ফুলৰেণু গুহ ( Phulrenu Guha; জন্ম:দত্ত; ১৩ আগষ্ট ১৯১১-২৮ জুলাই ২০০৬) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ১৯৬৪ চনৰ এপ্ৰিলৰ পৰা ১৯৭০ চনৰ এপ্ৰিললৈকে পশ্চিমবংগৰ পৰা ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আছিল। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে ইন্দিৰা গান্ধী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা গুহই ১৯৮৪ চনত পশ্চিম বংগৰ কণ্টাই সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৭৭ চনত পদ্মভূষণ বঁটা লাভ কৰে। ১২৩৪৫
প্ৰাৰম্ভিক জীৱন
১৯১১ চনৰ ১৩ আগষ্টত কলিকতাত উপ-দণ্ডাধীশ সুৰেন্দ্ৰনাথ দত্ত আৰু সমাজকৰ্মী অবালাবালা দত্তৰ ঘৰত গুহই জন্মগ্ৰহণ কৰে।এটা প্ৰগতিশীল পৰিয়ালত লালিত-পালিত হোৱা গুহই সমাজ সেৱা আৰু ন্যায়ৰ বাবে থিয় দিয়াৰ মানসিকতা পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। স্মৃতিগ্ৰন্থ এলো-মেলো মনে এলোত তেওঁ লিখিছে যে বংগ বিভাজনৰ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত তেওঁৰ পিতৃয়ে চৰাকাৰী চাকৰিৰ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল, অৱশ্যে বৰিশালৰ এজন নমস্য সমাজ সংস্কাৰক অশ্বিনী কুমাৰ দত্তই তেওঁক তেনে নকৰিবলৈ বুজাইছিল। ৬ তথাপিও তেওঁৰ এই প্ৰত্যাহ্বানমূলক স্বভাৱটোৰ বাবে ব্ৰিটিছ বিষয়াসকলে তেওঁক অপছন্দ কৰিবলৈ লৈছিল; যাৰবাবে তেওঁক বহুবাৰ অসুবিধাজনক পোষ্টিং দিয়া হৈছিল। ৭
প্ৰবাসী জীৱন
লণ্ডনত থকাৰ সময়ত ভাৰতৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশৰ সৈতে গুহৰ সংযোগ বিচ্ছিন্ন হোৱা নাছিল। ভাৰতৰ পৰা অহা চিঠি আৰু বাতৰি কাকতৰ যোগেদি দেশখনৰ খা-খবৰ ৰাখিছিল। ৮ লণ্ডনত থকা অৱস্থাতে তেওঁ কমিউনিজমৰ প্ৰতি তেওঁ তীব্ৰ আগ্ৰহ জাগিছিল আৰু বৃটেইনৰ তেতিয়াৰ কমিউনিষ্ট নেতা বেন ব্ৰেডলীক লগ ধৰিছিল।[14] ১৯২৮ চনত ভৱিষ্যতৰ স্বামী বীৰেশে ইংলেণ্ড এৰি যোৱাৰ পিছত গুহই পেৰিছৰ ছৰবন বিশ্ববিদ্যালয়ত যোগদান কৰে। বীৰেশে লণ্ডন আৰু কেম্ব্ৰিজত ছাৰ জেক ড্ৰেমণ্ড আৰু ছাৰ ফ্ৰেডেৰিক গোলেণ্ড হপকিন্সৰ সৈতে কাম কৰি ভিটামিন আৱিষ্কাৰ কৰাত সহায় কৰিছিল।
গুহই ১৯৩৮ চনৰ জুন মাহত কলিকতা আহি পায়। কোৱা হয় যে তেওঁ ব্ৰিটেইনৰ পৰা ভাৰতত কমিউনিষ্ট পাৰ্টিৰ সাংগঠনিক কাম কৰিবলৈ ৩০০০টকা লৈ আহিছিল। ৯১০
সামাজিক জীৱন
কলিকতালৈ ঘূৰি অহাৰ পিছত গুহই এখন মহিলা মহাবিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু খিদিৰপুৰৰ পাৰঘাট (dock) অঞ্চলত নিৰক্ষৰতা নিৰ্মূলকৰণৰ বাবে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰে, য’ত তেওঁৰ বেশ্যাসকলৰ সৈতে ঘনিষ্ঠ যোগাযোগ হৈছিল আৰু তেওঁলোকৰ জীৱন ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছিল। এই অভিজ্ঞতাই পিছলৈ পিছলৈ নিঃস্ব মহিলাসকলৰ বাবে সংগঠন স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে সহায়ক হয়। ১১ প্ৰথম অৱস্থাত তেওঁ গান্ধী দৰ্শনত প্ৰতি অবিশ্বাসী আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধ বিৰোধী আন্দোলনৰ বাবে কাম কৰাৰ সময়ত গান্ধীৰ অহিংসাৰ ধাৰণাসমূহৰ প্ৰতি তেওঁ আকৰ্ষিত হয় আৰু এই বিশ্বাসে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰেৰণা দিছিল। ১২
তথ্যসূত্ৰ
- ↑ Rajya Sabha Bio Profile. Rajya Sabha
- ↑ Republic of India/ Bharat Women. www.guide2womenleaders.com
- ↑ PHULRENU GUHA (1911–2006). www.streeshakti.com
- ↑ Padma Bhushan Awardees. archive.india.gov.in
- ↑ Geraldine Forbes; Geraldine Hancock Forbes. (28 April 1999). Women in Modern India. Cambridge University Press. পৃ. 227–. ISBN 978-0-521-65377-0
- ↑ Shodhganga. (2006). Phulrenu Guha (1911–2006). S.D. পৃ. 1
- ↑ Gooptu 1995, পৃ. 19–20
- ↑ Shodhganga. (2006). Phulrenu Guha (1911–2006). S.D. পৃ. 1
- ↑ Gooptu 1995, পৃ. 19–20
- ↑ Shodhganga. (2006). Phulrenu Guha (1911–2006). S.D. পৃ. 1
- ↑ Shodhganga. (2006). Phulrenu Guha (1911–2006). S.D. পৃ. 1
- ↑ Shodhganga. (2006). Phulrenu Guha (1911–2006). S.D. পৃ. 1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলৰেণু গুহ” প্ৰবন্ধৰ সংশোধন ৩৮১৯১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।