অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)

আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৫ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত।১২৩ বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে। পিছলৈ আয়েশাই তেলুগু ভাষাৰ চলচ্চিত্ৰ মুখাচিত্ৰম (২০২২)ত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায় আৰু পৰৱৰ্তীকালত ওম ভীম বুছ নামৰ আন এখন ছবিত অভিনয় কৰে।৪৫

প্ৰাৰম্ভিক জীৱন

২০০২ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে মুম্বাইত আয়েশাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শ্বাহাব খানৰ জন্ম হৈছিল বিহাৰৰ পাকৰিবাৰৱন নগৰত আৰু পিছত তেওঁ মুম্বাইত বসতি স্থাপন কৰিছিল। তেওঁৰ ভাতৃ শ্বাহবাজ খান ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়া।৬৭৮

কৰ্মজীৱন

২০২০ চনত, একতা কাপুৰৰ টিভি ধাৰাবাহিক কচৌটি জিন্দেগী কেত কনিষ্ঠ শিল্পী হিচাপে অভিনয়েৰে টেলিভিছন জগতত অভিষেক ঘটাই আয়েশাই নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।৯ ২০২০ চনত, টেলিভিছন শ্বʼ বালবীৰ ৰিটাৰ্নছত, তেওঁক বীৰ্বাৰ চৰিত্ৰত দেখা গৈছিল।১০১১

অভিনয় জগতত অভিষেক ঘটাৰ পিছত ২০২৩ চনত, আয়েশা বিগ বছৰ ১৭তম ছিজনৰ এগৰাকী প্ৰতিযোগী আছিল। শ্ব’টোত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ উল্লেখযোগ্য স্বীকৃতি লাভ কৰে।১২১৩

তেলুগু ছবি গেংছ অৱ গোদাৱৰীৰ মোথা গীতৰ মিউজিক ভিডিঅʼতো তেওঁ অতিথি চৰিত্ৰত অভিনয় কৰিছিল।১৪১৫

গোপীচন্দ মালিনিনীৰ দ্বাৰা পৰিচালিত আৰু ছানী দেউল অভিনীত, বলীউডৰ ছবি জাটত তেওঁ এগৰাকী কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰে।১৬ ২০২৪ চনৰ ২০ অক্টোবৰ তাৰিখে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰখন প্ৰকাশ পাইছিল।১৭১৮

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাভাষাটোকা
২০২২মুখাচিত্ৰমমায়া ফাৰ্নাণ্ডেজতেলুগু
২০২৪ওম ভীম বুছৰাত্তালু
গেংছ অফ গোদাবৰীনিজেই"মোথা" শীৰ্ষক গীতটিত বিশেষ উপস্থিতি।
মানামেস্মিতা
২০২৫জাটকনিষ্টবল আয়েশা খানহিন্দী

টেলিভিছন

বৰ্ষশিৰোনামভূমিকাভাষাটোকা
কসৌটি জিন্দেগী কেহিন্দী
২০২০বালবীৰ ৰিটাৰ্ণছবীৰ্বা
২০২৩–২০২৪বিগ বছ ১৭প্ৰতিযোগী৮ম স্থান
২০২৪–২০২৫দিল কো ৰাফু কৰ লেইনিকি

তথ্যসূত্ৰ

  1. ↑ (1 January 2024). Bigg Boss 17: Ayesha Khan is back, picks up fight with Munawar Faruqui and Anurag Dobhal. Watch. হিন্দুস্তান টাইমছ
  2. ↑ Ayesha Khan ने जूनियर आर्टिस्ट के तौर पर की थी अपनी शुरुआत, इस पॉपुलर शो में था इतना सा किरदार - Bigg Boss 17 Fame Ayesha Khan Worked as Junior Artist in Ekta Kapoor Star Plus Show Kasautii Zindagi Kay. Jagran
  3. ↑ (2023-12-21). From playing a negative role in Baalveer to making headlines for her controversy with Munawar Faruqui: All you need to know about Bigg Boss 17 wildcard contestant Ayesha Khan. The Times of India
  4. ↑ (21 December 2023). Bigg Boss 17: Ayesha Khan's Journey Playing Villain In Baalveer To Controversy With Munawar Faruqui. Jagran
  5. ↑ (2024-09-13). Glam girl Ayesha Khan seeks 'acting roles'. Telugu Cinema
  6. ↑ (19 December 2023). Bigg Boss 17: Know Everything About Munawar Faruqui's Ex-Girlfriend Ayesha Khan, Age, Affairs, Career, and More. jagrantv.com
  7. ↑ (18 December 2023). पकरीबरावां की आयशा खान की बिग बॉस में इंट्री. Hindustan
  8. ↑ पकरीबरावां की निवासी आयशा की बिग बॉस में इंट्री. Dainik Bhaskar
  9. ↑ Ayesha Khan ने जूनियर आर्टिस्ट के तौर पर की थी अपनी शुरुआत, इस पॉपुलर शो में था इतना सा किरदार - Bigg Boss 17 Fame Ayesha Khan Worked as Junior Artist in Ekta Kapoor Star Plus Show Kasautii Zindagi Kay. Jagran
  10. ↑ (18 December 2023). Bigg Boss 17: From junior artist in Kasautii Zindagii Kay to Baalveer 3's negative role; Know Ayesha Khan. pinkvilla.com
  11. ↑ Ayesha Khan interview: A film with Ram Charan is on my wishlist. Hindustan Times
  12. ↑ (2024-04-05). Bigg Boss 17's Ayesha Khan opens up on casting couch in film industry, reveals when a man older than her father made her feel uncomfortable. The Indian Express
  13. ↑ (2024-06-09). Bigg Boss 17 Fame Ayesha Khan Talks About Love, Relationships And More. Times Now
  14. ↑ (19 February 2024). 'Bigg Boss 17' fame Ayesha Khan to be seen in a special song in Telugu film 'Gangs of Godavari'. ANI News
  15. ↑ Desk, South First. (2024-03-26). Ayesha Khan's item number in 'Gangs of Godavari' becomes instant hit. The South First
  16. ↑ Rambabu. (2024-10-20). Who are the female leads in Sunny Deol Jaat. cinejosh.com
  17. ↑ (2024-10-19). Sunny Deol drops fierce FIRST LOOK poster from 'Jaat' movie; director Gopichand Malineni promises 'Mass Feast Loading'
  18. ↑ (2024-10-20). This sizzling beauty is a part of Sunny Deol's Jaat · Latest Telugu cinema news · Movie reviews · OTT Updates, OTT. 123telugu.com

সম্পৰ্কিত শ্ৰেণী

মুম্বাইৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৫৩৮৬০৬ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।