হুমা ছালিম কুৰেছি (Huma Saleem Qureshi) (; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষা ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰিছে৷ সমান্তৰালভাৱে হুমাই থিয়েটাৰ অভিনেত্ৰী আৰু মডেল হিচাপে কাম কৰি আছিল৷ বহুকেইটা থিয়েটাৰ প্ৰযোজনা গোষ্ঠীৰ সৈতে কাম কৰি হুমা মুম্বাইলৈ আহে আৰু হিন্দুস্তান লিভাৰছৰ লগত দুবছৰীয়া চুক্তি স্বাক্ষৰ কৰি টেলিভিছনৰ বিজ্ঞাপনৰ জগতত পদাৰ্পণ কৰে৷ ছেমছাং ম'বাইলৰ এটি বিজ্ঞাপনৰ সময়ত হুমা কুৰেছিৰ অভিনয়ৰ সমৰ্থতা দেখি হিন্দী কথাছবিৰ পৰিচিত পৰিচালক অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক নিজৰ কোম্পানীৰ লগত তিনিখন ছবিৰ এক চুক্তিত স্বাক্ষৰ কৰোৱায়৷
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৮৬ চনৰ ২৮ জুলাইত হুমা কুৰেছিয়ে জন্মলাভ কৰিছিল৷১২ জন্মস্থান আছিল ভাৰতৰ নতুন দিল্লীস্থ এটি মুছলমান পৰিয়াল৷৩ হুমাৰ পিতৃ ছালিম কুৰেছি আছিল দহখন ৰেষ্টুৰাঁৰ(Saleem's নামেৰে) স্বত্বাধিকাৰী৷ ৪ মাতৃ আমিনা কুৰেছি আছিল এগৰাকী কাশ্মিৰী মহিলা৷ তেখেত গৃহিণী৷৫৬ হুমা কুৰেছিৰ তিনিজন ভ্ৰাতৃ৷ তাৰে মাজত অভিনেতা ছাকিব ছালিমো আছে৷ ৬৭ কুৰেছিৰ শিশু হৈ থাকোঁতেই তেওঁলোকৰ পৰিয়ালটো দক্ষিণ দিল্লীত থকা কল্কাজীলৈ স্থানান্তৰিত হয়৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ গাৰ্গী মহাবিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ ৮৯ পৰৱৰ্তী সময়ত, হুমাই Act 1 নামৰ নাট্যগোষ্ঠী এটাত যোগদান কৰে আৰু কেইখনমান নাট্য-প্ৰযোজনাত অভিনয় কৰে৷ তেখেতৰ মেণ্টৰ আৰু অভিনয়-শিক্ষক আছিল এন. কে. শৰ্মা৷১০ হুমাই বহুকেইটা বেচৰকাৰী সংগঠনৰ লগত কাম কৰিছে আৰু তথ্যচিত্ৰ-পৰিচালকৰ লগত সহকাৰী হিচাপে কাম কৰিছে৷ ৫

সংক্ষিপ্ত কৰ্মজীৱন
২০১২ চনত হুমা কুৰেছিয়ে বলিউডত অভিষেক ঘটায়৷ ছবিখনৰ নাম আছিল-গেংগছ অৱ ৱাছেপুৰ-১৷ ছবিখন বাণিজ্যিকভাৱে সফল বিবেচিত হয়৷ ছবিখনত তেখেতক এটি সহ-অভিনেত্ৰীৰ চৰিত্ৰ দিয়া হৈছিল আৰু নিজৰ অভিনয়ৰ বাবে হুমাই দৰ্শক তথা সমালোচকৰ পৰা ভৰপূৰ প্ৰশংসা লাভ কৰে৷ ইয়াৰ পিছত গেংগছ্ অৱ ৱাছেপুৰৰ দ্বিতীয় খণ্ডতো হুমাই সফলতাৰে অভিনয় কৰে৷ এইখন ছবিও প্ৰথমটো খণ্ডৰ দৰেই 'হিট' হয়৷ অভিনেত্ৰীগৰাকীয়ে গেংগছ অৱ ৱাছেপুৰক জীৱন সলনি কৰি পেলোৱা চলচ্চিত্ৰ হিচাপে আখ্যা দিছে৷১১ হুমাৰ তৃতীয়খন ছবি আছিল লাভ শ্বাভ টেই ছিকেন খুড়ানা৷ এইখন আছিল ৰোমাণ্টিক কমেডি৷ ২০১৩ চনত হুমাই অতি-প্ৰাকৃতিক থ্ৰিলাৰধৰ্মী ছবি এক থি দায়নত অভিনয় কৰে৷ ছবিখনে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল৷ হুমাৰ কেইখনমান ছবি হৈছে-ডেড় ইস্কিয়া, বদলাপুৰ, হাইৱে, জলি এল এল বি ২, ঘূমকেতু৷ হুমাই মাৰাঠী ভাষা আৰু ইংৰাজী ভাষা ভাষাৰ ছবিতো অভিনয় কৰিছে৷ তদুপৰি লেইলা, মহাৰাণীৰ দৰে বহুচৰ্চিত অটিটি ৱেব ছিৰিজতো হুমাক দেখা গৈছে৷১২
ব্য়ক্তিগত জীৱন
ভাৰতীয় পৰিচালক আৰু লেখক মুদাচ্ছাৰ আজিজৰ লগত হুমা কুৰেছিৰ প্ৰেমজনিত সম্পৰ্ক আছে৷১৩
বঁটা আৰু মনোনয়ন
| বৰ্ষ | চলচ্চিত্ৰ | বঁটা | শিতান | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১২ | গেংগছ অৱ ৱাছেপুৰ-১ and গেংগছ্ অৱ ৱাছেপুৰ-২ | বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা | শ্ৰেষ্ঠ মনোৰঞ্জনপ্ৰদানকাৰী অভিনেত্ৰী | ১৪ | |
| ফিল্মফেয়াৰ | শ্ৰেষ্ঠ নৱাগতা( লাভ শ্বাভ টেই ছিকেন খুড়ানাৰ বাবেও) | ১৫ | |||
| শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ | ১৬ | ||||
| আইফা | শ্ৰেষ্ঠ অভিনেত্ৰী | ১৭ | |||
| স্ক্ৰীন বঁটা | প্ৰতিশ্ৰুতিসম্পন্ন নৱাগতা | ১৮ | |||
| শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা | ১৮ | ||||
| দক্ষিণ ভাৰতীয় ছবি আৰু টেলিভিছন বঁটা | বৰ্ষটোৰ শ্ৰেষ্ঠ নৱাগতা | ১৯ | |||
| অপ্সৰা ছবি আৰু দূৰদৰ্শন প্ৰযোজক গিল্ড বঁটা | শ্ৰেষ্ঠ অভিনেত্ৰী-নৱাগত | ২০ | |||
| ষ্টাৰডাষ্ট | শ্ৰেষ্ঠ অভিনেত্ৰী(also for লাভ শ্বাচ টেয় ছিকেন খুড়ানাৰ বাবেও) | ২১ | |||
