লোকসভাৰ সাংসদ
১৯১ প্ৰবন্ধ
-
শৰ্মিলা সৰকাৰ
শৰ্মিলা সৰকাৰ(Sharmila Sarkar; জন্ম: ১ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য। তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য।
-
সংগম লক্ষ্মী বাই
সংগম লক্ষ্মী বাই (Sangam Laxmi Bai, ২৭ জুলাই ১৯১১ – ১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সাংসদ সদস্য আছিল।
-
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী
সত্যেন্দ্ৰনাথ ব্ৰহ্মচৌধুৰী (জন্ম: ১০ মাৰ্চ ১৯৪৩) এজন ভাৰতীয় প্ৰাক্তন আইনজ্ঞ আৰু ৰাজনীতিবিদ। তেওঁ ১০ম লোকসভাত লোকসভাৰ সাংসদ হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল আৰু স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।
-
সম্ভাৱী চৌধুৰী
সম্ভাৱী চৌধুৰী (Shambhavi Choudhary; জন্ম: ১৫ জুন ১৯৯৮) লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বিহাৰত সমস্তীপুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰা সংসদ সদস্য। তেওঁ ১৮ নং লোকসভাৰ অন্যতম কনিষ্ঠ সাংসদ।
-
সায়নী ঘোষ
সায়নী ঘোষ (Saayoni Ghosh) মূলত: এগৰাকী বাংলা ভাষাৰ চলচ্চিত্ৰ-অভিনেত্ৰী আৰু টেলিভিছন অভিনেত্ৰী৷ তেওঁ বৰ্তমান যাদৱপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
সাহোদ্ৰবাই দেৱী ৰায়
সাহোদ্ৰবাই দেৱী ৰায়(Sahodrabai Devi Rai; ১৯১৯ চনৰ ৩০ এপ্ৰিল – ১৯৮১ চনৰ ২৬ মাৰ্চ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে চাৰিটা কাৰ্যকাল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ৰাজনীতিবিদ।
-
সাৰদাবেন পেটেল
সাৰদাবেন অনিলভাই পেটেল (Shardaben Anilbhai Patel,জন্ম ২১ মাৰ্চ ১৯৪৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৭ নং লোকসভাৰ সদস্য আছিল।
-
সাৱিত্ৰী নিগম
সাবিত্ৰী নিগম (Savitri Nigam, ১৯১৯-১৯৮৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সংসদৰ সদস্য আছিল। তেওঁ ৰাজ্য সভা আৰু লোকসভা-দুয়োখনতে প্ৰতিনিধিত্ব কৰিছিল। তেওঁ উত্তৰ প্ৰদেশ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিছিল।
-
সুখবংশ কৌৰ বিন্দৰ
সুখবংশ কৌৰ বিন্দৰ(১৯৪৩–২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দেশৰ একমাত্ৰ মহিলা যি ছবাৰকৈ দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে৷ তাৰে ভিতৰত তেওঁ পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল।
-
সুন্দৰৱতী নৱাল প্ৰভাকৰ
সুন্দৰৱতী নৱাল প্ৰভাকৰ (১৯২২–২০১০) দিল্লীৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। অষ্টম লোকসভাত তেওঁ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল।
-
সুপ্ৰিয়া চুলে
সুপ্ৰিয়া সদানন্দ চুলে (Supriya Sadanand Sule; জন্ম-৩০ জুন ১৯৬৯) জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০৯ চনৰ পৰা বাৰামতীক প্ৰতিনিধিত্ব কৰা সাংসদ৷ তেওঁ লোকসভাৰ সদস্য৷ ২০১৪ চনত তেওঁ লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰে৷ ২০২৩ চনৰ পৰা তেওঁ কংগ্ৰেছ…
-
সুভাষিনী আলী
সুভাসিনী আলী (Subhashini Ali; জন্ম: ২৯ ডিচেম্বৰ ১৯৪৭) এগৰাকী ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এগৰাকী পলিট বুৰো সদস্য। সদৌ ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ তেওঁ প্ৰাক্তন সভানেত্ৰী আৰু কাণপুৰৰ প্ৰাক্তন সাংসদ সদস্য।
-
সুশীলা কেৰকেট্টা
সুশীলা কেৰকেট্টা (Sushila Kerketta,(২৭ এপ্ৰিল ১৯৩৯ – ১৯ অক্টোবৰ ২০০৯) ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ বিহাৰ বিধান সভাৰ সদস্য আছিল৷ তেওঁ খুঁটিৰ পৰা লোকসভাক প্ৰতিনিধিত্ব কৰিছিল। বিহাৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত তেওঁ অধিষ্ঠিত আছিল।
-
সুশীলা গণেশ মাৱালংকাৰ
সুশীলা গণেশ মাৱালংকৰ (Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷
-
সুশীলা গোপালন
