অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাকুল প্ৰীত সিং

ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৫০৯ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।১ লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।

জন্ম পৰিচয়

১৯৯০ চনৰ ১০ অক্টোৱৰত নতুন দিল্লীৰ পঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰে।২ 'আৰ্মী পাব্লিক স্কুল'ৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু পিছত 'যীশুচ্‌ এণ্ড মেৰী কলেজ, ইউনিভাৰ্চিটি অৱ দিল্লী'ত গণিতশাস্ত্ৰৰ অধ্যয়ন কৰে।৩৪ তেওঁৰ পিতৃৰ নাম ৰাজেন্দৰ সিং আৰু মাতৃৰ নাম কুলৱিন্দৰ সিং।৫ তেওঁৰ ভাই অমন প্ৰীত সিং।৬

কৰ্মজীৱন

আত্মপ্ৰকাশ (২০০৯–২০১৪)

সিং, যিয়ে কৈছিল যে তেওঁ সদায় অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল, কলেজীয়া ছাত্ৰী অৱস্থাত তেওঁ যেতিয়া মডেলিং কৰিবলৈ লয় তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ।৭ ২০০৯ চনত তেওঁ ছেলভাৰাঘাভানৰ 7G ৰেইনবো কলোনিৰ ৰিমেক কন্নড় ছবি গিল্লিৰ যোগেদি অভিনয়ৰ আত্মপ্ৰকাশ কৰিছিল।৮ তেওঁ কৈছিল যে তেওঁ "অলপ অতিৰিক্ত পকেট ৰখাৰ লক্ষ্যৰে" চিনেমাখনত স্বাক্ষৰ কৰিছিল আৰু তেওঁ "দক্ষিণ ভাৰতীয় চিনেমা কিমান ডাঙৰ" আছিল সেই বিষয়ে অজ্ঞাত আছিল।৮ ডিগ্ৰী সম্পূৰ্ণ কৰি লৈ ঘূৰি অহাৰ আগতে চিনেমাখনত তেওঁৰ অভিনয়ৰ ভূমিকাৰ বাবে সমালোচনাৰ প্ৰশংসা লাভ কৰিছিল আৰু ২০১১ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।৯ পিপ'লচ চইচ মিছ ইণ্ডিয়াটাইমছৰ উপৰিও, তেওঁ পাণ্টানছ ফেমিনা মিছ ফ্ৰেছ ফেচ, ফেমিনা মিছ টেলেণ্টেড, ফেমিনা মিছ বিউটিফুল স্মাইল আৰু ফেমিনা মিছ বিউটিফুল আইছকে ধৰি প্ৰতিদ্বন্দ্বিতাত চাৰিটা খিতাপ লাভ কৰিছিল।১০

তেওঁ ২০১১ চনত চলচ্চিত্ৰ জগতলৈ উভতি আহিছিল, তেলুগু আৰু মালয়ালম দুয়োটা ভাষাতে মুক্তি দিয়া সিদ্ধাৰ্থ ৰাজকুমাৰৰ বিপৰীতে কেৰাটামত উপস্থিত হৈছিল, যদিও সমালোচনাই উল্লেখ কৰিছিল যে, “তেওঁ স্ক্ৰীণৰ বাবে অতি কম সময় পাইছিল।”১১ চিনেমাখন একেটা কাষ্টকে ৰাখি পুনৰ বেলেগ পৰিচালকৰ পৰিচালনাত "ইউভান" নাম দি তামিল ভাষাত নিৰ্মাণ কৰা হৈছিল।১২ ২০১২ চনত তেওঁ তামিল ছবি থাদিয়াৰা ঠাক্কাত এক সহ-অভিনেত্ৰীৰ ভূমিকাত অভিনয় কৰিছিল।১৩

