অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিত্ৰাশী ৰাৱট

চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চিত্ৰাশী ৰাৱট (Chitrashi Rawat) এগৰাকী ভাৰতীয় মডেল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু অভিনেত্ৰী। ২০০৭ চনত ‘চক দে ইণ্ডিয়া’ ছবিখনত কোমল চৌটালাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰিছিল। চিত্ৰাশী এগৰাকী হকী খেলুৱৈ। ১৭ বছৰ বয়সৰ পৰাই হকী খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বাওঁফালৰ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল।১২৩৪

কৰ্মজীৱন

চিত্ৰাশী ৰাৱটে সৰুৰে পৰা ফিল্ড হকী খেলি আহিছিল।

‘চক দে ইণ্ডিয়া’ চিনেমাখনত হকী খেলুৱৈৰ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ জবলপুৰত অডিচন দিয়ে৷ অডিচনত সন্তুষ্ট হৈ প্ৰযোজকসকলে তেওঁক বাছি লৈছিল। ছবিখন বিশ্বজুৰি ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয় আৰু ৰাৱাটে খ্যাতি লাভ কৰে। ২০০৮ চনত তেওঁৰ দ্বিতীয়খন ছবি ‘ফেশ্বন’ত অভিনয় কৰে। বক্স অফিচত এই ছবিখনে সফলতা লাভ কৰিছিল, আৰু সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। ২০০৯ চনৰ একচন ছবি লাকত তেওঁ সঞ্জয় দত্ত, ইমৰাণ খান, শ্ৰুতি হাছান, মিথুন চক্ৰৱৰ্তী, আৰু ৰবি কিশানৰ সৈতে মূল চৰিত্ৰত অভিনয় কৰিছিল। বক্স অফিচত ছবিখনে গড় ব্যৱসায় কৰিছিল।

তেওঁৰ শেহতীয়া ছবিসমূহৰ ভিতৰত আছে ‘য়েহ দুৰিয়ান’ আৰু ২০১২ চনৰ হিট ছবি ‘তেৰে নাল লাভ হো গয়া’।

ৰাৱট গুৰু নানক একাডেমীৰ প্ৰাক্তন শিক্ষাৰ্থী। উত্তৰাখণ্ডৰ ৰায়পুৰৰ বাসিন্দা টি এছ ৰাৱটৰ কন্যা ৰাৱাটে নিয়মিতভাৱে উত্তৰাখণ্ডৰ হকী দলটোক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰে। বৰ্তমান তেওঁ গণমাধ্যমৰ স্নাতক ডিগ্ৰীৰ বাবে ছেইণ্ট এণ্ড্ৰু এফ ৱাই বি এম এমত অধ্যয়ন কৰি আছে। সহ অভিনেত্ৰী বিদ্যা মালৱাড়ে আৰু সাগৰিকা ঘাটগেৰ সৈতে ‘মিনিট মেইড পাল্পি অৰেঞ্জ’ৰ বাবে প্ৰচাৰ চলাইছে।

তেওঁৰ ঘৰ ডেৰাডুনত। তেওঁ ‘ষ্টাৰ গোল্ডৰ ছাবছে ফেভাৰিট কৌন’ পৰিৱেশন কৰিছে। অপ্টিমিষ্টিক্সৰ কমেডী চাৰ্কাছ ২ৰ তেওঁ প্ৰতিযোগী আছিল। মধুৰ ভাণ্ডাৰকাৰৰ ফেশ্বনত তেওঁ শ্বোমুৰ চৰিত্ৰত অভিনয় আৰু শেহতীয়াকৈ ২০০৯ চনৰ একচন থ্ৰিলাৰ চিনেমা লাকত "শ্বৰ্টকাট"ৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ ‘আই এম এ চেলিব্ৰিটি...গেট মি আউট অৱ ইয়াৰ!’ৰ ভাৰতীয় পুনৰ্নিৰ্মাণ ‘ইছ জংগল ছে মুঝে বাচাও’ত অংশগ্ৰহণ কৰে।

২০২০ চনত ৰাৱটে টিস্কা চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত ‘ৰুবাৰু’ নামৰ চুটি ছবিত অভিনয় কৰিছিল।৫

বঁটা

বৰ্ষবঁটাশিতানতথ্য
২০০৮ষ্টাৰ স্ক্ৰীণ বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী৬

তথ্যসূত্ৰ

  1. ↑ (21 February 2019). Chitrashi Rawat's next is a web series. timesofindia.indiatimes.com
  2. ↑ (30 July 2021). Zee Comedy Show set to tickle the funny bone, to launch this weekend. timesofindia.indiatimes.com
  3. ↑ (10 June 2018). It's football time for 'Chak De!' girls. timesofindia.indiatimes.com
  4. ↑ (5 October 2018). Acting, poetry and storytelling at this manch. timesofindia.indiatimes.com
  5. ↑ Dundoo, Sangeetha Devi. (28 November 2020). Tisca Chopra turns director with 'Rubaru'. The Hindu
  6. ↑ "Chak De India". filmbeat.com

সম্পৰ্কিত শ্ৰেণী

অভিনয় শিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীঅভিনেত্ৰীখেলুৱৈউত্তৰাখণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰাশী ৰাৱট” প্ৰবন্ধৰ সংশোধন ৪৬৯২৭৫ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।