ভাৰতৰ মহিলা সাংসদ
১৭৪ প্ৰবন্ধ
-
এন পি ঝান্সী লক্ষ্মী
এন পি ঝান্সি লক্ষ্মী (N. P. Jhansi Lakshmi; ২০ অক্টোবৰ ১৯৪১ – ১৯ ডিচেম্বৰ ২০১১) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ আছিল৷ তেওঁ অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাত এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
-
কনিমোঝী
কনিমোঝী কৰুণানিধি (Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।
-
কবিতা সিং
কবিতা সিং (Kavita Singh) জনতা দল (ইউনাইটেড)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ছিৱান লোকসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।
-
কমলজিৎ ছেহৰাৱট
কমলজিৎ ছেহৰাৱট (Kamaljeet Sehrawat; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজ কৰ্মী। তেওঁ পশ্চিম দিল্লীৰ পৰা লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷
-
কমলা কুমাৰী কাৰেদুলা
কমলা কুমাৰী কাৰেদুলা (Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
কমলা চৌধুৰী
কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
-
কমলা দেৱী পটলে
কমলা দেৱী পটলে (Kamla Devi Patle, জন্ম ৫ মে' ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ ছত্তীশগড় ৰাজ্যৰ জাঞ্জগীৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি তেওঁ সংসদৰ সদস্য আছিল।
-
কল্পনা ৰমেশ নৰহিৰে
নৰহিৰে কল্পনা ৰমেশ (Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।
-
কাকলি ঘোষ দস্তিদাৰ
কাকলি ঘোষ দস্তিদাৰ (Kakoli Ghosh Dastidar,জন্ম ২৩ নৱেম্বৰ ১৯৫৯) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ তৃণমূল কংগ্ৰেছৰ মহিলা শাখা বংগ জননী বাহিনীৰ অধ্যক্ষ। দস্তিদাৰ ১৫, ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য৷ তেওঁ ২০১৪ ভাৰতীয় সাধাৰণ নিৰ্বাচন আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনলৈ পুনৰ নিৰ্বাচিত হৈছিল৷
-
কাল্বকুন্তল কবিতা
কাল্বকুন্তলা কবিতা (Kalvakuntla Kavitha, জন্ম: ১৩ মাৰ্চ ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২০ চনৰ পৰা নিজামাবাদৰ বিধান পৰিষদত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ভাৰত ৰাষ্ট্ৰ সমিতি দলৰ সদস্য।
-
কিল্লী কৃপা ৰাণী
ড° কিল্লী কৃপা ৰাণী (Dr. Killi Krupa Rani; জন্ম: ১৯ নৱেম্বৰ ১৯৬৫) অন্ধ্ৰপ্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য আৰু ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে শ্ৰীকুলমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কলিংগ জাতিৰ।
-
কিৰণ মহেশ্বৰী
কিৰণ মহেশ্বৰী (Kiran Maheshwari, ২৯ অক্টোবৰ ১৯৬১ – ৩০ নৱেম্বৰ ২০২০) আছিল ৰাজস্থান ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আছিল।
-
কৃষ্ণা তিৰাথ
কৃষ্ণ তিৰাথ (Krishna Tirath, জন্ম-৩ মাৰ্চ ১৯৫৫) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ উত্তৰ-পশ্চিম দিল্লী সমষ্টিক প্ৰতিনিধিত্ব কৰি ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সদস্য হৈছিল।
-
কৃষ্ণা বসু
কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।
-
কে এছ সৌন্দৰাম
কে এছ সৌন্দৰাম (K S Soundaram; জন্ম-২ জুন ১৯৪৬) সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ এগৰাকী কবি, গৱেষক আৰু ৰাজনীতিবিদ৷ তেওঁ দশম লোকসভাত তিৰুচেংগোড়ক প্ৰতিনিধিত্ব কৰিছিল।
-
কেশৰবাই ক্ষীৰসাগৰ
কেশৰবাই ক্ষীৰসাগৰ (Kesharbai Kshirsagar(১৯৩০-২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল৷ তেওঁ লোকসভালৈ তিনিবাৰ নিৰ্বাচিত হৈছিল৷
-
কোথাপল্লী গীতা
কোথাপল্লী গীতা(Kothapalli Geetha; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য।
-
কৰুণা শুক্লা
কৰুণা শুক্লা (Karuna Shukla, ১ আগষ্ট ১৯৫০ – ২৭ এপ্ৰিল ২০২১) ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য আছিল।
