লোকসভাৰ সাংসদ
১৯১ প্ৰবন্ধ
-
তাৰাদেৱী সিদ্ধাৰ্থ
ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
-
তেজস্বিনী গৌড়া
তেজস্বিনী গৌড়া (Tejaswini Gowda; জন্ম: ১১ নৱেম্বৰ ১৯৬৬) কৰ্ণাটক(ভাৰত)ৰ কনকাপুৰাৰ পৰা কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি চতুৰ্দশ লোকসভাৰ (২০০৪–২০০৯) সদস্য হৈছিল। এই আসনখনেই পাছলৈ বাংগালুৰু (গ্ৰাম্য) আসনলৈ ৰূপান্তৰিত হয়, আৰু ২০০৯ চনত তৃতীয় স্থান লাভ কৰাৰ সময়ত তেওঁ নতুন আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।
-
দেৱাশ্ৰী চৌধুৰী
দেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দৰ্শনা জৰ্দোশ
দৰ্শনা জৰ্দোশ (Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।
-
ধীৰেশ্বৰ কলিতা
ধীৰেশ্বৰ কলিতা (Dhireswar Kalita; ২২ এপ্ৰিল ১৯২২ – ১৪ জানুৱাৰী ১৯৯৭) এজন ভাৰতীয় ৰাজনীতিক আছিল আৰু লোকসভাৰ সাংসদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এজন নেতা আছিল। ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে তেওঁ গুৱাহাটী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
নিশা চৌধুৰী
নিশা চৌধুৰী (Nisha Chaudhary,১৯৫২–২০০১) এগৰাকী সামাজিক আৰু ৰাজনৈতিক সমাজকৰ্মী আছিল৷ তেওঁ ১৯৯০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ গুজৰাট ৰাজ্যৰ সবৰকান্ত সমষ্টিৰ পৰা তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
নিৱেদিতা সম্ভাজীৰাও মানে
নিৱেদিতা সম্ভাজীৰাও মানে (Nivedita Sambhajirao Mane, জন্ম ১১ এপ্ৰিল ১৯৬৩) ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু শিৱসেনাৰ সৈতে জড়িত এগৰাকী ৰাজনীতিবিদ। তেওঁ ১৪ নং লোকসভাৰ সদস্য আছিল।
-
নীলম সোণকাৰ
নীলম সোণকাৰ (Neelam Sonkar; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ দলটোৰ প্ৰাৰ্থী হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ লালগঞ্জ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১৬ নং লোকসভাত প্ৰৱেশ কৰে৷
-
পদ্মশ্ৰী কুদুমুলা
পদ্মশ্ৰী কুদুমুলা (Padmashree Kudumula) এগৰাকী শিক্ষক আৰু দশম লোকসভা (১৯৯১–৯৬)ৰ প্ৰাক্তন সদস্য৷ তেওঁ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ সংৰক্ষিত সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে জড়িত।
-
পানাবাকা লক্ষ্মী
ড° পানাবাকা লক্ষ্মী (Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)।
-
পাৰ্ৱতী দেৱী
ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমো (Rani Parvati Devi Deskit Wangmo; ১ মে' ১৯৩৪ – ৫ নৱেম্বৰ ২০২৪) ভাৰতীয় ৰাজ পৰিয়ালৰ সদস্যা আৰু ৰাজনীতিবিদ। তেওঁ লাডাখৰ ৰাণী মাতৃ আছিল। ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ষষ্ঠ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পুনমবেন মাদম
পুনমবেন মাদম (জন্ম ১৯৭৪) ভাৰতৰ গুজৰাট ৰাজ্যৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ জামনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ দ্বাৰকা জিলাৰ খাম্ভালিয়াৰ পৰা গুজৰাট বিধানসভাৰ সদস্য আছিল।
-
পুষ্পা দেৱী সিং
পুষ্পা দেৱী সিং (Pushpa Devi Singh; জন্ম: ১৮ মে' ১৯৪৮) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সপ্তম লোকসভাত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। পুষ্পা দেৱী সিংহৰ জন্ম হৈছিল ছত্তীসগঢ়ৰ সৰনগড় ৰায়পুৰৰ গণ্ড আদিবাসী ৰজাঘৰীয়া পৰিয়ালত।
-
প্ৰণীতি সিন্দে
প্ৰণীতি সুশীলকুমাৰ সিণ্ডে (Praniti Sushilkumar Shinde, জন্ম:-৯ ডিচেম্বৰ ১৯৮০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সোলাপুৰ লোকসভা সমষ্টিৰ সংসদ সদস্য। ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰতিভা সিং
প্ৰতিভা সিং ( Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য। প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী।
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
প্ৰতীমা ভৌমিক
প্ৰতিমা ভৌমিক (জন্ম ২৮ মে' ১৯৬৯) ত্ৰিপুৰাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ দ্বিতীয় মোদী মন্ত্ৰালয়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰভা কিশোৰ তাভিয়াদ
ড° প্ৰভা কিশোৰ তাভিয়াদ (Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.
