বিবি বিমল কৌৰ (Bimal Kaur Khalsa, ৭ নৱেম্বৰ ১৯৫০ – ২ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ইন্দিৰা গান্ধীৰ দুজন হত্যাকাৰীৰ ভিতৰত অন্যতম বীন্ত সিঙৰ পত্নী।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
বিবি বিমল কৌৰ লেডী হাৰ্ডিং মেডিকেল কলেজৰ নাৰ্ছ আছিল৷ সেইসময়তে তেওঁৰ স্বামীয়ে ইন্দিৰা গান্ধীক হত্যা কৰিছিল।১১হত্যাকাণ্ডৰ লগে লগে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ তেওঁ ঘৰত সন্তান অমৃত, সৰবজিত আৰু জাছীক এৰি থৈ যায়। তেওঁক আটক কৰি জেৰা কৰা হৈছিল আৰু সম্ভৱতঃ দুসপ্তাহৰ বাবে অত্যাচাৰো কৰা হৈছিল।২ দমদামী টক্সালে দুবছৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ দিছিল। বিবি বিমল কৌৰ ১৯৮৫ চনলৈকে দিল্লীত থাকে আৰু তাৰ পিছত তেওঁ পৰিয়াল আৰু দমদামী তক্সালৰ সহায়ত পঞ্জাৱলৈ গুচি যায়।৩তাৰ পৰাই তেওঁ শিখ ছাত্ৰ সন্থাৰ সৈতে কাম কৰি চৰকাৰৰ অন্যায়, ভুৱা এনকাউণ্টাৰৰ বিষয়বোৰৰ বিৰুদ্ধে মাত মাতিবলৈ ধৰিলে।
তেওঁৰ শহুৰেক বীন সিঙৰ পিতৃ সুচা সিং মালোৱাও সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়।৪ তেওঁৰ পুত্ৰ সৰ্বজিৎ সিঙক ২০০৪ চনত বাথিণ্ডা আৰু মানছাৰ পৰা সংসদত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ছিমৰঞ্জিত সিং মানৰ নেতৃত্বত গঠিত এছ এ ডি (এ)য়ে মনোনীত কৰে।৫ ২০২৪ চনত ফৰিদকোটৰ পৰা সৰবজিত সিঙে ৭০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে।৬
কাৰাবন্দী আৰু ৰাজনীতি
১৯৮৫ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত বিধানসভাৰ দুখন আসন চামকৌৰ চাহাব আৰু পক্কা কালানৰ পৰা তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।৭দুয়োটা সমষ্টিতে দ্বিতীয় স্থান লাভ কৰে।৮৯
১৯৮৬ চনৰ ৩০ এপ্ৰিলত তেতিয়াৰ মুখ্যমন্ত্ৰী সুৰজিৎ সিং বৰ্ণালাই গুৰুদ্বাৰা কমপ্লেক্সত বাস কৰা খাৰকুসকলক উলিয়াই আনিবলৈ পুনৰ দৰবাৰ চাহাবত সৈন্যবাহিনীক নিৰ্দেশ দিয়ে।১০ ১৯৮৬ চনৰ ৪ জুনত তেওঁ ৩৫০০ সদস্যৰে দৰবাৰ চাহাবলৈ যায়, অপাৰেচন ব্লু ষ্টাৰৰ বৰ্ষপূৰ্তি উপলক্ষে আৰু চৰকাৰৰ অত্যাচাৰৰ বিষয়ে বক্তৃতা দিবলৈ।১১ এই সময়ত সুৰজিৎ বৰ্ণালাৰ মূলতঃ গোটেই গুৰুদ্বাৰা কমপ্লেক্সত তেওঁৰ প্ৰহৰী আছিল যাতে খালিস্তান আন্দোলন বন্ধ কৰা হয়। তেওঁ এটা তেজোদ্দীপ্ত ভাষণ দিছিল।১২ ৰাইজে খালিস্তানৰ বাবে উল্লাস কৰিছিল আৰু সুৰজিৎ সিং বৰ্ণালাক হত্যা কৰাৰ মুকলি ভাবুকি দিছিল।১৩ তেওঁৰ লোক আৰু শিখ প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত এজন প্ৰহৰী নিহত হয়। ১৪১৫ ভাষণৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁক হত্যাৰ অভিযোগত অভিযুক্ত কৰা হয় আৰু ২ বছৰ কাৰাদণ্ড ভুগিবলগীয়া হয়।৩ ১৯৮৯ চনত তেওঁ ৰোপাৰৰ পৰা লোকসভাৰ বাবে প্ৰচাৰ চলায় আৰু শিৰোমণি আকালি দল (অমৃতসৰ)ৰ পৰা টিকট লৈ এখন আসন লাভ কৰে।১৬এতিয়া তেওঁৰ হাতত আৰু অধিক আৰু ৰাজনৈতিক শক্তি আছিল, যি দুয়োটাই তেওঁক চৰকাৰৰ বাবে অধিক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছিল।১৭
মৃত্যু
