মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল।১২ ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।৩ হিন্দী ভাষা, পঞ্জাবী ভাষা আৰু উৰ্দু ভাষা ছবিৰ সৈতে জড়িত মুখতাৰ বেগমে হাথিলি দুলহন, আলী বাবা চল্লিছ চোৰ, নল দময়ন্তী, দিল কি প্যাস, আঁখ কা নচা, মুফ্লিছ আছিক আৰু ছত্ৰ বকাৱলী আদি ছবিত অভিনয় কৰিছিল।৪
প্ৰাৰম্ভিক জীৱন
মুখতাৰ বেগমৰ জন্ম হৈছিল ১৯০১ চনত ব্ৰিটিছ ৰাজৰ অমৃতসৰত। মুখতাৰ ঘৰখনৰ ডাঙৰ ছোৱালী আছিল আৰু ভনীয়েক ফৰিদা খানমৰ উপৰিও আৰু তিনিজন ভায়েক আছিল।৫৬
তেওঁ পাটিয়ালা ঘৰানা ক্লাছিক মিউজিক স্কুলত সংগীতৰ প্ৰশিক্ষণ লয়। তাত ওস্তাদ মিঞা মেহেৰবান খান নামৰ এজন শিক্ষকে তেওঁৰ গান ভাল পাইছিল আৰু তেওঁ ওস্তাদ আছিক আলী খানৰো শিক্ষক আছিল। গতিকে মেহেৰবান খানে তেওঁক সাত বছৰ বয়সৰ পৰাই হিন্দুস্তানী কণ্ঠ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ দিয়ে।৫
কৰ্মজীৱন
১৯৩০ চনত তেওঁ কলকাতালৈ যায় আৰু তেওঁ মঞ্চনাট আৰু থিয়েটাৰত কাম কৰে; যিবোৰ বিখ্যাত উৰ্দু নাট্যকাৰ আৰু কবি আঘা হাছাৰ কাশ্মীৰীয়ে লিখিছিল।৭১ মুখতাৰ বেগম বম্বেলৈও গৈছিল আৰু তাতো তেওঁ থিয়েটাৰত কাম কৰিছিল। থিয়েটাৰৰ পিছত তেওঁ ১৯৩১ চনৰ পৰা নিৰ্বাক চলচ্চিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। নল দময়ন্তী, দিল কি প্যাস, আঁখ কা নচা আৰু মুফ্লিছ আছিককে ধৰি হিন্দী, পাঞ্জাবী আৰু উৰ্দু তিনিওটা ভাষাৰ ছবিতে তেওঁ অভিনয় কৰিছিল। তেওঁ প্ৰেম কি আগ আৰু ভেশম নামৰ দুখন ছবিৰ বাবে গীতো ৰচনা কৰিছিল।৮
কলিকতাত তেওঁ নুৰ জাহান আৰু তেওঁৰ পৰিয়ালক লগ পাইছিল আৰু তেওঁ নুৰ জাহান আৰু তেওঁৰ ভনীয়েকহঁতক ছবি আৰু থিয়েটাৰত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ নুৰ জাহানহঁতক কিছুমান প্ৰযোজকৰ সৈতে আৰু স্বামী আঘা হাছাৰ কাশ্মীৰীৰ সৈতে চিনাকি কৰাই দিছিল।৯
মুখতাৰ বেগমে পৰিয়ালৰ সৈতে দেশ বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু তেওঁ লাহোৰত বসতি স্থাপন কৰে।১০৫ তাত তেওঁ ৰেডিঅ' আৰু টেলিভিছনৰ বাবে গজল গোৱা অব্যাহত থাকিল।১১১২১৩
তেওঁ সংগীত শিক্ষয়িত্ৰী হিচাপেও কাম কৰিছিল আৰু তেওঁ কণ্ঠশিল্পী নাছিম বেগম আৰু নিজৰ কনিষ্ঠ ভগ্নী ফৰিদা খানমক শাস্ত্ৰীয় সংগীত গায়ন আৰু গজলৰ প্ৰশিক্ষণ দিছিল।১৪
পৰৱৰ্তী জীৱন
তেওঁ উৰ্দু কবি, নাট্যকাৰ আৰু নাট্যকাৰ আঘা হাছাৰ কাশ্মীৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পক্ষাঘাতগ্ৰস্ততা আৰু দীৰ্ঘদিনীয়া ৰোগত ভূগি ১৯৮২ চনৰ ২৫ ফেব্ৰুৱাৰীত কৰাচীত ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কৰাচীৰ ছ’চাইটিৰ কবৰস্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
তথ্যসূত্ৰ
- ↑ (28 April 2022). فلمی و ادبی شخصیات کے سکینڈلز۔ ۔ ۔قسط نمبر356. Daily Pakistan
- ↑ Encyclopaedia of Indian Cinema. Oxford University Press. পৃ. 40
- ↑ Indian Horizons, Volume 53. New Delhi, Indian Council for Cultural Relations. পৃ. 55
- ↑ Who's Who: Music in Pakistan. Xlibris Corporation. পৃ. 179
- ↑ (26 March 2022). Mallikas of yesteryear. Himal Southasian
- ↑ Who's Who: Music in Pakistan. Xlibris Corporation. পৃ. 179
- ↑ India's Shakespeare: translation, interpretation, and performance. Newark: University of Delaware Press. পৃ. 289
- ↑ Indian Filmography: Silent & Hindi Films, 1897-1969. Bombay J. Udeshi. পৃ. 90
- ↑ DOUBLE X FACTOR. JAICO Publishing House. পৃ. 100
- ↑ (12 July 2021). Lahore a part of me. The News International
- ↑ (15 January 2022). The history, art and performance of ghazal in Hindustani sangeet. Daily Times
- ↑ (10 June 2021). Daagh and ghazal singing. The News International
- ↑ (24 December 2021). Experimenting with ghazal. The News International
- ↑ Who's Who: Music in Pakistan. Xlibris Corporation. পৃ. 187
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখতাৰ বেগম” প্ৰবন্ধৰ সংশোধন ৬০৩৫৮০ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।