খুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা খুশীয়ে নেটফ্লিক্সৰ মৌলিক ছবি দ্য আৰ্চিজ (২০২৩)ত বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিষেক ঘটায়।১২ ইয়াৰ পিছত তেওঁ ৰোমাণ্টিক কমেডীধৰ্মী ছবি লাভয়াপা আৰু নাদনিয়াঁ (দুয়োখন ২০২৫)ত অভিনয় কৰে। ২০২৪ চনত জিকিউ নামৰ আলোচনী এখনে কাপুৰক "৩৫গৰাকী আটাইতকৈ প্ৰভাৱশালী ভাৰতীয় যুৱ" তালিকাত স্থান দিয়া দিছিল।৩
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
২০০০ চনৰ ৫ নৱেম্বৰ তাৰিখে খুশী কাপুৰৰ জন্ম হৈছিল।৪৫৬ অভিনেত্ৰী শ্ৰীদেৱী তেওঁৰ মাতৃ আৰু চলচ্চিত্ৰ প্ৰযোজক বনী কাপুৰৰ তেওঁৰ পিতৃ। তেওঁ সুৰিন্দৰ কাপুৰৰ নাতিনী। চলচ্চিত্ৰ অভিনেতা অনিল কাপুৰ আৰু সঞ্জয় কাপুৰৰ ভতিজী।৭ অভিনেত্ৰী জাহ্নৱী কাপুৰ তেওঁৰ বায়েক।৮ মাহীমাক মোনা শ্বৌৰীৰ তৰফৰ পৰা তেওঁৰ দুগৰাকী সতীয়া ভায়েক-ভনীয়েক আছে, অভিনেতা অৰ্জুন আৰু অংশুলা। অভিনেত্ৰী সোণম কাপুৰ, ৰিয়া কাপুৰ, হৰ্ষবৰ্ধন কাপুৰ, আৰু মোহিত মাৰৱাহ তেওঁৰ কাজিন। কাপুৰে ১৭ বছৰ বয়সতেই মাতৃক হেৰুৱাইছিল।৯১০
কাপুৰে মুম্বাইৰ ইক'ল মণ্ডিয়াল ৱৰ্ল্ড স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।১১ পিছলৈ তেওঁ ২০১৯ চনত নিউয়ৰ্ক চহৰৰ নিউয়ৰ্ক ফিল্ম একাডেমীত এবছৰীয়া অভিনয় পাঠ্যক্ৰম গ্ৰহণ কৰে।১২
কৰ্মজীৱন
কাপুৰে নিউয়ৰ্ক ফিল্ম একাডেমীত স্পিক আপ নামৰ ছাত্ৰসুলভ চুটি ছবি এখনত নেইনাৰ চৰিত্ৰত অভিনয়েৰে ছাত্ৰাৱস্থাৰ অভিনয়ত অভিষেক ঘটায়।১২ ২০২৩ চনত দ্য আৰ্চিছত১৩ তেওঁ বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।১৪ ২০২৩ চনৰ ডিচেম্বৰ মাহত ছবিখনে নেটফ্লিক্সত মুক্তি পাইছিল।১৫

২০২৫ চনত কাপুৰে জুনেইদ খানৰ বিপৰীতে তামিল ছবি লাভ টুডে (২০২২)ৰ পুনৰ্নিৰ্মাণ ৰোমাণ্টিক কমেডী লাভয়াপাত১৬ অভিনয় কৰে। থিয়েটাৰত মুক্তি পোৱা এইখনেই তেওঁৰ প্ৰথম ছবি।১৭১৮ যিহেতু ছবিখন তেওঁৰ তৃতীয়বাৰৰ চিত্ৰগ্ৰহণৰ অভিজ্ঞতা আছিল, সেয়েহে কাপুৰে কৈছিল যে তেওঁৰ প্ৰথম প্ৰজেক্টৰ তুলনাত এইবাৰ তেওঁ নিজৰ সামৰ্থ্যৰ ওপৰত যথেষ্ট বেছি আত্মবিশ্বাসী অনুভৱ কৰিছিল।১৯ নিউজ১৮-ৰ তিতাস চৌধুৰীয়ে দ্য আৰ্চিছৰ পৰা তেওঁৰ উন্নতিৰ কথা লক্ষ্য কৰিছিল আৰু ভাবিছিল যে তেওঁ "বিশেষকৈ আৱেগিকভাৱে গধুৰ দৃশ্যবোৰত আপ্লুত কৰে।" ২০ ইয়াৰ পিছত তেওঁ ধৰ্মাটিক এণ্টাৰটেইনমেণ্টৰ ৰোমাণ্টিক কমেডী নাদানিয়াঁত নৱাগত অভিনেতা ইব্ৰাহিম আলী খানৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখন নেটফ্লিক্সত মুক্তি পাইছিল।২১২২ ছবিখনে সেই সময়ত নেটফ্লিক্সত সৰ্বাধিক চোৱা ছবি হিচাপে স্বীকৃতিও লাভ কৰিছিল।
মিডিয়া ইমেজ
অভিনয়ৰ উপৰিও কাপুৰ ছল ডি জেনেইৰʼ আৰু মিন্ত্ৰাৰ দৰে ব্ৰেণ্ড তথা প্ৰডাক্টৰ ব্ৰেণ্ড এম্বেছাদৰ।২৩২৪ ২০২৩ চনত তেওঁ কচমোপলিটান ইণ্ডিয়া নামৰ আমেৰিকীয় আলোচনী এখনৰ বেটুপাতত প্ৰদৰ্শিত হৈছিল।২৫
