শ্ৰীয়া চৰণ ভাটনাগৰ (Shriya Saran Bhatnagar) (জন্ম-১১ ছেপ্টেম্বৰ ১৯৮২) -ক শ্ৰীয়া নামেৰেও জনা যায়৷ শ্ৰীয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল৷ তেখেতে সাধাৰণতে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ দেহৰাদুনত জন্ম লাভ কৰা শ্ৰীয়াই শৈশৱৰ অধিকাংশ সময় হৰিদ্বাৰত অতিবাহিত কৰিছিল৷ ২০০১ চনত তেখেতৰ নৃত্যগুৰু ৰেণু নাথানে থিৰকটি কিউ হাৱা নামৰ এটি সংগীত ভিডিঅ’ত অংশগ্ৰহণৰ সুবিধা উলিয়াই দিয়ে৷ এই ভিডিঅ’টোৱে শ্ৰীয়াৰ পৰিসৰ বঢ়ালে আৰু ভাৰতীয় ছবিৰ জগতখনত পৰ্যাক্ৰমে শ্ৰীয়াক দেখিবলৈ পোৱা গ’ল৷ শ্ৰীয়াই এগৰাকী প্ৰতিভাশালী নৃত্যশিল্পী হোৱাৰ বাসনা পুহি ৰাখিছিল যদিও তেখেতক শীৰ্ষ চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়া হ'ল৷ ২০০১ চনত তেলেগু ছবি ইষ্টমৰ জৰিয়তে শ্ৰীয়াৰ অভিষেক ঘটে৷ তাৰ ঠিক পিছৰটো বছৰতে শ্ৰীয়াই ব্যৱসায়িকভাৱে সফল ছবি সন্তোষমত অভিনয় কৰে৷
হিন্দী আৰু তামিল ভাষাৰ ছবিজগতত কাম কৰি থকাৰ সমান্তৰালভাৱে শ্ৰীয়া চৰণে কেইখনমান তেলেগু ভাষাৰ ছবিতো অভিনয় কৰে৷ ২০০৭ চনত শ্ৰীয়াই ৰজনীকান্ত অভিনীত শিৱাজী নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনে সেইসময়ৰ তামিল উদ্যোগত সৰ্বাধিক-উপাৰ্জনকাৰী ছবিৰ তালিকাভুক্ত হয়৷ ২০০৭ চনতে মুক্তি লাভ কৰা হিন্দী ভাষাৰ ছবি আৱাৰাপনত অভিনয় কৰি শ্ৰীয়াই সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ ২০০৮ চনত শ্ৰীয়াক দেখা যায় আমেৰিকান-ভাৰতীয় প্ৰযোজনাত মুক্তি লাভ কৰা ইংৰাজী ভাষাৰ ছবি “দ্য আডাৰ এণ্ড অৱ দ্যা লাইন”ত৷ ছবিখনত তেখেতে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে৷ ২০০৯ চনত তামিল ভাষাৰ ছবি কান্থাস্বামী আৰু ২০১০ চনত মালায়ালম ভাষাৰ ছবি পক্কীৰী ৰাজাত শ্ৰীয়াই অভিনয় কৰে৷ এনেকৈয়ে শ্ৰীয়া দক্ষিণ ভাৰতীয় ছবি উদ্যোগত এগৰাকী শীৰ্ষস্থানীয় অভিনেত্ৰীৰ মৰ্যাদা পায়৷১ বিশ্ববিখ্যাত লেখক ছলমান ৰুশ্বডিৰ গ্ৰন্থৰ আধাৰত ২০১২ চনত দীপা মেহতাই পৰিচালনা কৰা মিডনাইটছ্ চিলড্ৰেনত শ্ৰীয়াক দেখিবলৈ পোৱা যায়৷ ছবিখনৰ জৰিয়তে শ্ৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিবাচক প্ৰশংসা লাভ কৰে৷ ২০১৩ চনৰ ছবি পৱিত্ৰা আৰু চন্দ্ৰা হৈছে শ্ৰীয়া চৰণৰ অন্য দুখন সফল ছবি৷ ২০১৪ চনত তেখেতে সমালোচকৰ দ্বাৰা সমাদৃত তেলেগু ভাষাৰ ছবি মনমত অভিনয় কৰে৷
প্ৰাৰম্ভিক জীৱন
১৯৮২ চনৰ ১১ ছেপ্টেম্বৰত হৰিদ্বাৰত শ্ৰীয়া চৰণ ভাটনাগৰৰ জন্ম হয়৷২৩ পিতৃ আছিল পুষ্পেন্দ্ৰ চৰণ ভাটনাগৰ আৰু মাতৃ আছিল নিৰজা চৰণ ভাটনাগৰ৷১২ পিতৃয়ে ভাৰত হেভি ইলেকট্ৰিকেলছ লিমিটেডত কৰ্মৰত আছিল আৰু মাতৃ ৰাণিপুৰ আৰু নতুন দিল্লীস্থ দিল্পী পাব্লিক স্কুলৰ এগৰাকী ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী আছিল৷২ মাতৃয়ে শিক্ষাদান কৰা দুয়োখন শিক্ষানুষ্ঠানৰ পৰা শ্ৰীয়াই স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷৪ শ্ৰীয়াৰ জ্যেষ্ঠ ভ্ৰাতৃ হৈছে অভিৰূপ৷ তেখেত মুম্বাইৰ বাসিন্দা৷৫
চাৰণ এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী৷ মাতৃয়ে প্ৰথমে তেখেক কথক আৰু ৰাজস্থানী লোকনৃত্যত প্ৰশিক্ষিত কৰোৱায়৷ পৰৱৰ্তী সময়ত তেখেতক শোভানা নাৰায়ণৰ দ্বাৰা তেখেতক কথক শৈলীত প্ৰশিক্ষিত কৰোৱা হয়৷৬মহাবিদ্যালয়ত অধ্যয়ণৰ কালছোৱাত শ্ৰীয়া চৰণে বহুকেইটা নৃত্যদলৰ লগত জড়িত হৈ পৰিছিল৷ তেওঁলোকে নৃত্যৰ শৈলীৰ লগত সামাজিক বিষয়ৰ একত্ৰীকৰণ কৰিছিল৷৪
ব্যক্তিগত জীৱন
২০১৮ চনৰ ১২ মাৰ্চত শ্ৰীয়াই তেখেতৰ ৰাছিয়ান প্ৰেয়স এন্দ্ৰেই কছিছভৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ বিবাহোনুষ্ঠানভাগ শ্ৰীয়াৰ লোখনৱালা বাসগৃহতেই সম্পন্ন হয়৷৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Sizzling Shriya's Life in Pics (click through multiple pages). NDTV
- ↑ Shreya Saran's official website — section Me, Myself
- ↑ Konchem Touchlo Vunte Chepta – Episode 12 – December 20, 2014. Zee Telugu at 2:50 min. she confirms her birth place)
- ↑ (13 June 2010). Tharathinoppam — Abhaya Interviews Shreya Saran — Part 2
- ↑ 'Sivaji' has been a great experience: Shriya. Sify
- ↑ (29 April 2008). Deft moves with times. The Hindu
- ↑ (20 March 2018). Pics leaked! Shriya Saran and husband Andrei Koscheev look ROYAL in their wedding pictures. Bollywood Hungama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীয়া চৰণ” প্ৰবন্ধৰ সংশোধন ৩৮৩০০৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।