লোকসভাৰ সাংসদ
১৯১ প্ৰবন্ধ
-
জোৎস্না মাহন্ত
জ্যোৎস্না চৰণদাস মাহন্ত (Jyotsna Charandas Mahant, জন্ম-১৮ নৱেম্বৰ ১৯৫৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ সাংসদ৷ তেওঁ কোৰবা, চত্তিছগড়ৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
দিয়া কুমাৰী
দিয়া কুমাৰী (Diya Kumari, জন্ম-৩০ জানুৱাৰী ১৯৭১) ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৰ্তমান ভজন লাল শৰ্মাৰ মন্ত্ৰালয়ত প্ৰেম চন্দ বৈৰৱাৰ সৈতে ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
দিল কুমাৰী ভাণ্ডাৰী
দিল কুমাৰী ভাণ্ডাৰী (Dil Kumari Bhandari; জন্ম: ১৪ মে' ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ছিকিমৰ পৰা লোকসভাৰ প্ৰথমগৰাকী মহিলা সদস্য। ২০১২ চনলৈকে তেওঁ ভাৰতীয় গোৰ্খাৰ সংগঠন ভাৰতীয় গোৰ্খা পৰিষদৰ সভানেত্ৰী আছিল। তেওঁ নেপালী ভাষী লোকৰ বাবে অহৰহ কাম কৰি আহিছে।
-
নৱনীত কৌৰ ৰাণা
নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
বেগম আবিদা আহমেদ
বেগম আবিদা আহমেদ (Begum Abida Ahmed,১৭ জুলাই ১৯২৩ – ৭ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিল্পী, আৰু সমাজ কৰ্মী৷ তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ভাৰতৰ প্ৰথম মহিলা হিচাপে আৰু পিছলৈ লোকসভাত সাংসদ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ বাৰেলী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ আবিদা আহমেদ ভাৰতৰ পঞ্চম…
-
হুমায়ুন কবীৰ
হুমায়ুন কবীৰ(Humayun Kabir, ১৯০৬-১৯৬৯) এজন ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ বাংলা-ভাষাৰ কবি, নিবন্ধকাৰ আৰু ঔপন্যাসিকো আছিল। তেওঁ আছিল এজন নামথকা ৰাজনৈতিক চিন্তাবিদ।
-
ৰাজেন গোহাঁই (ৰাজনীতিক)
ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
-
ৰাণী নৰহ
ৰাণী নৰহ (Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰাময়া (অভিনেত্ৰী)
দিব্য স্পন্দনা (Divya Spandana; জন্ম: ২৯ নৱেম্বৰ ১৯৮২), পেছাগতভাৱে ৰাময়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। কৰ্ণাটকৰ মাণ্ড্যাৰ পৰা লোকসভাত সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মূলতঃ কানাড়া ছবিত কাম কৰে, আৰু তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।
-
অনসুয়াবাই কালে
অনসুয়াবাই কালে (Anasuyabai Kale) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ১৯৫২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নাগপুৰৰ পৰা তেওঁ ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়। ১৯৫৭ চনত পুনৰ দ্বিতীয় লোকসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
অনিতা আৰ্য
অনিতা আৰ্য (Anita Arya) ভাৰতীয় লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ভাৰতীয় জনতা দলৰ এগৰাকী নেত্ৰী। ত্ৰয়োদশ লোকসভাত দিল্লীৰ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৯ চনত তেওঁ দিল্লীৰ মেয়ৰ আছিল।
-
অনুপ্ৰিয়া পেটেল
অনুপ্ৰিয়া সিং পেটেল (Anupriya Patel, জন্ম ২৮ এপ্ৰিল ১৯৮১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী। তেওঁ ২০১৬ চনৰ পৰা আপনা দল (সোনেলাল) দলৰ সভানেত্ৰী আৰু ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ৪ জুনলৈকে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী।
-
অনুসুয়া বাই বৰকাৰ
অনসূয়া বাই বৰকাৰ (Ansuyabai Borkar) আছিল এগৰাকী সমাজ কৰ্মী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু প্ৰথম লোকসভাৰ (১৯৫৫ চনৰ পৰা ১৯৫৭ চনলৈ) সদস্য।
-
অন্নপূৰ্ণা দেৱী (ৰাজনীতিবিদ)
অন্নপূৰ্ণা দেৱী যাদৱ (Annapurna Devi Yadav, জন্ম: ২ ফেব্ৰুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা ভাৰতৰ মহিলা আৰু শিশু উন্নয়নৰ পঞ্চম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
অপৰূপা পোদ্দাৰ
আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য। ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।
-
অম্মু স্বামীনাথন
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি(Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
-
অশ্বমেধ দেৱী
অশ্বমেধ দেৱী (Ashwamedh Devi, জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৬৭) এগৰাকী ৰাজনীতিবিদ আৰু সংসদ সদস্য ৷ ভাৰতৰ বিহাৰ ৰাজ্যৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সমস্তীপুৰ বিধানসভা সমষ্টিৰ কল্যাণপুৰৰ পৰাও বিহাৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
আৰ বানোৰজা
আৰ বানাৰোজা (R. Vanaroja জন্ম-১৯৬৩) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তামিলনাডুৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সংসদ সদস্য। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ তিৰুৱন্নমলাই সমষ্টিৰ পৰা আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয়।
-
ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
-
ইলা পাল চৌধুৰী
ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.
-
উষা চৌধুৰী
উষা প্ৰকাশ চৌধুৰী (Usha Prakash Choudhari; জন্ম: ১৯৪২) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷তেওঁ দুবাৰকৈ আমৰাৱতীৰ সাংসদ হৈছিল। তেওঁ লিখা প্ৰায় শতাধিক কবিতা প্ৰকাশ পাইছে।
-
এ কে প্ৰেমজম
এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।
-
এন পি ঝান্সী লক্ষ্মী
এন পি ঝান্সি লক্ষ্মী (N. P. Jhansi Lakshmi; ২০ অক্টোবৰ ১৯৪১ – ১৯ ডিচেম্বৰ ২০১১) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ আছিল৷ তেওঁ অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাত এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
-
কনিমোঝী
কনিমোঝী কৰুণানিধি (Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।
-
কবিতা সিং
কবিতা সিং (Kavita Singh) জনতা দল (ইউনাইটেড)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ছিৱান লোকসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।
-
কমলজিৎ ছেহৰাৱট
কমলজিৎ ছেহৰাৱট (Kamaljeet Sehrawat; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজ কৰ্মী। তেওঁ পশ্চিম দিল্লীৰ পৰা লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷
-
কমলা কুমাৰী কাৰেদুলা
কমলা কুমাৰী কাৰেদুলা (Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
কমলা চৌধুৰী
কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
-
কমলা দেৱী পটলে
কমলা দেৱী পটলে (Kamla Devi Patle, জন্ম ৫ মে' ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ ছত্তীশগড় ৰাজ্যৰ জাঞ্জগীৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি তেওঁ সংসদৰ সদস্য আছিল।
-
কল্পনা ৰমেশ নৰহিৰে
নৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।