অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱাশ্ৰী চৌধুৰী

দেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত পশ্চিম বংগৰ ৰায়গঞ্জ সমষ্টিৰ পৰা তেওঁ ১৭ নং লোকসভালৈ নিৰ্বাচিত হৈছিল।১২

প্ৰাথমিক জীৱন

বালুৰঘাটত দেবিদাস চৌধুৰী আৰু ৰত্ন চৌধুৰীৰ ঘৰত দেৱাশ্ৰী চৌধুৰীয়ে জন্মগ্ৰহণ কৰিছিল। বুৰ্দবান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন

নতুন দিল্লীত ৩১ মে' ২০১৯ তাৰিখে দেৱাশ্ৰী চৌধুৰীয়ে মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব লৈছিল৷

২০১৬ চনৰ ১৬ ডিচেম্বৰত কলকাতাৰ টিপু চুলতান মছজিদৰ শ্বাহী ইমাম মৌলাউনা নূৰ উৰ ৰহমান বৰকতিয়ে কৰা মন্তব্যক গৰিহণা দি বৈষণবনগৰৰ বিধায়ক স্বাধীন কুমাৰ সৰকাৰ আৰু অন্যান্য স্থানীয় বিজেপি নেতাসকলৰ সৈতে চৌধুৰীক গ্ৰেপ্তাৰ কৰা হয়।৩ ইয়াৰ পূৰ্বে ২০১৯ চনলৈকে বিজেপি কলকাতা দক্ষিণ উপনগৰ জিলাৰ জিলা পৰ্যবেক্ষক আছিল দেৱাশ্ৰী চৌধুৰী।

২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ৰায়গঞ্জ লোকসভা সমষ্টিৰ পৰা চৌধুৰীয়ে ৫,১১,৬৫২ টা ভোট লাভ কৰি জয়লাভ কৰে।১ ২০১৯ চনৰ মে' মাহত তেওঁ চৌধুৰী মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হয়।৪

তথ্যসূত্ৰ

  1. ↑ (23 May 2019). Raiganj Election Results 2019 Live Updates: Debasree Chaudhuri of BJP Wins. News 18
  2. ↑ (31 May 2019). Who Gets What: Cabinet Portfolios Announced. Full List Here. NDTV
  3. ↑ (16 December 2016). BJP leaders protest against Shahi Imam, arrested. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  4. ↑ (31 May 2019). PM Modi allocates portfolios. Full list of new ministers. Live Mint

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদপশ্চিমবঙ্গৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱাশ্ৰী চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩৮৬১ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।