অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰেমলা চাৱন

প্ৰেমলাবাই আৰু প্ৰেমালাকাকী নামেৰেও পৰিচিত প্ৰেমলা চাভান (Premala Chavan, ২ জুলাই ১৯১৮ – ৮ জুলাই ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আছিল।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰেমলাবাই আৰু প্ৰেমালাকাকী নামেৰেও পৰিচিত প্ৰেমলা চাভান (Premala Chavan, ২ জুলাই ১৯১৮ – ৮ জুলাই ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সদস্য আছিল। তেওঁ সৰ্বভাৰতীয় মহিলা ক্ৰিকেট সন্থাৰ প্ৰতিষ্ঠাপক-সভানেত্ৰী আছিল৷১তেওঁ ভাৰতীয় সমাজত মহিলাৰ কল্যাণৰ বাবে অৰিহণা যোগোৱা আন বিভিন্ন কামৰ সৈতে জড়িত আছিল। লোকসভা আৰু ৰাজ্যসভাত সৰ্বাধিক সংখ্যক প্ৰতিনিধিত্ব (চাৰিবাৰ)ৰ অভিলেখ ৰখাৰ বাবে চাৱন উল্লেখযোগ্য৷ তেওঁ মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা সাংসদ।২

ব্যক্তিগত জীৱন

গুজৰাটৰ বৰোদা জিলাত এম এন ৰাও জগদলেৰ ঘৰত প্ৰেমলা চাৱনৰ জন্ম হৈছিল।৩ তেওঁ ইন্দোৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সমাপ্ত কৰে আৰু তাৰ পিছত তেওঁ ছেইণ্ট জেভিয়াৰ কলেজ,বম্বেলৈ যায় আৰু মণ্টেছৰী শিক্ষাত ডিপ্লমা লাভ কৰে।.৩ ১৯৪২ চনৰ ২৭ এপ্ৰিলত প্ৰেমালা চাৱনে দজিছাহেব চাৱনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চাৱনৰ লগতে নিৰুপমা অজিতৰাও যাদৱ আৰু বিদ্যুলতা ব্যাংকতৰাও ঘোৰপাডেৰ মাতৃ আছিল।৪

ৰাজনৈতিক জীৱন

লোকসভা আৰু ৰাজ্যসভা

১৯৫২ চনৰ পৰা ১৯৬০ চনলৈ মহাৰাষ্ট্ৰৰ কৃষক আৰু মজদুৰ দলৰ তেওঁ সদস্য আছিল। পিছলৈ পঞ্চম লোকসভা (১৯৭১–৭৭), ষষ্ঠ লোকসভা (১৯৭৭–৭৯), অষ্টম লোকসভা (১৯৮৪–৮৯), আৰু ৰাজ্যসভা (১৯৮০–৮৪)ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। স্বামীৰ মৃত্যুৰ পিছত ১৯৭৩ চনত উপ-নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ লোকসভালৈ নিৰ্বাচিত হয়।পৰৱৰ্তী তিনিটা কাৰ্যকালৰ বাবে কাৰাড সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হয়। কংগ্ৰেছৰ জৰুৰীকালীন বিভাজনৰ পিছত যেতিয়া ৰাজ্যখনৰ বহু দলৰ প্ৰবীণ সৈনিকে দেৱৰাজ উৰ্ছৰ নেতৃত্বত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছিল, তেতিয়া চাৱনে ইন্দিৰা গান্ধীৰ সৈতে থাকিবলৈ বাছি লৈছিল আৰু সেই সময়ত কংগ্ৰেছ(আই)ৰ ৰাজ্যিক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনত যেতিয়া ইন্দিৰা গান্ধী ক্ষমতালৈ ঘূৰি আহে তেতিয়া ১৯৮১ চনত তেওঁ চাৱনক ৰাজ্যসভালৈ মনোনীত কৰে। ১৯৮৯ চনত চাৱনে কাৰাডৰ পৰা পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। ১৯৯১ চনত ৰাজীৱ গান্ধীয়ে তেওঁৰ পুত্ৰক সংসদত পৰিয়ালটোৰ ৰাজনৈতিক উত্তৰাধিকাৰ অব্যাহত ৰাখিবলৈ কোৱাত চাৱনে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।৩৫

কমিটীৰ অভিজ্ঞতা

১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈকে চাৱন অধীনস্থ আইন সমিতি, চৰকাৰী ভাষা সমিতি আৰু ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল৷ তেওঁ ১৯৮৭ চনৰ পৰা ১৯৮৯ চনলৈকে নিয়ম সমিতিৰ সদস্য; ১৯৯০ চনত পৰামৰ্শদাতা সমিতি, পাৰমাণৱিক শক্তি, মহাকাশ, ইলেক্ট্ৰনিক্স, মহাসাগৰ উন্নয়ন বিভাগ আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সদস্য আছিল।৩

সামাজিক কাম-কাজ

কাৰাডৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজৰ প্ৰতিষ্ঠাপক চাৱনে ১৯৫১ চনত কাৰাডত প্ৰথম মণ্টেছৰী স্কুল আৰম্ভ কৰে। ইয়াৰ উপৰি ১৯৫০ চনত কাৰাডত মহিলা মণ্ডল আন্দোলন আৰম্ভ কৰে। পিছলৈ ১৯৭৩ চনত তেওঁ নিখিল ভাৰত মহিলা ক্ৰিকেট সন্থা প্ৰতিষ্ঠা কৰে।

মৃত্যু

২০০৩ চনৰ ৮ জুলাইত চাৱনৰ মৃত্যু হয়।৪

তথ্যসূত্ৰ

  1. ↑ (1973-12-23). Womens Cricket Association of India. Static.espncricinfo.com
  2. ↑ Lok Sabha. 164.100.47.132
  3. ↑ Members Bioprofile. 164.100.47.132
  4. ↑ Nickname:*. News portal from Nanded. Nandednewslive
  5. ↑ Camil Parkhe. (2002-03-19). Prithviraj Chavan continues family legacy. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমলা চাৱন” প্ৰবন্ধৰ সংশোধন ৪৭৫০৪০ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।