প্ৰতিমা ভৌমিক (জন্ম ২৮ মে' ১৯৬৯) ত্ৰিপুৰাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ দ্বিতীয় মোদী মন্ত্ৰালয়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ভৌমিকৰ ত্ৰিপুৰাৰ ছিপাহিজালা জিলাৰ বৰ্ণাৰায়ণত জন্ম হৈছিল। তেওঁ প্ৰয়াত দেবেন্দ্ৰ কুমাৰ ভৌমিকৰ কন্যা। ১৯৯১ চনত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ অধীনস্থ আগৰতলাৰ মহিলা মহাবিদ্যালয়ত জৈৱ বিজ্ঞান বিষয়ত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।৩
কৰ্মজীৱন
২০১৯ চনত সাংসদ তথা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) প্ৰাৰ্থী শংকৰ প্ৰসাদ দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী সুবল ভৌমিকক বিপুল ব্যৱধানত পৰাস্ত কৰি তেওঁ ভাৰতীয় জনতা পাৰ্টী[1] ৰ সদস্য হিচাপে ত্ৰিপুৰা পশ্চিমৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। ২০২৩ চনত ধনপুৰ বিধানসভা সমষ্টিৰ পৰাও তেওঁ ত্ৰিপুৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ কিন্তু কেইদিনমান পিছতে লোকসভাৰ সদস্যপদ আৰু মন্ত্ৰী পদ অক্ষুণ্ণ ৰাখিবলৈ পদত্যাগ কৰে। ২০১৬ চনৰ পৰা তেওঁ বিজেপি ত্ৰিপুৰা ইউনিটৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা।
লোকসভাৰ পাৰ্টি হুইপ হিচাপে
ভাৰতীয় জনতা পাৰ্টিৰ লোকসভাৰ হুইপ তালিকাত ভৌমিক অন্তৰ্ভুক্ত হৈছিল।৪
লোকসভাৰ সাংসদ হিচাপে
ত্ৰিপুৰা পশ্চিম সমষ্টিৰ পৰা ভৌমিক ১৭ নং লোকসভালৈ নিৰ্বাচিত হৈছিল।
ভৌমিকে ৫,৭৩,৫৩২ টা ভোট (সমীক্ষা কৰা বৈধ ভোটৰ ৫১.৭৭ শতাংশ) লাভ কৰি কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী সুবল ভৌমিকক ৩,০৫,৬৮৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি ত্ৰিপুৰা পশ্চিমৰ আসনত জয়লাভ কৰে। তেওঁ ১৯৯১ চনত জয়ী হোৱা কংগ্ৰেছৰ মহাৰাণী বিভু কুমাৰী দেৱীৰ পিছত ত্ৰিপুৰাৰ পৰা লোকসভাৰ সাংসদ হোৱা দ্বিতীয়গৰাকী মহিলা সদস্য।
প্ৰথম দৰমহাৰ বৰঙণি
অসমৰ বান সাহায্যৰ বাবে প্ৰতিমা ভৌমিকে প্ৰথম মাহৰ দৰমহাৰ পৰা এক লাখ টকা আগবঢ়ায়। অসমৰ ১৭খন জিলাৰ ২০০০ৰো অধিক গাঁও প্লাৱিত কৰা বানপানীত কমেও ৬৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৩,৫৫,৮৩৭ জন লোক ক্ষতিগ্ৰস্ত হৈছিল৫৬৭
কেন্দ্ৰীয় মন্ত্ৰী
কেবিনেট সাল-সলনি হোৱাৰ সময়ত দ্বিতীয় মোদী মন্ত্ৰালয়ত তেওঁ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হৈছিল।৮তেওঁ ত্ৰিপুৰাৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।৯
তথ্যসূত্ৰ
- ↑ (8 July 2021). Cabinet Reshuffle: The full list of Modi's new ministers and what they got. The Economic Times
- ↑ (8 July 2021). Pratima Bhowmik: First Tripura resident to make it to Union cabinet
- ↑ Pratima Bhoumik(Bharatiya Janata Party(BJP)):Constituency- TRIPURA WEST(TRIPURA) - Affidavit Information of Candidate. www.myneta.info
- ↑ (12 June 2019). BJP forms new parliamentary party executive; Modi leader in Lok Sabha, Rajnath his deputy. Business Standard India. Press Trust of India
- ↑ (24 July 2019). Tripura MP Pratima Bhowmik donates first salary for Assam flood relief » Northeast Today
- ↑ (24 July 2019). Tripura MP donates Rs 1 lakh from her first salary for Assam flood relief
- ↑ (24 July 2019). Tripura MP Donates Rs 1,00,000 from First Salary for Assam Flood Relief
- ↑ (7 July 2021). Modi cabinet rejig: Full list of new ministers. India Today
- ↑ (8 July 2021). Pratima Bhoumik becomes first politician from Tripura to join Union Cabinet. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতীমা ভৌমিক” প্ৰবন্ধৰ সংশোধন ৪৭৩১৮৮ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।