লোকসভাৰ সাংসদ
১৯১ প্ৰবন্ধ
-
বীণা দেৱী (ৰাজনীতিবিদ)
বীণা দেৱী (Veena Devi, জন্ম-২২ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টীক প্ৰতিনিধিত্ব কৰি বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে দ্বিতীয় কাৰ্যকাল কটাই আছে। তেওঁ গাইঘাট সমষ্টিৰ পৰা টিকটপ্ৰাপ্ত বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য।
-
বেগম আকবৰ জেহান আবদুল্লা
বেগম আকবৰ জেহান আব্দুল্লা (১৯১৬ – ১১ জুলাই ২০০০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ শ্বেখ আব্দুল্লাৰ পত্নী আছিল। আকবৰ জেহান আছিল মাইকেল হেনৰী নেডৌ ওৰফে হেৰীৰ ঘৰত জন্মগ্ৰহণ কৰা এজন ক্ৰ'ৱেচিয়ান কাশ্মীৰী; হেৰী শ্ৰীনগৰৰ নেডাউছ হোটেলকে ধৰি ভাৰতীয় হোটেল শৃংখলৰ ইউৰোপীয় মালিক আৰু তেওঁৰ কাশ্মীৰী পত্নী…
-
ভাগৱতী দেৱী
ভাগৱতী দেৱী (Bhagwati Devi,জন্ম-৬ নৱেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ বিহাৰ ৰাজ্যৰ গয়া জিলা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।
-
ভাৰতী ছিয়াল
ভাৰতী ধীৰুভাই ছিয়াল (Bharti Dhirubhai Shiyal)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে গুজৰাটৰ ভৱনগৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১২ চনত ভৱনগৰ জিলাৰ তালাজাৰ পৰা গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল।
-
ভাৰতী পাৱাৰ
ভাৰতী প্ৰবীণ পাৱাৰ (Bharati Pravin Pawar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ তেওঁ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কৰ্মনিৰ্বাহ কৰিছে৷ পুনৰ ২০২৩ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ…
-
ভাৰ্গৱী থাংকাপ্পন
ভাৰ্গৱী থাংকাপ্পন (Bhargavi Thankappan, জন্ম-১৯৪২) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অষ্টম কেৰালা বিধানসভাৰ উপাধ্যক্ষ আছিল।
-
ভাৱনা গাৱালি
ভাৱনা পুণ্ডলিকৰাও গাৱালি (Bhavana Pundlikrao Gawali, (জন্ম ২৩ মে' ১৯৭৪) শিৱসেনাৰ এগৰাকী প্ৰতিনিধি৷ তেওঁ যৱতমল-ৱাছিম লোকসভাক প্ৰতিনিধিত্ব কৰা পাঁচবাৰৰ সংসদ সদস্য৷ তেওঁ শিৱসেনাৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন এম.পুণ্ডলিক্ৰাও গাৱালিৰ কন্যা তেওঁ ১৯৯৯ চনৰ পৰা এই সমষ্টিৰ বাবে সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ…
-
ভাৱনা চিখালিয়া
ভাৱনা চিখালিয়া (Bhavna Chikhalia; ১৪ ফেব্ৰুৱাৰী ১৯৫৫ – ২৮ জুন ২০১৩) ২০০৩ চনৰ পৰা ২০০৪ চনলৈকে ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা, পৰ্যটন আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী আছিল৷ তেওঁ গুজৰাটৰ জুনাগড় সমষ্টিৰ পৰা (১৯৯১ চনৰ পৰা ২০০৪ চনলৈ) একেৰাহে চাৰিটা কাৰ্যকাল লোকসভাত জয়ী হোৱা গুজৰাটৰ প্ৰথমগৰাকী মহিলা।
-
মণিবেন পেটেল
মণিবেন পেটেল (Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা।
-
মনোৰমা সিং
মনোৰমা সিং (২৩ আগষ্ট ১৯৩৮ – ৮ ডিচেম্বৰ ২০২৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁৰ প্ৰয়াত স্বামী চন্দ্ৰশেখৰ সিঙে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বিহাৰৰ বাংকাৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।
-
মহছিনা কিদৱাই
মহছিনা কিদৱাই (Mohsina Kidwai; জন্ম: ১ জানুৱাৰী ১৯৩২) উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ অন্তৰ্গত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু সংসদ সদস্য।
-
মহুৱা মৈত্ৰ
মহুৱা মৈত্ৰ (Mahua Moi̯tra; জন্ম ১২ অক্টোবৰ ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন বিনিয়োগ বেংকাৰ।২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কৃষ্ণনগৰৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছ (টিএমচি) দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি ২০১৯ চনৰ পৰা ২০২৩ চনত বহিষ্কাৰ নোহোৱালৈকে লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মাগুনটা পাৰ্বথাম্মা
মাগুনটা পাৰ্বতী সুব্ৰম্মা ৰেড্ডী (Magunta Parvathi Subramma Reddy, ২৭ জুলাই ১৯৪৭ – ২৫ ছেপ্টেম্বৰ ২০২৪) সাধাৰণতে মাগুনটা পাৰ্বথাম্মা নামেৰে জনাজাত৷ তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ আছিল। তেওঁ একাদশ লোকসভাৰ সদস্য হিচাপে ২০০৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত জয়ী হৈছিল।