কাপুৰে কৈছে যে সৰুতে তেওঁৰ চেহেৰাৰ ওপৰত কৰা নেতিবাচক মন্তব্যই তেওঁৰ আত্মসন্মান হ্ৰাস কৰিছিল।২৬ তেওঁ প্ৰসাধন অস্ত্ৰোপচাৰ কৰাৰ বিষয়ে মুকলিকৈ কৈছে, যাৰ ভিতৰত আছে নাকৰ অস্ত্ৰোপচাৰ আৰু ভ্ৰূৰ নেনোব্লেডিং আদি।২৭
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্য. |
|---|---|---|---|---|
| ২০২০ | স্পিক আপ | নেইনা | চুটি ছবি | ১২ |
| ২০২৩ | দ্য আৰ্চিজ | বেটী কুপাৰ | সংগীতধৰ্মী | ২৮ |
| ২০২৫ | লাভেয়াপা | বাণী শৰ্মা | পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ | ২৯ |
| নাদানিয়াঁ | পিয়া জয়সিংহ | পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ | ৩০ |
টেলিভিছন
| বৰ্ষ | শিৰোনাম | চৰিত্ৰ | টোকা | তথ্য. |
|---|---|---|---|---|
| ২০২৪ | ফেবুলাছ লাইভছ অফ বলীউড ৱাইভছ | নিজেই | অতিথিৰ ৰূপত | ৩১ |
তথ্যসূত্ৰ
- ↑ (10 December 2023). Here's why Khushi Kapoor was the right choice for playing the character of Betty Cooper in Netflix's 'The Archies'. Firstpost
- ↑ Ramachandran, Naman. (14 May 2022). Bollywood's Next Generation Stars Debuting in Netflix's 'The Archies'. Variety
- ↑ (25 April 2024). Meet GQ's Most Influential Young Indians of 2024. GQ India
- ↑ Das, Garima. (4 November 2023). Khushi Kapoor's Birthday Special: 6 Times The Young Starlet Left Us In Awe Of Her Glamorous Looks And Fashion Moments. Outlook India
- ↑ Boney and Sridevi's daughter called Khushi. Rediff.com
- ↑ (5 November 2023). Inside photos and videos from Khushi Kapoor's 23rd birthday celebrations. The Indian Express
- ↑ (7 February 2012). In pics: The Boney-Anil-Sanjay Kapoor Family Tree. CNN
- ↑ (23 April 2022). Janhvi Kapoor talks about gaining Arjun Kapoor and Anshula as siblings at later stage in life. Hindustan Times
- ↑ Habib, Shanhaz. (27 February 2018). Sridevi obituary. The Guardian
- ↑ (4 March 2018). Boney Kapoor, daughters Jahnvi and Khushi immerse Sridevi's ashes in Rameswaram. See pic. Hindustan Times
- ↑ (22 December 2023). Suhana Khan to Khushi Kapoor: Star kids who went to Dhirubhai Ambani International School; Know about the fee structure and other facilities. The Financial Express
- ↑ NYFA Alumni - Khushi Kapoor (Actor). New York Film Academy
- ↑ Verma, Sukanya. (7 December 2023). The Archies Review: Return To Innocence. Rediff.com
- ↑ (14 May 2022). Suhana Khan, Khushi Kapoor, Agastya Nanda's The Archies first-look poster and teaser is out
- ↑ (29 August 2023). The Archies starring Suhana Khan, Agastya Nanda, Khushi Kapoor to premiere on Netflix on December 7, 2023; see unique announcement. Bollywood Hungama