সুশীলা গোপালন (২৯ ডিচেম্বৰ ১৯২৯, মুহাম্মা, আলাপ্পুজা, কেৰালা – ১৯ ডিচেম্বৰ ২০০১, তিৰুৱনন্তপুৰম, কেৰালা) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা৷ তেওঁ ভাৰত কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
-
সুশীলা তিৰিয়া
সুশিলা তিৰিয়া (Sushila Tiriya) এগৰাকী সমাজকৰ্মী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদনত ৰাজ্যসভাত(১৯৮৬ চনত আৰু পুনৰ ২০০৬ চনত) ওড়িশাক প্ৰতিনিধিত্ব কৰি ভাৰতৰ সংসদৰ সদস্য হৈছিল।
-
সুশীলা সৰোজ
সুশীলা সৰোজ ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সদস্য। উত্তৰ প্ৰদেশৰ মোহনলালগঞ্জ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ সমাজবাদী পাৰ্টি (এছ পি) ৰাজনৈতিক দলৰ সদস্য। মোহনলালগঞ্জ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন।
-
সূৰ্যকান্তা পাটিল
সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল।
-
সোমলতা অম্বৰীশ
সোমলতা অম্বৰীশ (Sumalatha Ambareesh; জন্ম: ২৭ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিক। মূলতঃ তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ একাধিক ভাষাৰ ২২০খনতকৈও অধিক ছবিত অভিনয় কৰাৰ উপৰি তেওঁ তামিল আৰু হিন্দী চিনেমাতো অভিনয় কৰিছে।
-
সৰোজ পাণ্ডে
সৰোজ পাণ্ডে (Saroj Pandey, জন্ম ২২ জুন ১৯৬৮) ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সৰোজিনী মহিষী
সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।
-
হীনা গৱীত
হীনা গৱীত (Heena Gavit; জন্ম: ২৮ জুন ১৯৮৭) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নন্দুৰবাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।
-
হেডৱিগ ৰেগো
হেডৱিগ উইলিয়াম ৰেগো (Hedwig William Rego; জন্ম: ১৬ অক্টোবৰ ১৯৩৭, মৃত্যু ৩০ জুলাই ২০২৪) এগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু ১১ সংখ্যক লোকসভাৰ প্ৰাক্তন মনোনীত এংলো-ভাৰতীয় সদস্য (১৯৯৭) আছিল।
-
ৰজনী অশোকৰাও পাটিল
ৰজনী অশোকৰাও পাটিল ( Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য। তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক। তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।
-
ৰঞ্জনবেন ধনঞ্জয় ভাট
ৰঞ্জনবেন ধনঞ্জয় ভাট(Ranjanben Dhananjay Bhatt) (জন্ম ১০ আগষ্ট ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য হিচাপে কাম কৰি আহিছে। কেৰিয়াৰ ভাট্ট বৰোদাৰ উপ-মেয়ৰ আছিল। যোৱা ২২ বছৰ ধৰি "মহিলা ক্লাব" চলোৱা আৰু নেতৃত্ব দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
ৰঞ্জিতা কোলী
ৰঞ্জিতা কোলী (Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
ৰত্নমালা সাৱনুৰ
ৰত্নমালা ধৰেশ্বৰ সাৱনুৰ (Ratnamala Dhareshwar Savanur, জন্ম-১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পূৰ্বতে জনতা দল আৰু বৰ্তমান জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত। একাদশ লোকসভাৰ সদস্য হিচাপে তেওঁ গুজৰাল মন্ত্ৰালয়ত পৰিকল্পনা আৰু ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰত্না সিং
ৰাজকুমাৰী ৰত্ন সিং (Ratna Singhজন্ম ২৯ এপ্ৰিল ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন মন্ত্ৰী দীনেশ সিঙৰ কন্যা। ১৯৯৬, ১৯৯৯ আৰু ২০০৯ চনত কংগ্ৰেছ দলৰ পৰা তেওঁ তিনিবাৰকৈ প্ৰতাপগড়ৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ পৰৱৰ্তী সময়ত একেৰাহে দুটা লোকসভা নিৰ্বাচনত (২০১৪ আৰু ২০১৯) কংগ্ৰেছৰ টিকটত…
-
ৰমা দেৱী
ৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা। তেওঁ ২০১৯ চনৰ পৰা ১৭সংখ্যক লোকসভাৰ অধ্যক্ষৰ পেনেলত আছে।
-
ৰমা পায়লট
ৰমা পায়লট (Rama Pilot; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৮) ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। তেওঁ দৌছাক প্ৰতিনিধিত্ব কৰি ত্ৰয়োদশ লোকসভাত অংশগ্ৰহণ কৰিছিল। ৰাজস্থান বিধানসভাতো তেওঁ হিন্দোলীক প্ৰতিনিধিত্ব কৰি আহিছে।