২০১৩ চনৰ জানুৱাৰীত তেওঁ পুটাগাম নামৰ এখন তামিল ছবিত উপস্থিত হয়। ২০১৩ চনৰ নৱেম্বৰত তেওঁক তেলুগুৰ ভেঙ্কটদাৰী এক্সপ্ৰেছতো দেখা গৈছিল,১৪১৫ যিখন ছবি পৰৱৰ্তী সময়ত বাণিজ্যিকভাৱে সফলতা লাভ কৰিছিল আৰু ৬১তম ফিল্মফয়াৰ এৱাৰ্ড দক্ষিণৰ বাবে তেওঁ প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীলৈ মনোনীত হয়।১৬ ২০১৪ চনত তেওঁ দিব্য কুমাৰৰ পৰিচালনাত বলীউডত প্ৰথম য়াৰিয়ানৰ যোগেদি খোজ পেলাইছিল,১৭ যাৰ পিছত তেওঁৰ তৃতীয় তামিল ছবি য়েন্নামো য়েধো মুক্তি লাভ কৰিছিল। ২০১৪ চনৰ মাজভাগলৈ তেওঁ একেলগে তিনিখন তেলুগু চিনেমাত কাম কৰি আছিল,১৮ যিবোৰ পৰিচালনা কৰিছিল ক্ৰমে- শ্ৰীৱাস,১৯ জি নাগেস্বৰ ৰেড্ডী২০ আৰু গোপিচাণ্ড মালিনেনী। শ্ৰীৱাসৰ ল'ক্যম আৰু জি নাগশ্বৰ ৰেড্ডীৰ কাৰেণ্ট থেগা আছিল তেওঁৰ পৰৱৰ্তী মুক্তি ছবি। তেওঁ দুয়োখন চিনেমাতে তেওঁৰ প্ৰদৰ্শনৰ বাবে ইতিবাচক প্ৰশংসা লাভ কৰিছিল,২১২২ লগতে 123telugu.comয়ে তেওঁক, "slowly becoming a star actress" বুলি কৈছিল।২৩ ৬২তম ফিল্মফয়াৰ এৱাৰ্ড দক্ষিণত তেওঁ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী মনোনয়ন লাভ কৰিছিল। তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি আছিল গোপিচাণ্ড মালিনেনী দ্বাৰা পৰিচালনা ছবি পাণ্ডাগা চেকো য'ত তেওঁ ৰাম পথিনেনিৰ বিপৰীতে অভিনয় কৰিছিল।

ৰাজহুৱা স্বীকৃতি আৰু সফলতা (২০১৫-বৰ্তমান)

তাৰ পিছত সিঙে “হাফ এ ডজন” (half-a-dozen) -ত মহিলা নেতৃত্ব হিচাপে নিৰ্বাচিত হৈছিল, যাৰ চাৰিখন উচ্চ প্ৰফাইল তেলুগু ছবি হৈছে: ৰবি তেজাৰ বিপৰীতে সুৰেন্দৰ ৰেড্ডীৰ কিক ২,২৪ ৰাম চৰণ তেজাৰ বিপৰীতে শ্ৰীনু বৈতলাৰ ব্ৰুচ লী,২৫ সুকুমাৰৰ নান্নাকু প্ৰেমাথোঁ জুনিয়ৰ এন টি আৰৰ বিপৰীতে২৬ আৰু বয়াপতি শ্ৰীনুৰ সাৰ্ৰাইনাডু আল্লু অৰ্জুনৰ বিপৰীতে।২৭ তেওঁ তেওঁৰ ছবি নান্নাকু প্ৰেমাথোঁৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল কিয়নো তেওঁ এই চিনেমাখনত প্ৰথমবাৰ নিজৰ বাবে নাম দিছিল২৮ আৰু তেওঁৰ প্ৰথম সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী বঁটা “জিঅ’ চিমা ২০১৭” (Jio SIIMA 2017) লাভ কৰে। ২০১৬ চনৰ জানুৱাৰী মাহত তেওঁ বেল্লামকোণ্ডা শ্ৰীনিভাজৰ বিপৰীতে বয়াপতি শ্ৰীনুৰ পৰিচালনাত জয় জানকী নায়ক ছবিত স্বাক্ষৰ কৰে যাৰ বাবে তেওঁ টকা আদায় কৰিছিল।২৯ ২০১৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত তেওঁ সুৰেন্দৰ ৰেড্ডীৰ ছবি ধ্ৰুৱত দ্বিতীয়বাৰ ৰাম চৰণ তেজাৰ বিপৰীতে অভিনয় কৰে।৩০

