অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৰ্দাৰ আখতাৰ

চৰ্দাৰ আখতাৰ (Sardar Akhtar; ১৯১৫–১৯৮৬) হিন্দী আৰু উৰ্দু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ উৰ্দু ৰংগমঞ্চত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহ সৰোজ মুভীটনৰ দ্বাৰা নিৰ্মিত, য'ত তেওঁ সৰহভাগ ষ্টাণ্ট (একচন) ভূমিকা কৰিছিল।

হালনাগাদ: ৩ মাৰ্চ ২০২৫ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চৰ্দাৰ আখতাৰ (Sardar Akhtar; ১৯১৫–১৯৮৬) হিন্দী আৰু উৰ্দু ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ উৰ্দু ৰংগমঞ্চত অভিনয় জীৱন আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক ছবিসমূহ সৰোজ মুভীটনৰ দ্বাৰা নিৰ্মিত, য'ত তেওঁ সৰহভাগ ষ্টাণ্ট (একচন) ভূমিকা কৰিছিল। ছোহৰাব মোদীৰ পুকাৰ (১৯৩৯) ছবিখনত ৰামী ধুবুনীৰ চৰিত্ৰত মূল নাৰী চৰিত্ৰত অভিনয় কৰে। স্বামীৰ মৃত্যুৰ ন্যায় বিচৰা এগৰাকী মহিলাৰ ৰূপত তেওঁৰ বাবে ই আছিল এক সফল ভূমিকা। ছবিখনত তেওঁ গোৱা এটা জনপ্ৰিয় গীত আছিল "কাহেকো মহে ছেড়ে"।১ তেওঁৰ কৰ্মজীৱনৰ সকলোতকৈ ডাঙৰ ভূমিকা আছিল মেহবুব খানৰ ঔৰতত (১৯৪০), স্বামীয়ে পৰিত্যক্ত কৰা "কৃষক মহিলা" হিচাপে, যিটো চৰিত্ৰ পিছলৈ মেহবুবৰ পুনৰ্নিৰ্মাণ ‘মাদাৰ ইণ্ডিয়া’ত নাৰ্গিছে বিখ্যাত কৰি তুলিছিল।২

১৯৩৩–৪৫ চনৰ কেৰিয়াৰ কালছোৱাত তেওঁ ৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ১৯৪২ চনত আখতাৰে মেহবুব খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাক তেওঁ আলী বাবা (১৯৪০) ছবিত অভিনয় কৰাৰ সময়ত লগ পাইছিল। ফেশ্বন (১৯৪৩) আৰু ৰাহতৰ দৰে ছবি সম্পূৰ্ণ কৰাৰ পাছত তেওঁ অভিনয় এৰি দিয়ে। ১৯৭০ দশকত তেওঁ অ' পি ৰালহানৰ হলচল (১৯৭১) ছবিৰে পুনৰ চৰিত্ৰ অভিনেত্ৰী হিচাপে অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Gulazāra; Govind Nihalani; Saibal Chatterjee. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 55. ISBN 978-81-7991-066-5
  2. ↑ Mahmood, Hameeddudin. Sardar Akhtar-Profile. cineplot.com. Cineplot
  3. ↑ Bunny Reuben. (1994). Mehboob, India's DeMille: The First Biography. Indus. পৃ. 67. ISBN 978-81-7223-153-8

সম্পৰ্কিত শ্ৰেণী

উৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰ্দাৰ আখতাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৬০৩৪ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।