-
গাণ্টী বিজয়া কুমাৰী
বিজয়া কুমাৰী গাণ্টী (Ganti Vijaya Kumari) অন্ধ্ৰপ্ৰদেশৰ অমলাপুৰমৰ পৰা ত্ৰয়োদশ লোকসভালৈ নিৰ্বাচিত হোৱা এগৰাকী প্ৰাক্তন সদস্য। তেওঁ লোকসভাৰ অধ্যক্ষ জি.এম.চি. বালযোগীৰ পত্নী৷ তেওঁৰ মৃত্যুৰ পিছত অনুষ্ঠিত উপ-নিৰ্বাচন (২০০২)ত গাণ্টী বিজয়া কুমাৰীয়ে জয় সাব্যস্ত কৰে।
-
গায়ত্ৰী দেৱী (ৰাজনীতিবিদ)
গায়ত্ৰী দেৱী, জন্ম:৫ ডিচেম্বৰ ১৯০৫ চন আৰু মৃত্যু: ১০ মে’ ২০০২ চন, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী চৰণ সিঙৰ পত্নী আছিল। উত্তৰ প্ৰদেশৰ কৈৰানাৰ পৰা সংসদৰ নিম্ন সদন, সপ্তম লোকসভালৈ নিৰ্বাচিত হয়। একেদৰে উত্তৰ প্ৰদেশৰ বিধানসভালৈও নিৰ্বাচিত হৈছিল।
-
গিৰিজা ব্যাস
গিৰিজা ব্যাস (Girija Vyas; জন্ম: ৮ জুলাই ১৯৪৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। চিত্তৰগড় সমষ্টিৰ পৰা তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদনৰ ১৫ নং লোকসভাৰ সদস্য তথা ভাৰতীয় মহিলা আয়োগৰ প্ৰাক্তন সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল।
-
গীতা কোড়া
গীতা কোডা (Geeta Koda) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য৷ তেওঁ সিংহভুম লোকসভা সমষ্টিৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য। ইয়াৰ পূৰ্বে তেওঁ জয় ভাৰত সামন্ত পাৰ্টিৰ সৈতে জড়িত আছিল। ২০২৪ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি সেইদিনাই বিজেপিত যোগদান কৰে।
-
গুৰবিন্দৰ কৌৰ ব্ৰাৰ
গুৰব্ৰিন্দৰ কৌৰ ব্ৰাৰ (Gurbrinder Kaur Brar,১২ আগষ্ট ১৯২২ – ৭ ছেপ্টেম্বৰ ২০১৩) ভাৰতৰ পঞ্জাৱ ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
-
গেনী ঠাকুৰ
গেনিবেন নাগাজিভাই ঠাকুৰএগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাট বিধানসভাৰ বিধানসভাৰ সদস্য আছিল৷ তেওঁ ভাভ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ২০১৭ চনৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ শংকৰ চৌধাৰীৰ বিৰুদ্ধে জয়লাভ কৰিছিল।
-
গোমতী ছাই
গোমতী ছাই (Gomati Sai, ২৫ মে' ১৯৭৫) ছত্তীশগড়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ৰায়গড়ৰ পৰা সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ যশপুৰ জিলাৰ অনুসূচিত জনজাতি জনগোষ্ঠীৰ বাবে সংৰক্ষিত পাথোলগাঁও বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
চন্দ্ৰপ্ৰভা উৰ্ছ
চন্দ্ৰপ্ৰভা উৰ্ছ (২৫ মে' ১৯৪৬ – ৩ মে' ২০১৬) আছিল কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ দশম লোকসভা আৰু কৰ্ণাটক বিধানসভাৰ সদস্য আছিল। বিভিন্ন সময়ত তেওঁ জনতা পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে আছিল।
-
চন্দ্ৰেশ কুমাৰ কাটোছ
চন্দ্ৰেশ কুমাৰী কাটোচ (Chandresh Kumari Katoch, জন্ম: সিং; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৪৪) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী। তেওঁ লোকসভাৰ (সংসদৰ নিম্ন সদন) সংসদৰ সদস্য আছিল আৰু যোধপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
চানৰা ভানু দেৱী
চানৰা ভানু দেৱী (Chanra Bhanu Devi) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ বছৰতে তেওঁ জন্ম হৈছিল৷ তেওঁৰ জন্মস্থান আছিল বিহাৰৰ বেগুচৰাই৷ পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে বিহাৰৰ বালিয়াৰ পৰা দেশৰ লোকসভালৈ প্ৰতিনিধিত্ব কৰে৷ তেওঁ ১৯৮৪ চনত লোকসভালৈ নিৰ্বাচিত…
-
চাবিলা নেতম
ছাবিলা অৰবিন্দ নেতম (Chhabila Netam, জন্ম ২২ মে' ১৯৪৮) এজন ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনীতিবিদ আৰু একাদশ লোকসভা কংকৰ সংৰক্ষিত সমষ্টিৰ সদস্য।
-
চিন্তা অনুৰাধা
চিন্তা অনুৰাধা (Chinta Anuradha) হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে ৱাইএছআৰ কংগ্ৰেছৰ ফালৰ পৰা অমলাপুৰম লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।