ফিল্ম’গ্ৰাফী

+টোকাএতিয়াও মুক্তি লাভ কৰা নাই
চনশিৰোনামচৰিত্ৰপৰিচালকভাষানোট
২০০৯গিল্লীআৰতিৰাঘৱ লকীকন্নড়ভাষাৰ প্ৰথম ছবি
২০১১কেৰাতামসংগীতাগৌতম পাটনৈকতেলুগুভাষাৰ প্ৰথম ছবি
২০১১য়ুভানআৰ. এন. চা ৰণতামিলভাষাৰ প্ৰথম ছবি
২০১২থাদৈয়াৰা থাক্কাগায়ত্ৰী ৰামকৃষ্ণণমাগিজ থিৰুমিনী
২০১৩পুথাগামদিব্যাবিজয় অধিৰাজ
২০১৩ভেনকাটাদ্ৰী এক্সপ্ৰেছপ্ৰাৰ্থনামেৰলাপাকা গান্ধীতেলুগু
২০১৩য়াৰিয়ানচালনীদিব্যা খস্লা কুমাৰহিন্দীভাষাৰ প্ৰথম ছবি
২০১৩য়েন্নাম’ য়েধোনিথ্যাৰবি ত্যাগৰজনতামিল
২০১৪ৰাঘনন্দুচি. এইছ. সুব্বা ৰেড্ডীতেলুগু
২০১৪লৌক্ষ্যামচন্দ্ৰকলা "চান্দু"শ্ৰীৱাস
২০১৪কাৰেণ্ট থেএাকবিতাগি. নাগেশ্বৰ ৰেড্ডী
২০১৫পানদাগা চেচ্‌কোদিব্যাগোপিচান্দ মালিনেনী
২০১৫কিক ২চৈত্ৰাসুৰেন্দৰ ৰেড্ডী
২০১৫ব্ৰুচলী: দ্যা ফাইটাৰৰিয়া ৰাওশ্ৰীণু ভাইটলা
২০১৬নান্নাকু প্ৰেমাথোঁদিব্যাংকা / দিব্যাসুকুমাৰ
২০১৬চৰাইনদুজানু / মহালক্ষ্মীবয়াপাতী শ্ৰীণু
২০১৬ধ্ৰুৱইশিকাসুৰেন্দৰ ৰেড্ডী
২০১৭ৱিনাৰচিতাৰাগোপিচান্দ মালিনেনী
২০১৭ৰাৰান্দৈ ভেদুকা সুধামভ্ৰামাৰাৰমভাকল্যাণ কৃষ্ণ কুৰশালা
২০১৭জয়া জানকী নায়কাজোনাকী / চুইটীবয়াপাতী শ্ৰীণু
২০১৭স্পাইডাৰচাৰ্লীএআৰ মুৰুগাদোশতেলুগুবিলিংগুৱেল ফিল্ম
চালিনীতামিল
২০১৭থেৰান আধিগাৰাম অনদ্ৰুপ্ৰিয়া থেৰানএইছ. বিনদতামিল
২০১৮আইয়াৰীছনীয়া গুপ্তানিৰাজ পাণ্ডেহিন্দী
২০১৯এনটিআৰ: কাথানায়াকুদুশ্ৰীদেৱীকৃশতেলুগুস্পেচিয়েল এপিয়াৰেঞ্চ
২০১৯দেৱমেঘনাৰজত ৰবিশংকৰতামিল
২০১৯দে দে প্যাৰ দেআয়েশাআকিভ আলীহিন্দী
২০১৯এনজিকেভানাথীচেলভাৰ্গৱতামিল
২০১৯মেনমাধুদু ২অৱন্তীকাৰাহুল ৰবিন্দ্ৰনতেলুগু
২০১৯মাৰজাবাআৰজুমিলাপ মিলান জাভেৰীহিন্দী
২০২০ছিমলা মিৰচীনেইনাৰমেশ চিপ্পী
২০২০এট্টেকলক্ষ্য ৰাজপ’ষ্ট প্ৰডাকচন
২০২০আয়ালানআৰ. ৰবিকুমাৰতামিলফিল্মিং
২০২০চালে চালোকাশভী নায়াৰহিন্দীফিল্মিং৩১
২০২১ইণ্ডিয়ান ২এছ. শংকৰতামিলফিল্মিং৩২

বঁটা আৰু মনোনয়ন

চনবঁটাশিতানফিল্মফলাফল
২০১৪৬১তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথশ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগুভেনকাটাদ্ৰী এক্সপ্ৰেছ৩৩
২০১৫চিনেমা এৱাৰ্ডচ্‌শ্ৰেষ্ঠ অভিনেত্ৰী (জুৰী)লৌক্যাম
৬২তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথশ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু৩৪
৪ৰ্থ চাউথ ইণ্ডিয়ান ইণ্টাৰনেচনেল মুভী এৱাৰ্ডচ্‌শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু
২০১৬জি. তেলুগু অপ্সৰা এৱাৰ্ডচ্‌বৰ্ষটোৰ জনপ্ৰিয় অভিনেত্ৰীপাণ্ডাগা চেস্ক’, ব্ৰুচলী - দ্যা ফাইটাৰ
২০১৭জি. চিনেমালু এৱাৰ্ডচ্‌গোল্ডেন ষ্টাৰ অফ দ্যা ইয়াৰধ্ৰুৱ, ৱিন্নাৰ
ফিট্টেষ্ট ষ্টাৰ অফ দ্যা ইয়াৰ-
জি. তেলুগু অপ্সৰা এৱাৰ্ডচ্‌ষ্টাইল আইক’ন অফ দ্যা ইয়াৰ-
৬৪তম ফিল্মফেয়াৰ এৱাৰ্ডচ্‌ চাউথশ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগুনান্নাকু প্ৰেমাথোঁ৩৫
৬য় চাউথ ইণ্ডিয়ান ইণ্টাৰনেচনেল মুভী এৱাৰ্ডচ্‌শ্ৰেষ্ঠ অভিনেত্ৰী – তেলুগু
জি. গোল্ডেন এৱাৰ্ডচ্‌বৰ্ষটোৰ প্ৰিয় অভিনেত্ৰীৰাৰান্দৈ ভেদুকা চুধাম