- ↑ Kumar, Vineeta. (6 February 2025). Loveyapa review: Junaid Khan wonderfully elevates a well-intentioned rom-com
- ↑ Ramachandran, Naman. (6 November 2023). India's Phantom Studios Lines Up Slate of Theatrical Projects, CEO Srishti Behl Reveals at Taiwan Creative Content Fest. Variety
- ↑ Ramachandran, Naman. (19 February 2023). Tamil Blockbuster 'Love Today' Gets Bollywood Remake From Phantom, AGS. Variety
- ↑ Mathur, Abhimanyu. (1 February 2025). Khushi Kapoor admits she's more 'stressed' about Loveyapa than The Archies: 'There's box office numbers, other factors'. হিন্দুস্তান টাইমছ
- ↑ Loveyapa Review: Junaid, Khushi's film Is A Frothy Take On Modern Love But Lacks Love Today's Rawness. News18
- ↑ (16 February 2024). Khushi Kapoor, Ibrahim Ali Khan's rom-com Dharma film titled 'Naadaniyaan': Report. Firstpost
- ↑ (21 January 2024). Ibrahim Ali Khan and Khushi Kapoor kick off rom-com journey with Karan Johar. Bollywood Hungama
- ↑ (12 October 2023). Khushi Kapoor on board as brand ambassador for Brazilian body care brand Sol De Janeiro. Bollywood Hungama
- ↑ (28 July 2023). Khushi Kapoor and Vedang Raina collaborate on an exciting new project. Film Companion
- ↑ (18 December 2023). Sexy! Khushi Kapoor Sizzles In A Deep-Neck Corset For A Magazine Cover, Hot Photo Goes Viral; See Here. News18
- ↑ (4 February 2025). Khushi Kapoor says her self-esteem took a hit after being mocked for her looks: 'I was called certain names'. The Indian Express
- ↑ (28 January 2025). Khushi Kapoor opens up about nose job, lip fillers, reveals she recently had her eyebrows nano-bladed. The Indian Express
- ↑ (19 June 2022). Zoya Akhtar announces 'The Archies' schedule wrap; Khushi Kapoor bids Ooty goodbye with happy pics featuring Suhana Khan, Vedang Raina and co-stars. The Times of India
- ↑ (28 May 2024). Junaid Khan begins shooting three-week shoot schedule for romantic comedy opposite Khushi Kapoor in Mumbai. Bollywood Hungama
- ↑ Brzeski, Patrick. (3 February 2025). Netflix Unveils 2025 India Content Slate: New Films and Series Announced. The Hollywood Reporter
- ↑ Fabulous Lives vs Bollywood Wives Season 3 Trailer OUT: Ranbir Kapoor says sister Riddhima will 'mess it up'; Ananya Panday, Khushi Kapoor, Saif Ali Khan join. Pinkvilla
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুশী কাপুৰ” প্ৰবন্ধৰ সংশোধন ৬০০৪৬৫ (১৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।