বিদ্যা মালৱাদে (Vidya Malvade)(জন্ম-২ মাৰ্চ ১৯৭৩) হৈছে এগৰাকী ভাৰতীয় অভিনয় শিল্পী৷ তেওঁক সাধাৰণতে হিন্দী ভাষাৰ চলচ্চিত্ৰত দেখা যায়৷
প্ৰাৰম্ভিক জীৱন
১৯৭৩ চনৰ ২ মাৰ্চ বিদ্যা মালৱাদেৰ জন্ম হয়৷ তেওঁৰ জন্মস্থান মহাৰাষ্ট্ৰ৷১২ তেওঁ বৰ্ষীয়ান অভিনেত্ৰী স্মিতা পাটিলৰ ভতিজী৷৩তেওঁৰ দুগৰাকী ভগ্নী আছে৷৪
কৰ্মজীৱন
বিদ্যা মালৱাদেয়ে এয়াৰ হোষ্টেছ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ মডেলিঙৰ জগতত প্ৰৱেশ কৰে৷ মডেলিঙৰ জগতত বিভিন্ন কৰ্মত নিয়োজিত হৈ থাকোঁতেই তেওঁ বিজ্ঞাপন চলচ্চিত্ৰ নিৰ্মাতা প্ৰহ্লাদ কক্কৰৰ সান্নিধ্যলৈ আহে৷ কক্কৰে তেওঁক কিছুমান বিজ্ঞাপনৰ বাবে বাছি লয়। পৰৱৰ্তী পৰ্যায়ত বিদ্যাই বিক্ৰম ভাটৰ ইণ্টেহা (২০০৩)ৰ জৰিয়তে হিন্দী ছবি জগতত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে৷ অৱশ্যে ছবিখনে বক্স অফিচত বিফলতাৰ মুখামুখি হয়।৫ তেওঁ ইয়াৰ পিছত ধাৰাবাহিকভাৱে একাধিক অসফল চিনেমা আৰু কেইবাটাও বিজ্ঞাপনত অংশ লয়৷ ২০০৭ বৰ্ষটো তেওঁৰ বাবে উল্লেখযোগ্য বৰ্ষ হিচাপে পৰিগণিত হয়৷ তেওঁ ২০০৭ চনত চক দে ইণ্ডিয়াত অভিনয় কৰে৷ ছবিখনত তেওঁ ভাৰতীয় মহিলা জাতীয় হকী দলৰ গ'লৰক্ষক আৰু অধিনায়কৰ চৰিত্ৰত অভিনয় কৰে।৬তেওঁৰ শেহতীয়া চিনেমা আছিল ইয়াৰা চিলি চিলি।৭
ৰ সৈতে বিদ্যা মালভাডে।]]
ব্যক্তিগত জীৱন
বিদ্যাই আইন অধ্যয়ন কৰি এয়াৰ হোষ্টেছ হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰথম স্বামী কেপ্তেইন অৰবিন্দ সিং বাগ্গা৷৮ তেওঁ আছিল এলায়েন্স এয়াৰৰ পায়লট৷ ২০০০ চনত তেওঁ চলাই থকা এলায়েন্স এয়াৰ ফ্লাইট ৭৪১২খনে পাটনাৰ এটা ভৱনত খুন্দা মাৰে৷৮ দুৰ্ঘটনাত বাগ্গাৰ মৃত্যু হয়৷ ২০০৯ চনত বিদ্যাই আশুতোষ গোৱাৰিকাৰৰ অস্কাৰ-মনোনীত চলচ্চিত্ৰ লগানত কাম কৰা সঞ্জয় ডায়মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁ ছবিখনৰ চিত্ৰনাট্য-লেখক আৰু সহযোগী পৰিচালক হিচাপে জড়িত হৈছিল৷৯
বঁটা আৰু মনোনয়ন
| বৰ্ষ | চলচ্চিত্ৰ | বঁটা | শিতান | ফল |
|---|---|---|---|---|
| ২০০৪ | ইণ্টেহা | ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ নৱাগতা | |
| স্ক্ৰীণ বঁটা | শ্ৰেষ্ঠ নৱাগতা | |||
| ষ্টাৰ গীল্ড বঁটা | শ্ৰেষ্ঠ নৱাগতা | |||
| ষ্টাৰ ডাষ্ট বঁটা | ছুপাৰষ্টাৰ অৱ টুমুৰ'-মহিলা | |||
| শ্ৰেষ্ঠ উল্লেখনীয় অভিনয়-মহিলা | ||||
| ২০০৯ | কিডনেপ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2018-03-02). Happy Birthday Vidya Malvade: 10 SIZZLING pics of the Chak De! girl to make your day: Bollywood News - Bollywood Hungama. বলিউড হাংগামা
- ↑ (2021-03-02). B'day Special: 48 साल की हुईं 'चक दे' गर्ल विद्या मालवडे, फिल्मों में आने से पहले थीं एयर होस्टेस. News18 Hindi
- ↑ These pictures of Vidya Malavade doing yoga are sure to give you fitness goals. Mid-day
- ↑ Giving Life A Second Chance
- ↑ Inteha tests your patience. www.rediff.com
- ↑ Webster, Andy. (2007-08-11). Chak De! India - Movies - Review. The New York Times
- ↑ Kumar, Anuj. (2015-11-06). Yaara Silly Silly: Silly indeed!. The Hindu
- ↑ (2000-07-19). Alliance Air Boeing 737 crashes near Patna. Rediff.com
- ↑ (June 2, 2019). There was a time I wanted to die. Free Press Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা মালৱাদে” প্ৰবন্ধৰ সংশোধন ৫৯৯৫০৪ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।