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dundoo, Sangeetha Devi. (25 January 2016). Rakul Preet Ayyer interview: In the big league and loving it. The Hindu
  2. ↑ Nijher, Jaspreet. (7 February 2013). The kudis of Punjab flock South. The Times of India
  3. ↑ Jul 10, Riya Sharma · TNN ·; 2017; Ist, 01:00. Rakul Preet Singh: Rakul Preet Singh: I chose JMC over LSR because I wanted to study in a good-looking college! · Delhi News - Times of India. The Times of India
  4. ↑ The kudis of Punjab flock South – The Times of India. Timesofindia.indiatimes.com (7 February 2013). Retrieved on 10 October 2015
  5. ↑ Rakul Preet Singh: Believe in giving back to the society. Telangana Today
  6. ↑ Yadav, Nitesh. (26 February 2020). Rakul Preet's brother Aman to make Bollywood debut with 'Ram Rajya'. www.indiatvnews.com
  7. ↑ Sangeetha Devi Dundoo. (23 September 2014). Swamped with work. The Hindu
  8. ↑ Logesh Balachandran. (5 November 2013). Rakul Preet Singh's success story. Deccan Chronicle
  9. ↑ (19 October 2009). Gilli – Well done Gururaj!. Indiaglitz.com
  10. ↑ (18 April 2011). India voted for me: Rakul Preet Singh. The Times of India
  11. ↑ Siddharth Rajkumar's movie titled 'Keratam' - Malayalam Movie News. IndiaGlitz.com
  12. ↑ (3 August 2011). Yuvan producer sidelining Aishwarya. The Times of India
  13. ↑ (24 June 2011). Rakul's tryst with K'wood. The Times of India
  14. ↑ ‘Venkatadri Express’ continues good run. 123telugu.com. Retrieved 10 October 2015
  15. ↑ 'Venkatadri Express' hit, Chota K. Naidu calls it team effort – IBNLive . CNN-IBN.in.com (2 December 2013). Retrieved 10 October 2015
  16. ↑ 61st Filmfare Awards (South) Nominations: 'Attarintiki Daredi' Leads; Complete List of Nominees. International Business Times. (2 July 2014). Retrieved 10 October 2015
  17. ↑ (18 June 2013). South Indian cinema is the place to be: Rakul Preet. The Times of India
  18. ↑ Sashidhar AS. (4 May 2014). Rakul Preet replaces Hansika in Ram's film. The Times of India
  19. ↑ (11 April 2014). Gopichand-Sriwaas' new film launched. The Times of India
  20. ↑ (2 May 2014). Rakul Preet joins the sets of Manchu Manoj's next. The Times of India
  21. ↑ Movie review ‘Loukyam’: It’s a routine comedy one. Deccan Chronicle. (26 September 2014). Retrieved 10 October 2015
  22. ↑ Loukyam Movie Review, Trailer, & Show timings at Times of India. The Times of India. (26 September 2014). Retrieved 10 October 2015
  23. ↑ Current Theega Telugu Movie Review. 123telugu.com (31 October 2014). Retrieved 10 October 2015
  24. ↑ "Surender Reddy confirms the heroine in Kick 2" . IndiaGlitz (11 September 2014). Retrieved 11 September 2014
  25. ↑ "Rakul with Ram Charan". The Times of India (18 February 205). Retrieved 18 February 2015
  26. ↑ "NTR to romance Rakul Preet". The Times of India (5 January 2015). Retrieved 5 January 2015
  27. ↑ "Rakul Preet Singh pairs up with Allu Arjun" . IndiaGlitz. Retrieved 25 June 2015
  28. ↑ kavirayani, suresh. (2 July 2016). No Telugu, no work. Deccan Chronicle
  29. ↑ "Rakul Preet hikes fee, charges Rs 1.5 crore". Deccan Chronicle. (17 January 2016). Retrieved 4 June 2016
  30. ↑ "Rakul Preet Singh in Telugu remake of ‘Thani Oruvan’". The Indian Express. (7 February 2016). Retrieved 4 June 2016
  31. ↑ (16 November 2019). Arjun Kapoor and Rakul Preet start shooting for their untitled film. The Times of India
  32. ↑ (12 August 2019). Shooting of Kamal Haasan's 'Indian 2' begins. The News Minute
  33. ↑ Nominations for the Best Actress (Telugu). filmfare.com
  34. ↑ Who will win the Best Actor (Female)?. filmfare.com
  35. ↑ Rakul Preet Singh- Best Telugu Actor in Leading Role Female Nominee · Filmfare Awards. filmfare.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাকুল প্ৰীত সিং” প্ৰবন্ধৰ সংশোধন ৬৪০৩৬২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।