) ছবিজগতৰ পৰা অৱসৰ লোৱা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক বিশেষ হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ফিল্মফেয়াৰৰ পৰা দুটাকৈ বঁটা লাভ কৰিছে; এটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু আনটো চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা জীৱন জোৰা সাধনা বঁটা।১

কৰ্মজীৱন

১৯৫৮ চনত ‘সোণে কী চিৰিয়া’ ছবি যোগে মুমতাজে শিশু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ১৯৬০ দশকৰ প্ৰথম ভাগত কৈশোৰত ‘ৱল্লা ক্যা বাত হ্যায়’, ‘ষ্ট্ৰীট’ (১৯৬১) আৰু ‘চেহৰা’ত এক্সট্ৰা হিচাপে ভূমুকি মাৰে। প্ৰাপ্ত বয়স্ক অৱস্থাত ও.পি. ৰহিল্লাৰ এ-গ্ৰেড ছবি ‘গেহৰা দাগ’ত নায়কৰ ভনীয়েকৰ চৰিত্ৰত তেওঁ অভিনয় কৰে।২ সফল ছবি ‘মুঝে জিনে দো’ত তেওঁ এটা সৰু চৰিত্ৰ পায়। পৰৱৰ্তী সময়ত ‘ফৌলাড’, ‘বীৰ ভীমসেন’, ‘টাৰ্জান কামচ্ টু দেলহী’, ‘চিকন্দৰ-ই-আজম’, ‘ৰুস্তম-ই-হিন্দ’, ‘ৰাকা’, ‘ডাকু মঙ্গল সিঙ’কে ধৰি ১৬খন একচন ছবিত মল্ল-যুঁজাৰু দাৰা সিঙৰ সৈতে নায়িকাৰ ভূমিকাত অভিনয় কৰাৰ সুযোগ পায়। দুয়ো একেলগে অভিনয় কৰা ছবিবোৰত দাৰাই ৪৫০,০০০টকা আৰু মুমতাজে ২৫০,০০০টকা পাৰিশ্ৰমিক পাইছিল।৩

ৰাজেশ খান্না অভিনীত ৰাজ খোচলাৰ ব্লক বাষ্টাৰ ‘দো ৰাষ্টে’ ছবিখনে মুমতাজক অৱশেষত পূৰ্ণ পৰ্যায়ৰ তাৰকাত পৰিণত কৰে। যদিও ইয়াত মুমতাজৰ চৰিত্ৰটো বেছি ডাঙৰ নাছিল, পৰিচালক ৰাজ খোচলাই চাৰিটাকৈ গীত মুমতাজৰ ওপৰত চিত্ৰায়ণ কৰিছিল।৪ ছবিখনে মুমতাজক জনপ্ৰিয় কৰি তুলিছিল। তেওঁ স্বীকাৰ কৰিছিল যে যদিও ‘দো ৰাষ্টে’ৰ চৰিত্ৰটো সৰু আছিল, এতিয়াও এইখন তেওঁৰ ভাললগা ছবি।২ ১৯৬৯ত ৰাজেশ খান্নাৰ সৈতে কৰা দো ৰাষ্টে আৰু বন্ধন বছৰটোৰ সকলোতকৈ ধন অৰ্জন কৰা ছবি আছিল। ছবি দুখনে ক্ৰমে ৬৫ মিলিয়ন আৰু ২৮ মিলিয়ন টকা আৰ্জিছিল।৫ যি শশী কাপুৰে ‘সচ্চা ঝুঠা’ত এজনী ষ্টাণ্ট অভিনেত্ৰী বুলি তেওঁৰ সৈতে অভিনয় কৰিবলৈ অমান্তি হৈছিল, ‘চোৰ মচায়ে শ্যোৰ’ত (১৯৭৩) তেওঁৰ বিপৰীতে অভিনয় কৰিবলৈ কাপুৰ ৰাজী হয়। ধৰ্মেন্দ্ৰৰ বিপৰীতে তেওঁ ‘লোফাৰ’ (১৯৭৩) আৰু ‘ঝিল কে উস পাৰ’ত (১৯৭৩) অভিনয় কৰে। তেওঁ ‘খিলোনা’ৰ (১৯৭০) বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।২ তেওঁ ফিৰোজ খানৰ লগত ‘মেলা’ (১৯৭১), ‘অপৰাধ’ (১৯৭২), ‘নাগিন’ (১৯৭৬) আদি বহু কেইখন হিট ছবি উপহাৰ দিছে। দহখন ছবিত তেওঁৰ আৰু ৰাজেশ খান্নাৰ যুঁটিটো সৰ্বাধিক সফল আছিল। ‘আয়না’ (১৯৭৭) ছবিৰ পিছত তেওঁ অভিনয় ত্যাগকৰে।৬

ব্যক্তিগত জীৱন

শাম্মী কাপুৰে মুমতাজক ভাল পাইছিল আৰু বিয়া কৰাব বিচাৰিছিল। কিন্তু তেওঁ ইমান সোনকালে বিয়া হৈ চলচ্চিত্ৰ জগত ত্যাগ কৰিব বিচৰা নাছিল। ১৯৭৪ত তেওঁ ব্যৱসায়ী ময়ূৰ মাধৱানী বিয়া কৰায়। তেওঁলোকৰ দুজনী জীয়েক আছে। তাৰে এজনী নাতাশাই ২০০৬ চনত অভিনেতা ফিৰোজ খানৰ পুত্ৰ ফাৰদিন খানক বিয়া কৰাইছে।৭৮

বঁটা আৰু সন্মান

  • ১৯৬৮- ‘ব্ৰহ্মচাৰী’ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টচ্ বঁটা৯
  • ১৯৭০- খিলোনা ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা১০
  • ১৯৯৬- ফিল্মফেয়াৰ জীৱন জোৰা সাধনা বঁটা
  • ২০০৮- ইণ্টাৰনেচনেল ইণ্ডিয়া ফিল্ম একাডেমী বঁটা (IIFA)১১

তথ্যসূত্ৰ

  1. ↑ Jha, Subhash. (30 July 2012). Mumtaz: I am lonely. The Times of India
  2. ↑ 1–3. An interview with Mumtaz. 22 September 2006. Yahoo.com
  3. ↑ (13 July 2012). Mumtaz: Dara Singh's kindness got me my first role. Times of India
  4. ↑ Dinesh Raheja. (August 2002). The oomph and spirit of Mumtaz. Rediff.com
  5. ↑ Box Office 1969. BoxOfficeIndia.com
  6. ↑ (18 July 2012). Mumtaz: Rajesh Khanna was very close to me. Rediff.com
  7. ↑ Men Actress Mumtaz loved and lost! - Times of India. The Times of India
  8. ↑ (31 July 2017). Mumtaz turns 70: Did you know Shammi Kapoor and Jeetendra were in love with the actor?. Hindustan Times
  9. ↑ Archived copy
  10. ↑ खिलोना सिनेमात मुमताझला कशी मिळाली महत्त्वाची भूमिका? - Maharashtra Times. Maharashtra Times
  11. ↑ (17 May 2008). IIFA to honour Rehman, Benegal and Mumtaz. DNA

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুমতাজ (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৯৭৩০৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।