শ্বাহানা গোস্বামী (Shahana Goswami,জন্ম-৬ মে' ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। শ্বাহানাই সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে। প্ৰযোজনা সহযোগী হিচাপে কেৰিয়াৰৰ পাতনি মেলা শ্বাহানাই পৰৱৰ্তী সময়ত অভিনয়ৰ জগতত ভৰি দিয়ে আৰু একাধিক ভিন্নধৰ্মী ছবিত কাম কৰে। ২০০৯ চনত মুক্তিপ্ৰাপ্ত ৰক অন ছবিত অভিনয় কৰি শ্বাহানাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১ ফিল্মফেয়াৰৰ উপৰি শ্বাহানাই আইফা, ষ্টাৰ স্ক্ৰীন আদি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফিৰক, মিডনাইটছ চিলড্ৰেন, বোম্বাই বেগমছ, ব্ৰেক কে বাদ হৈছে শ্বাহানাৰ কিছু উল্লেখযোগ্য কৰ্ম।
প্ৰাৰম্ভিক জীৱন
শ্বাহানাৰ জন্ম হৈছিল নতুন দিল্লীত। তেখেতে দিল্লীৰ চৰ্দাৰ পেটেল বিদ্যালয় আৰু মুম্বাইৰ ছফিয়া কলেজত শিক্ষাগ্ৰহণ কৰে। স্কুলত তেখেতে হাউছ কেপ্টেইন আৰু ক্ৰীড়া চেম্পিয়ন আছিল। তেখেতে দহবছৰৰ কাৰণে গুৰু পদ্মশ্ৰী কিৰণ ছেগলৰ অধীনত ওডিছীৰ প্ৰশিক্ষণ লৈছিল।
কৰ্মজীৱন
সৰুতেই শ্বাহানা পেচাগত অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল। তেখেতে মুম্বাইলৈ আহি নিজৰ স্নাতক শিক্ষা সমাপ্ত কৰে আৰু অভিনয়ৰ ক্ষেত্ৰত থকা সম্ভাৱনাসমূহ অন্বেষণ কৰে। প্ৰথম পদক্ষেপ হিচাপে তেখেতে যামিনী পাঠকৰ থিয়েটাৰ গ্ৰুপত কাম কৰে। ইয়াত তেখেতে প্ৰযোজনা সহযোগী হিচাপে কৰ্মৰত হৈছিল। পৰৱৰ্তী সময়ত শ্বাহানাই তেওঁলোকৰে প্ৰযোজনাত মঞ্চস্থ হোৱা ছিগাল আৰু আৰবিয়ান নাইটছত অভিনয় কৰে।
থিয়েটাৰত কৰ্মৰত হৈ থকাৰ সময়তে টেলেণ্ট কনছালটেণ্ট শ্বানু শৰ্মাই শ্বাহানক নাছিৰুদ্দিন শ্বাহৰ অভিষেককাৰী পৰিচালনা ইউ হোতা ত' ক্যা হোতাৰ বাবে অডিশ্যন দিবলৈ কয়। পৰ্যায়ক্ৰমে শ্বাহানাই ৰীমা কাগতিৰ ছবি "হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড"ত বোমান ইৰানীৰ জীয়েকৰ চৰিত্ৰ ৰূপায়ণ কৰে।২সেইখিনি সময়তে, ইউ হোতা ত' ক্যা হোতাত শ্বাহানাৰ অভিনয় প্ৰত্যক্ষ কৰা এগৰাকী চিত্ৰগ্ৰহণকাৰীয়ে তেখেতক পাৰ্ছেপ্ট পিকচাৰ কোম্পানীৰ ৰু ব ৰুৰ বাবে অডিশ্যন দিবলৈ পৰামৰ্শ দিয়ে। ছবিখনৰ বাবে শ্বাহানা নিৰ্বাচিত হয় আৰু স্নাতক শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তেই তেখেতে সেইখন ছবিত অভিনয় কৰে। ছবিখনৰ প্ৰথমটো শ্বট শ্বাহানাই বেংককত দিয়ে।৩
শ্বাহানাৰ বন্ধু শ্বানু শৰ্মা আৰু ছিমৰণে ৰক অন বাবে অভিনয়-শিল্পীৰ বাছনি কৰি থকাৰ সময়তে শ্বাহানাৰ নামটো ছবিখনৰ পৰিচালক অভিষেক কাপুৰক জনোৱা হয়। পৰৱৰ্তী সময়ত শ্বাহানাই ৰক অনৰ বাবে অডিশ্যন দিয়ে আৰু ছবিখনৰ ডেবি নামৰ গুৰুত্বপূৰ্ণ চৰিত্ৰটোত অভিনয়ৰ সুযোগ পায়। এইটো চৰিত্ৰত অভিনয় কৰি শ্বাহানাই দৰ্শক আৰু সমালোচকৰ প্ৰশংসা অৰ্জন কৰাৰ উপৰি বহুকেইটা মানসম্পন্ন বঁটাও লাভ কৰে। তাৰে ভিতৰত ফিল্মফেয়াৰৰ পৰা লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ বঁটাটো অন্যতম।৪ ২০১৩ চনত মুক্তিপ্ৰাপ্ত দীপা মেহতাৰ ছবি মিডনাইটছ চিলড্ৰেন আছিল শ্বাহানাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ছবি। ছলমান ৰুশ্বডিৰ একে নামৰ প্ৰখ্যাত উপন্যাসখন ছবিখনৰ আধাৰ আছিল।৫ ২০২১ চনত শ্বাহানাই অলংকৃতা শ্ৰীবাস্তৱৰ নিৰ্দেশত বোম্বাই বেগমছ নামৰ ছটা খণ্ডৰ নেটফ্লিক্স চিৰিজটোত অভিনয় কৰে। এইটো ছিৰিজত তেখেতৰ লগতে পূজা ভাট, অম্ৰুতা শুভাস আৰু প্লাৱিতা বৰঠাকুৰয়েও অভিনয় কৰিছে।৬
তথ্যসূত্ৰ
- ↑ (1 March 2009). Winners of Filmfare Awards 2009. Bollywood Trends
- ↑ Shahana Goswami interview. Deccan Herald
- ↑ (16 January 2009). Shahana Goswami interview. Screen India
- ↑ Shahana Goswami interview. Sify
- ↑ www.imdb.com/title/tt1714866/
- ↑ Keshri, Shweta. (July 16, 2020). Netflix's Bombay Begums starring Pooja Bhatt deals with desire, ethics and vulnerabilities. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহানা গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪১২৫৯৭ (১৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।