-
মায়া ৰায়
মায়া ৰায় (Maya Ray; ৯ ফেব্ৰুৱাৰী ১৯২৭ – ১১ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিম বংগৰ সাংসদ আছিল। ১৯৭২ চনত পশ্চিম বংগৰ ৰায়গঞ্জৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ তেওঁ উপ-নিৰ্বাচনত নিৰ্বাচিত হয়।
-
মালবিকা দেৱী
মালবিকা দেৱীৰ আন এটা নাম হৈছে মালবিকা কেশৰী দেও৷ তেওঁক জনপ্ৰিয়ভাৱে ৰাণী মা বুলিও কোৱা হয়৷ভাৰতৰ ওড়িশাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু কৃষক। তেওঁ অৰ্কা কেশৰী দেওৰ পত্নী৷ অৰ্ক কেশৰী এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ লোকসভাত প্ৰতিনিধিত্ব কৰিছিল।
-
মালা ৰয়
মালা ৰয় (জন্ম সৰকাৰ; জন্ম ১৯ নৱেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৯ চনৰ পৰা কলিকতা দক্ষিণৰ লোকসভাৰ সদস্য। তেওঁ ২০১৫ চনৰ পৰা কলকাতা পৌৰ নিগমৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।
-
মালিনী ভট্টাচাৰ্য
ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
মাৰ্জাৰী গডফ্ৰে
মাৰ্জাৰী গডফ্ৰে (Marjorie Godfrey, ২৯ মাৰ্চ ১৯১৯ – ২৭ অক্টোবৰ ২০০৩) পঞ্চম লোকসভা আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ এগৰাকী এংলো-ভাৰতীয় মনোনীত সদস্য আছিল।
-
মোথে বেদকুমাৰী
মোথে বেদাকুমাৰী (Mothey Vedakumari; ২৪ ছেপ্টেম্বৰ ১৯৩১ – ১৯৭৭) এগৰাকী ভাৰতীয় সংসদ সদস্য তেওঁ এগৰাকী গায়কো আছিল।
-
মৌচম নূৰ
মৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।
-
যমুনা দেৱী
যমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যশোধৰা ৰাজে সিন্ধিয়া
যশোধৰা ৰাজে সিন্ধিয়া (জন্ম-১৯ জুন ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ শিৱৰাজ সিং চৌহানৰ অধীনত মধ্যপ্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰৰ বাণিজ্য, উদ্যোগ আৰু নিয়োগ বিভাগৰো তেওঁ প্ৰাক্তন মন্ত্ৰী।
-
যশৱন্ত সিং
যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল।
-
লকেট চেটাৰ্জী
লকেট চেটাৰ্জী (Locket Chatterjee; জন্ম: ৪ ডিচেম্বৰ ১৯৭৪) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু হুগলী (লোকসভা সমষ্টি)ৰ প্ৰাক্তন সংসদ সদস্য। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও।
-
লাভলী আনন্দ
লাভলী আনন্দ (Lovely Anand) জনতা দল ইউনাইটেডৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বিহাৰত শ্বেওহৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰা সংসদৰ সদস্য আৰু বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন দশম লোকসভাৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷
-
শশাংক মঞ্জৰী
মহাৰাণী শশংক মঞ্জৰী দেৱী চাহিবা (Maharani Shashank Manjari Devi Sahiba) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। বিহাৰৰ পালামুৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ স্বতন্ত্ৰ পাৰ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
শান্তি দেৱী
শান্তি দেৱী (Shanti Devi (জন্ম ১৯৩৭)) উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় প্ৰাক্তন ৰাজনীতিবিদ। তেওঁ দুবাৰকৈ সম্ভালক লোকসভাত প্ৰতিনিধিত্ব কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিধায়িনী দলৰ দুয়োখন সদনৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
-
শীলা এফ্ ইৰানী
শ্বীলা এফ ইৰানী ( ইংৰাজী: Sheila F. Irani; ১২ জুন ১৯২২ – ১০ এপ্ৰিল ২০০৩) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী, শিক্ষাবিদ আৰু মানৱতাবাদী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱী কাম কৰাৰ বাবে ভাইচৰয়ৰ প্ৰমাণপত্ৰ লাভ কৰে।
-
শুভৱতী পাছোৱান
শুভৱতী পাছোৱান (Subhawati Paswan) ভাৰতীয় সংসদৰ নিম্ন সদন একাদশ লোকসভাৰ এগৰাকী প্ৰাক্তন সদস্যা৷ তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ বংশগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
শ্যামকুমাৰী দেৱী
শ্যামকুমাৰী দেৱী (Shyamkumari Devi) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাতো মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য আছিল৷.