জেকলিন জিনেভিভ ফাৰ্ণাণ্ডীজ (সিংহল: ஜாக்குலின் பெர்னாண்டஸ் (জাক্কুলিন়্ পেৰ্ন়াণ্টস্), জন্ম: ১১ আগষ্ট ১৯৮৫) এগৰাকী ভাৰত-ভিত্তিক শ্ৰীলংকান অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰিছে, লগতে বিভিন্ন বাস্তৱ অনুষ্ঠান আৰু সংগীত ভিডিঅ’তো অংশগ্ৰহণ কৰিছে।১২৩ ফাৰ্ণাণ্ডীজ বাহ্ৰেইনত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল হৈছিল। ছিডনী বিশ্ববিদ্যালয়ৰ পৰা গণমাধ্যমত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত, তেওঁ শ্ৰীলংকাত সংবাদ প্ৰতিবেদক হিচাপে কাম কৰিছিল আৰু তাৰ পিছত মডেলিং জগতত যোগদান কৰে। ২০০৬ চনত তেওঁ মিছ ইউনিভাৰ্চ শ্ৰীলংকাৰ মুকুট অৰ্জন কৰে আৰু মিছ ইউনিভাৰ্ছ ২০০৬-ত শ্ৰীলংকাৰ প্ৰতিনিধিত্ব কৰে।৪ ২০০৯ চনত মডেলিঙৰ কামত ভাৰতলৈ আহোঁতে, তেওঁ সুজয় ঘোষৰ পৰীৰ কাহিনীৰ আধাৰিত নাটক "আলাদিন"ৰ বাবে সফলভাৱে অডিচন দিয়ে, যি তেওঁৰ অভিনয় জগতত প্ৰৱেশ হিচাপে গণ্য হয় আৰু তাৰ বাবে আই আই এফ এ বঁটা লাভ কৰে। ২০১১ চনৰ মনস্তাত্ত্বিক থ্ৰিলাৰ মাৰ্ডাৰ ২ ছবিখনে তেওঁক জনপ্ৰিয়তা আৰু ব্যৱসায়িক সফলতা প্ৰদান কৰে। তাৰ পিছত হাউছফুল ২ (২০১২) আৰু ৰেচ ২ (২০১৩) ছবিত গ্লেমাৰস ভূমিকাত অভিনয় কৰে, য'ত অন্তিম ছবিখনে তেওঁক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে আই আই এফ এ বঁটাৰ মনোনয়ন লাভ কৰে। ফাৰ্ণাণ্ডীজে কিক (২০১৪), বিক্ৰান্ত ৰোনা (২০২২)ৰ পৰা আৰম্ভ কৰি, হাউছফুল ৩ (২০১৬) আৰু জোড়ুৱা ২ (২০১৭) আদি একাধিক সফল বক্স অফিচ ছবিত অভিনয় কৰিছে। চিনেমাৰ বাহিৰে, তেওঁ ঝলক দিখলা জাৰ ছিজন ৯-ৰ নৃত্য প্ৰতিযোগিতা শো ঝলক দিখলা জা (২০১৬–২০১৭)-ৰ বিচাৰক হিচাপে কাম কৰিছে। তেওঁ একাধিক বাণিজ্যিক প্ৰতিষ্ঠানৰ মুখপাত্ৰ, মঞ্চ প্ৰদৰ্শন আৰু দানশীল কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
জেকলিন ফাৰ্ণাণ্ডীজৰ জন্ম হৈছিল ১৯৮৫ চনৰ ১১ আগষ্টত। তেওঁ পিতৃ ইলৰয় ফাৰ্ণাণ্ডীজক জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিছে। অভিনেত্ৰীগৰাকীৰ পিতৃয়ে সদায় তেওঁলোকৰ পৰিয়ালৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে। কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই তেওঁ ফাৰ্নাণ্ডেজৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা হিচাপে কাম কৰি আহিছে। সেয়ে তেওঁ নিজকে দেউতাকৰ দৰে পৰিশ্ৰমী ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰে। তেওঁ কেতিয়াও নিজৰ দায়িত্ববোধৰ পৰা আঁতৰি নাহিল। যিকোনো বিপদত মাকৰ কাষত থিয় হৈছিল। সেয়ে তেওঁ দেউতাকৰ পছন্দৰ ওপৰত ভিত্তি কৰি জীৱনসংগী বাছি লোৱাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে। তেওঁ বাৰ্লিটজ ভাষা বিদ্যালয়তো পঢ়িছিল, য'ত তেওঁ স্পেনিছ ভাষা শিকিছিল আৰু ফৰাচী আৰু আৰবী ভাষাৰ উন্নতি সাধন কৰিছিল।
জেকলিন ফাৰ্ণাণ্ডীজ হৈ পৰিছে এটা দ্বীপৰ মালিক। সেইবাবেই বলীউডৰ বাসিন্দাসকলে তেওঁক বিলাসী নায়িকা বুলি কয়। জেকলিনে নিজৰ জন্মভূমি শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ এটা দ্বীপ কিনিছে, যিটো দ্বীপ দেখাত অতি ধুনীয়া। বহু ধনী লোকে দ্বীপটো কিনিব বিচাৰিছিল। কিন্তু জেকলিনে সকলোকে অতিক্ৰম কৰি দ্বীপটোৰ মালিক হৈ পৰিল। তেওঁ কিনা দ্বীপটো শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাৰ ব্যক্তিগত দ্বীপৰ ঠিক কাষতে অৱস্থিত।
২০০৮ আৰু ২০১১ চনত ফাৰ্নাণ্ডেজে ব্ৰিটেইনৰ আলোচনী ইষ্টাৰ্ণ আইৰ "বিশ্বৰ আটাইতকৈ যৌন আবেদনময়ী এছিয়ান মহিলা" তালিকাত স্থান লাভ কৰি দ্বাদশ স্থান লাভ কৰে।
ফাৰ্ণাণ্ডীজ দাতব্য সংস্থা আৰু কেইবাটাও কামত সহায় কৰিছে। জীৱ-জন্তুৰ কল্যাণৰ পোষকতা কৰাৰ বাবে ফাৰ্নাণ্ডেজক ২০১৪ চনত পেটা (ভাৰত) দ্বাৰা "বছৰৰ মহিলা" হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁ এগৰাকী নিৰামিষভোজী।
তথ্যসূত্ৰ
- ↑ #WildForLife campaign seeks to mobilize millions to end illegal wildlife trade. United Nations
- ↑ (12 September 2016). Footballing Icon Neymar Jr. Targets Deadly Threats to Wildlife. UNEP
- ↑ Toumi, Habib. (17 February 2013). Sri Lankan actress had role in embassy decision. Gulf News
- ↑ Ramakrishnan, P. (10 August 2020). How Sri Lankan Bollywood beauty Jacqueline Fernandez became one of India's most-bankable actresses – despite being slated by the critics. South China Morning Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেকলিন ফাৰ্ণাণ্ডীজ” প্ৰবন্ধৰ সংশোধন ৫২৯৩৭১ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।