জাৰিনা ৱাহাব ( Zarina Wahab) অভিনেত্ৰী মুখ্যতঃ হিন্দী আৰু মালয়ালম ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি চিতচোৰ আৰু গোপালকৃষ্ণৰ লগতে হিন্দী আৰু মালয়ালম ছবি মদনোলছৱম, চমৰম, পলাংগল আৰু আদামন্তে মকন আবু আদি ছবিৰ বাবে তেওঁ পৰিচিত।
প্ৰাৰম্ভিক জীৱন
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এটা মুছলমান পৰিয়ালত ৱাহাবৰ জন্ম হৈছিল। তেওঁ তেলুগু ভাষা, হিন্দী ভাষা আৰু ইংৰাজীৰ উপৰিও মাতৃভাষা উৰ্দু ভাষাতো পাকৈত।১ তেওঁ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII), পুনেত অভিনয়ৰ প্ৰশিক্ষণ লয়।২ তেওঁৰ তিনিগৰাকী ভনীয়েক আৰু এজন ভায়েক আছে।
কৰ্মজীৱন
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত চলচ্চিত্ৰ প্ৰযোজক ৰাজ কাপুৰৰ পৰা তেওঁৰ চেহেৰা সম্পৰ্কে নেতিবাচক প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছত ৱাহাব হতাশ হৈছিল যদিও নিজকে উপস্থাপন কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা চলায়। লগতে তেওঁ ছবিৰ পাৰ্টি আৰু অন্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লয়। অৱশেষত তেওঁ ছবি নিৰ্মাতাৰ চকুত পৰে আৰু ছবিত অভিনয় কৰাৰ সুযোগ পায়।৩ বাসু চেতাৰ্জীৰ চিতচোৰ (১৯৭৬) ছবিত মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ অগৰ, জাজবাত, সাৱন কো আনে দো, ৰয়িছজাদা আদি ছবিত অভিনয় কৰিছিল, য’ত সাধাৰণতে তেওঁক মধ্যবিত্তীয় ছোৱালীৰ ভূমিকাত নিৰ্বাচিত কৰা হৈছিল। ঘৰোণ্ডাৰ (১৯৭৭) বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।৪ তেওঁ বহু কেইখন মালয়ালম, তেলেগু, তামিল আৰু কানাড়ী ছবিতো অভিনয় কৰিছে। ৱাহাবে ২০০৯ চনত কেলেণ্ডাৰ ছবিৰ জৰিয়তে বহু বছৰৰ বিৰতিত মালয়ালম ছবিলৈ উভতি আহিছিল ৫ আৰু তাৰ পিছৰে পৰা নিয়মীয়াকৈ মালয়ালম ছবিত অভিনয় কৰি আহিছে। সমালোচকৰ দ্বাৰা প্ৰশংসিত আদামিন্টে মাকান আবুত অভিনয় কৰা চৰিত্ৰৰ বাবে তেওঁক এতিয়াও স্মৰণ কৰা হয়।৬ মাই নেম ইজ খান ছবিখনত তেওঁ ৰিজৱান খানৰ (শ্বাহৰুখ খানৰ চৰিত্ৰ) মাতৃ হিচাপেও অভিনয় কৰিছিল।৭ বৰ্তমান ৱাহাবে টেলিভিছন ধাৰাবাহিকত বয়সীয়া চৰিত্ৰত অভিনয় কৰে।৮
ব্যক্তিগত জীৱন
ৱাহাবে অভিনেতা আদিত্য পাঞ্চোলিক কলংক কা টিকাৰ চেটত লগ পাইছিল।৯ ১৯৮৬ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। সুৰজ আৰু ছানা দম্পতীহালৰ পুত্ৰ আৰু কন্যা। তেওঁলোকৰ বিবাহিক জীৱনৰ অশান্তি, স্বামীৰ মেজাজ, বিশ্বাসঘাটকতাৰ গুজৱ আদি খবৰ কাকতৰ গছিপ কলামত প্ৰকাশ পাইছিল।১০ ৱাহাবৰ কন্যাও এগৰাকী অভিনেত্ৰী।১১ জিয়া খানৰ মৃত্যুৰ সৈতে জড়িত তেওঁৰ পুত্ৰ সুৰজক ২০১৩ চনৰ জুন মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।১২ ২০১৫ চনত হিৰো ছবিৰ যোগে সুৰজৰ বলীউডত অভিষেক ঘটে; য’ত সুনীল শেট্টীৰ কন্যা আথিয়া শেট্টীয়েও অভিনয় কৰিছিল।
তথ্যসূত্ৰ
- ↑ Inspiring story of Zarina Wahab: Wonder Woman - Who are you today?. India Today
- ↑ (21 March 2010). First batch looks back at good old days TNN. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Zarina Wahab. Parinda.com. Retrieved 29 September 2012
- ↑ 1st Filmfare Awards 1953. Deep750.googlepages.com. Retrieved 29 September 2012
- ↑ (26 January 2009). Profile of Malayalam Actor Zarina Wahab. En.msidb.org
- ↑ (26 January 2009). Adaminte Makan Abu (2011). En.msidb.org
- ↑ Another Addition to the Cast of My Name Is Khan
- ↑ The Sunday Tribune – Spectrum – Television. The Tribune. (8 February 2004). Retrieved 29 September 2012
- ↑ The Tribune, Chandigarh, India – Chandigarh Stories. The Tribune. (30 October 2003). Retrieved 29 September 2012
- ↑ DNA – After Hrs – ‘I have a short memory for bad things’ – Daily News & Analysis. Daily News and Analysis. (3 July 2006). Retrieved 29 September 2012
- ↑ City Times – To be or not to be... like mum?. Khaleejtimes.com (23 March 2007). Retrieved 29 September 2012
- ↑ Jiah Khan's Boyfriend Sooraj Pancholi Arrested on Suspicion of Abetting Her Suicide. People. Associated Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰিনা ৱাহাব” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।