অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলজিৎ ছেহৰাৱট

কমলজিৎ ছেহৰাৱট (Kamaljeet Sehrawat; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজ কৰ্মী। তেওঁ পশ্চিম দিল্লীৰ পৰা লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷

হালনাগাদ: ১০ জানুৱাৰী ২০২৬ ৩০৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কমলজিৎ ছেহৰাৱট (Kamaljeet Sehrawat; জন্ম: ২৯ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজ কৰ্মী। তেওঁ পশ্চিম দিল্লীৰ পৰা লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷১

ৰাজনৈতিক জীৱন

২০০৭ চনত নাজফগড়ত বিজেপিৰ জিলা উপ সভাপতিৰ ভূমিকা গ্ৰহণ কৰা ছেহৰাৱাটে ২০০৮ চনত মাটিয়ালা বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ভাৰতীয় জাতীয় কংগ্ৰেছৰ সুমেশ শোকীনৰ হাতত ৬৬২৯ টা ভোটত পৰাস্ত হৈছিল। ২০০৯ চনৰ পৰা ২০১৪ চনলৈ দিল্লী প্ৰদেশ বিজেপিৰ সম্পাদিকা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে বিজেপি দিল্লী মহিলা মৰ্চাৰ সভাপতি পদত তেওঁ অধিষ্ঠিত হয়৷

২০১৪ চনত দক্ষিণ দিল্লী পৌৰ নিগমৰ মেয়ৰৰ বাবে মনোনীত হৈ নিৰ্বাচিত হয়।২ ২০১৬ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ছেহৰাৱাট দিল্লীৰ বিজেপিৰ উপ-সভাপতি আছিল৩৪২০২২ চনত ছেহৰাৱাটে দ্বাৰকা বি ৱাৰ্ডৰ পৰা কাউন্সিলাৰ নিৰ্বাচনত জয়ী হয়।৫

ছেহৰাৱাটে ২০১৬ চনৰ পৰা ২০১৭ চনলৈকে বিজেপিৰ দিল্লী ৰাজ্যৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, দলৰ কৌশলগত পৰিকল্পনা আৰু প্ৰচাৰ প্ৰচেষ্টাত অৰিহণা যোগাইছিল।৬ইয়াৰ পিছত ২০১৮ চনত তেওঁ স্থায়ী সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হয়।৭

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ছেহৰাৱাটক পশ্চিম দিল্লীৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰা হৈছিল।৮৯

ৰাজনৈতিক অৱদান আৰু পদক্ষেপ

ছেহৰাৱাটে মহিলা সবলীকৰণৰ পোষকতাত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে আৰু সমাজত মহিলাৰ মৰ্যাদা উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন অভিযান আৰু কাৰ্যসূচীৰ নেতৃত্ব দিছে।১০ বিজেপি দিল্লী মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ ৰাজনীতিত মহিলাসকলৰ সক্ৰিয়তা বৃদ্ধি আৰু বিভিন্ন স্তৰৰ শাসন ব্যৱস্থাত তেওঁলোকৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাত মনোনিৱেশ কৰিছিল।১১

দক্ষিণ দিল্লী পৌৰ নিগমৰ মেয়ৰ হিচাপে ছেহৰাৱাটে নাগৰিক আন্তঃগাঁথনি আৰু সেৱাসমূহ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও পদক্ষেপ আৰম্ভ কৰে।১২ইয়াৰ ভিতৰত আছিল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান, আৱৰ্জনা ব্যৱস্থাপনা কাৰ্যসূচী আৰু চহৰখনক সৌন্দৰ্য্যবৰ্ধন কৰাৰ লক্ষ্যৰে প্ৰকল্প৷ এই সকলোবোৰৰ লক্ষ্য আছিল বাসিন্দাসকলৰ সামগ্ৰিক জীৱনৰ মান উন্নত কৰা।১৩ ইয়াৰ উপৰি তেওঁ উদ্যান, বিনোদনৰ সুবিধা আৰু সেউজীয়া স্থানৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যাতে সুস্থ আৰু অধিক বহনক্ষম নগৰীয়া পৰিৱেশ গঢ়ি তোলা হয়।১৪১৫

বিজেপিৰ দিল্লী ৰাজ্যৰ উপ-সভাপতি হিচাপে ছেহৰাৱাটে দলৰ নিৰ্বাচনী কৌশল প্ৰণয়ন আৰু কাৰ্যকৰী কৰা, সমৰ্থন সংগ্ৰহ কৰা আৰু তৃণমূল পৰ্যায়ৰ নেটৱৰ্ক সম্প্ৰসাৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।১৬১৭

ব্যক্তিগত জীৱন

ৰাজ কুমাৰ ছেহৰাৱতৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।

তথ্যসূত্ৰ

  1. ↑ India Today. (13 July 2024). Women activists · Beating all odds
  2. ↑ (2017-05-13). Who is Kamaljeet Sehrawat? Meet BJP's pick for South Delhi Municipal Corporation mayor post. Financialexpress
  3. ↑ Staff Reporter. (2017-05-19). Kamaljeet Sehrawat is new south Delhi Mayor. The Hindu
  4. ↑ (2017-01-16). Shazia Ilmi gets berth in BJP's key committee. The Asian Age
  5. ↑ (2023-06-09). Finally, names of six Standing Committee members declared. The Times of India
  6. ↑ (2023-05-23). Delhi HC sets aside mayor's decision to call re-poll for MCD standing committee. Hindustan Times
  7. ↑ Mahajan, Satvika. (2023-12-08). Will reach out to people for MCD's next budget: Mayor. The Hindu
  8. ↑ कमलजीत सहरावत की क्या है राजनीतिक पृष्ठभूमि, BJP ने प्रवेश वर्मा का टिकट काट पश्चिमी दिल्ली सीट से दिया मौका. Hindustan
  9. ↑ Service, Indo-Asian News. (2023-08-19). BJP announces names of in-charges for all 7 LS seats in Delhi. The Siasat Daily
  10. ↑ (2017-10-12). Vikaspuri gets Delhi's first pink toilet, more soon. The Asian Age
  11. ↑ (2017-05-20). New South Delhi mayor to meet Rajnath over funds. The Asian Age
  12. ↑ Bureau, The Hindu. (2023-08-12). Civic schools deprived of special health services in Delhi: BJP. The Hindu
  13. ↑ Pandey, Akhilesh. Dwarka: SDMC finally starts work at Sec 10 park after years of neglect. www.cityspidey.com
  14. ↑ Bureau, The Hindu. (2023-05-30). BJP councillors meet MCD Commissioner against 'politicisation of education'. The Hindu
  15. ↑ Swacch Shauchalay campaign for clean India. DNA India
  16. ↑ (2018-03-05). Finally Some Relief For Kids, Delhi Schools To Go 'Bagless' For A Day Every Week. IndiaTimes
  17. ↑ कोई भी समस्या हो तो सीधे मुझसे मेरे नंबर पर संपर्क करें: कमलजीत सहरावत - If there is any problem, please contact me directly on my number: Kamaljeet Sehrawat - Delhi New Delhi City Local News. Jagran

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলজিৎ ছেহৰাৱট” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৬২ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।