১৯৯১ চনৰ ২ ছেপ্টেম্বৰত বিমল কৌৰৰ মৃত্যু হয়।১৮১৯আৰক্ষীয়ে জনোৱা মতে, ৱাশ্বিং মেচিনৰ দ্বাৰা বিদ্যুৎস্পৃষ্ট হৈ তেওঁৰ মৃত্যু হয়। সংবাদ মাধ্যমৰ কাষ চাপি অহা একাংশ খবৰত বিমল খালছাই চাইনাইড সেৱন কৰাৰ ইংগিত পোৱা গৈছে। এই দুয়োটা কাৰণ তেওঁৰ আত্মীয়সকলে নাকচ কৰে। তেওঁলোকে কয় যে আৰক্ষীয়ে তেওঁক চাইনাইডেৰে বিষক্ৰিয়া কৰিছিল যিটো সেই সময়ৰ খাৰকুৰ বিৰুদ্ধে সাধাৰণ কৌশল বুলি দাবী কৰিছিল। তেওঁলোকে মৰণোত্তৰ পৰীক্ষাৰ দাবী জনায়, যিটো সাধাৰণ পৰিস্থিতিত আৰক্ষীয়ে অনুৰোধৰ ভিত্তিত কৰাটো বাধ্যতামূলক৷ কিন্তু আৰক্ষীয়ে ইয়াক নাকচ কৰে।.২০
তথ্যসূত্ৰ
- ↑ Bibi Bimal Kaur Khalsa. National Sikh Youth Federation
- ↑ (2 November 2014). The Assassins: On the other side of Oct 31. The Indian Express
- ↑ Grewal, Manraj. (March 9, 2003). In Black & White Dreams after Darkness. Indian Express
- ↑ Mahmood, Cynthia Keppley. (3 August 2010). Fighting for Faith and Nation: Dialogues with Sikh Militants. University of Pennsylvania Press. পৃ. 136. ISBN 978-0-8122-0017-1
- ↑ (February 27, 2004). SAD candidate starts intensive campaigning. The Tribune
- ↑ (2024-06-04). Punjab, Haryana Election Results Live Updates: Independent candidate Sarabjeet Singh Khalsa wins from Faridkot over AAP Karamjit Singh Anmol. The Indian Express
- ↑ (October 15, 1985). Punjab elections: Mood of the campaign five days before the poll. India Today
- ↑ (28 Sep 1985). Moderate Sikhs Win In Landslide Over Gandhi Party In The Punjab.. The Vindicator
- ↑ Report On The General Elections to the Punjab Vidhan Sabha. Chief Electoral Officer, Punjab
- ↑ Roy, Nilova. (29 December 2023). Sikh Shrine Attacked by Indian Troops. Washington Post
- ↑ (5 Jun 1986). Sikhs charged with Murder. The Telegraph
- ↑ (6 Jun 1986). Assassin's Widow charged with Murder. The Lewiston Journal
- ↑ (6 Jun 1986). Sikhs' threat to revenge extends to Gandhi. Ottawa Citizen
- ↑ (June 5, 1986). Sikhs at Golden Temple Kill Guard and Wound 7. The New York Times
- ↑ Bimal Kaur Khalsa vs Union Of India And Ors. on 20 October, 1987. Indian Kanoon
- ↑ (30 November 1989). Sikh Extremists Take Seats in Punjab polls. Australian Financial Review
- ↑ Fineman, Mark. (29 November 1989). Kin of Indira Gandhi Killer Elected: India: Voters seem finally to have lost faith in the family that has ruled the country for decades.. Los Angeles Times
- ↑ (September 3, 1991). Beant Singh's Wife Dead. The Indian Express
- ↑ Bimal Kaur Khalsa is dead. SIKH HERITAGE EDUCATION
- ↑ Jaijee, Inderjit Singh. (1999). Politics of Genocide: Punjab, 1984-1998. Ajanta Publications. পৃ. 119–120. ISBN 978-81-202-0415-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমল কৌৰ খালচা” প্ৰবন্ধৰ সংশোধন ৫১১২৭৫ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।