| টাইমছ্ অৱ ইণ্ডিয়া বঁটা | শ্ৰেষ্ঠ নৱাগতা | ২২ | |||
| শ্বৰ্টছ | লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ | বিশেষ উল্লেখ | ২৩ | ||
| ২০১৩ | ডি-ডেই | বিগ ষ্টাৰ এণ্টাৰটেইনমেইণ্ট বঁটা | থ্ৰিলাৰ ছবিত সৰ্বাধিক মনোৰঞ্জন-প্ৰদানকাৰী অভিনেত্ৰী | ২৪ | |
| ২০১৪ | জি চিনে বঁটা | সস-অভিনেত্ৰী | ২৫ | ||
| এক থী দায়ন | স্ক্ৰীন বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ২৬ | ||
| দেড় ইস্কিয়া | ষ্টাৰডাষ্ট বঁটা | অসামান্য প্ৰদৰ্শন-অভিনেত্ৰী | ২৭ | ||
| ২০১৫ | আইফা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ২৭ | ||
| ২০১৬ | বদলাপুৰ | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ সহ-অভিনেত্ৰী | ২৮ | |
| 2021 | মহাৰাণী | ২০২১ ফিল্মফেয়াৰ অটিটি বঁটা | শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী | ২৯ |
তথ্যসূত্ৰ
- ↑ Huma Qureshi at 29: 8 times the diva made fans go ooh-la-la
- ↑ (29 July 2015). Rishi Kapoor's 'joke' on Huma Qureshi earns him flak
- ↑ Huma Qureshi Biography. Koimoi
- ↑ Huma Qureshi on life, parents and being one of a kind
- ↑ Upadhyay, Karishma. (7 August 2012). Huma's home run. The Telegraph
- ↑ Singh, Raghuvendra. (19 April 2013). Saqib Saleem & Huma Qureshi on Acting & Sibling Rivalry. iDiva
- ↑ (11 June 2013). I would love to start a chocolate factory: Huma Qureshi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (July 2015). Bollywood tips: DU allows you to explore yourself, says Huma
- ↑ Gupta, Priya. (19 April 2013). I am not dating Anurag Kashyap: Huma Qureshi. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2016-06-28). NK Sharma was the first person to tell me I could act: Huma Qureshi. Hindustan Times
- ↑ Bhattacharya, Roshmila. (17 February 2013). Gangs to Ganges. The Telegraph
- ↑ আৰ্কাইভ কপি
- ↑ DelhiSeptember 9, India Today Web Desk New; February 4, 2019UPDATED; Ist, 2022 11:44. Huma Qureshi confirms dating Mudassar Aziz. His reply is all heart. India Today
- ↑ Parande, Shweta. (18 December 2012). Big Star Entertainment Awards 2012 winners' list. Bollywoodlife.com
- ↑ Huma Qureshi—Awards. বলিউড হাংগামা
- ↑ (13 January 2013). 58th Idea Filmfare Awards nominations are here!. Filmfare
- ↑ (22 April 2013). Nominations for IIFA Awards 2013. বলিউড হাংগামা
- ↑ Nominations of 19th Screen Awards. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (7 September 2013). Winners of SAIFTA Awards 2013. বলিউড হাংগামা
- ↑ Star Guild Awards—Nominees. Star Guild Awards
- ↑ (21 January 2013). Nominations for Stardust Awards 2013. বলিউড হাংগামা
- ↑ (7 February 2013). TOIFA 2013 nominations. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 2012 Indian Film Festival of Los Angeles Announces Award Winners. Indian Film Festival
- ↑ (12 December 2013). Nominations for 4th Big Star Entertainment Awards. বলিউড হাংগামা
- ↑ Mudi, Aparna. (6 February 2014). Zee Cine Awards 2014: Complete list of nominations. Zee News
- ↑ (8 January 2014). 20th Annual Screen Awards 2014: The complete list of nominees. CNN-IBN
- ↑ (15 December 2014). Winners of Stardust Awards 2014. Bollywood Hungama
- ↑ (11 January 2016). Nominations for the 61st Britannia Filmfare Awards. Filmfare
- ↑ 2021 Nominees. Asian Television Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুমা কুৰেছি” প্ৰবন্ধৰ সংশোধন ৪৭৫৯২৭ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।