-
প্ৰভা মল্লিকাৰ্জুন
প্ৰভা মল্লিকাৰ্জুন (Prava Mallikarjun; জন্ম: ১৫ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৮ নং লোকসভাত দৱনাগেৰেক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য৷
-
প্ৰিয়ংকা জাৰকিহোলি
প্ৰিয়ংকা সতীশ জাৰকিহোলি (জন্ম ১৬ এপ্ৰিল ১৯৯৭) কৰ্ণাটকৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। বেলগাড়ি জিলাৰ চিক্কোডি লোকসভা সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে। তেওঁ কৰ্ণাটকত ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল।
-
প্ৰেমলা চাৱন
প্ৰেমলাবাই আৰু প্ৰেমালাকাকী নামেৰেও পৰিচিত প্ৰেমলা চাভান (Premala Chavan, ২ জুলাই ১৯১৮ – ৮ জুলাই ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আছিল।
-
ফুলৰেণু গুহ
ফুলৰেণু গুহ ( Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিম বংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল।
-
বাঁসুৰী স্বৰাজ
বাঁসুৰী স্বৰাজ (Bansuri Swaraj; জন্ম: ৩ জানুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় উকীল আৰু ৰাজনীতিবিদ। তেওঁ নতুন দিল্লীক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হৈছে। বাঁসুৰী স্বৰাজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ কন্যা।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷
-
বাসৱৰাজেশ্বৰী
বাসৱৰাজেশ্বৰী জাহাগীৰদাৰ (Basavarajeshwari Jahagirdar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ তিনিবাৰ সাংসদৰ সদস্য হৈছিল৷ তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বেলাৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
বি ৰাধাবাই আনন্দ ৰাও
বি ৰাধাবাই আনন্দ ৰাও (B. Radhabai Ananda Rao, ২ ফেব্ৰুৱাৰী ১৯৩০ – ১৭ এপ্ৰিল ১৯৯১) ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৬৭ চনৰ পৰা ১৯৮৪ চনলৈকে সংসদৰ সদস্য আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যা আছিল৷
-
বিজয়া ৰাজে
বিজয়া ৰাজে Vijaya Raje, (১৬ ছেপ্টেম্বৰ ১৯১৯, ধৰত – ২১ ডিচেম্বৰ ১৯৯৫) ভাৰতৰ বিহাৰ ৰাজ্যৰ হাজৰিবাগ জিলাৰ ৰামগড়ৰ ৰাজপৰিয়ালৰ সদস্য আছিল। ১৯৫২–১৯৫৭ চনৰ সময়ছোৱাত তেওঁ ৰামগড় ৰাজৰ জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰিছিল আৰু বিহাৰ ৰাজ্যৰ পৰা প্ৰথম ৰাজ্যসভাৰ সদস্য হৈছিল।পৰৱৰ্তী সময়ত তেওঁ ১৯৫৭, ১৯৬২ আৰু ১৯৬৭…
-
বিদ্যাৱতী চতুৰ্বেদী
বিদ্যাৱতী চতুৰ্বেদী (Vidyawati Chaturvedi, ১৯২৬–২০০৯) মধ্যপ্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ অবিভক্ত মধ্যপ্ৰদেশ বিধানসভাৰ লাউণ্ডি বিধানসভা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল।
-
বিভা ঘোষ গোস্বামী
বিভা ঘোষ গোস্বামী (Bibha Ghosh Goswami; ১২ জানুৱাৰী ১৯৩৪ – ৩ ফেব্ৰুৱাৰী ২০২২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ নৱদ্বীপ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি)ক ৫, ৬, ৭, আৰু ৮ নং লোকসভাত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য আছিল।
-
বিভূ কুমাৰ দেৱী
বিভু কুমাৰী দেৱী (Bibhu Kumari Devi, জন্ম ২৮ জুন ১৯৪৪) হৈছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু দশম লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ত্ৰিপুৰাৰ প্ৰথম মহিলা সংসদ সদস্য।
-
বিমল কৌৰ খালচা
বিবি বিমল কৌৰ (Bimal Kaur Khalsa, ৭ নৱেম্বৰ ১৯৫০ – ২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ইন্দিৰা গান্ধীৰ দুজন হত্যাকাৰীৰ ভিতৰত অন্যতম বীন্ত সিঙৰ পত্নী।