আলিয়া আদৱানী (জন্ম: ৩১ জুলাই ১৯৯১), পেছাগতভাৱে কিয়াৰা আদৱানী, মূলতঃ হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৪ চনৰ হাস্যৰসাত্মক ছবি ফুগলীত অভিনয়েৰে তেওঁ ছবিজগতত খোজ দিয়ে। তেওঁ ২০১৬ চনৰ ক্ৰীড়া বায়'পিক ছবি এম.এছ. ধোনি: দ্য আনটল্ড ষ্ট'ৰীত এমএছ ধোনিৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৮ চনত মুক্তিপ্ৰাপ্ত নেটফ্লিক্সৰ ছবি লাষ্ট ষ্ট’ৰীজ আৰু তেলেগু ভাষাৰ ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ছবি ভাৰত আনে নেনুত মুখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।১
২০১৯ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী দুখন হিন্দী ছবি, ৰোমান্টিক ছবি কবীৰ সিং আৰু কমেডী ছবি গুড নিউজত কৰা অভিনয়ৰ বাবে আদৱানীয়ে ভূয়সী প্ৰশংসা লাভ কৰে। গুড নিউজ ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ আইফা বঁটা" লাভ কৰে। ২০২২ চনত মুক্তিপ্ৰাপ্ত ছবি ভূল ভুলাইয়া ২ আৰু জুগজুগ জীয়ো, দুয়োখনে ছবিয়েই ব্যৱসায়িকভাৱে সফল হয়। যুদ্ধমূলক ছবি শ্বেৰশ্বাহ (২০২১)ত বিক্ৰম বাত্ৰাৰ প্ৰেমিকা আৰু ৰোমান্টিক ছবি সত্যপ্ৰেম কী কথা (২০২৩)ত এগৰাকী অশান্ত বিবাহিত মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ "শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনীত হয়।২
অভিনয়ৰ উপৰিও তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপেও কাম কৰে। ২০২৩ চনত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়৷৩
তথ্যসূত্ৰ
- ↑ কিয়াৰা আদৱানী. News18 Assam
- ↑ গুগলত এই বছৰত সৰ্বাধিক চাৰ্চ কৰা তালিকাৰ শীৰ্ষত আছে কিয়াৰা আদৱানীৰ নাম. ETV Bharat
- ↑ ২০২৩ৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰী কিয়াৰা আদৱানী. Asomiya Pratidin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিয়াৰা আদৱানী” প্ৰবন্ধৰ সংশোধন ৬০৪৭৫৬ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।