ভাৰতৰ মহিলা সাংসদ
১৭৪ প্ৰবন্ধ
-
চেলজা কুমাৰী
চেলজা কুমাৰী (Selja Kumari, জন্ম- ২৪ ছেপ্টেম্বৰ ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী পদত থকা সময়ত 'সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু পৰ্যটন বিভাগ'ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ…
-
জয় মালা (ৰাজনীতিক)
জয় মালা (Jay Mala (২২ আগষ্ট ১৯৫৮ – ২৬ এপ্ৰিল ২০২৩) এগৰাকী ভাৰতীয় সাংবাদিক, ৰাজনীতিবিদ, অধিবক্তা আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আছিল৷ তেওঁ ৬০০ৰো অধিক গোচৰ দাখিল কৰিছিল আৰু প্ৰতিটোতে জয়ী হৈছিল৷ ইয়াৰে ভিতৰত ১৯৮৫ চনৰ এটা গুৰুত্বপূৰ্ণ গোচৰো আছিল য'ত তেওঁ জম্মু-কাশ্মীৰ…
-
জয়ন্তী পাটনায়ক
জয়ন্তী পাটনায়ক (Jayanti Patnaik, ৭ এপ্ৰিল ১৯৩২ – ২৮ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী আছিল। তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। ১৯৯২ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৫ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁৰ কাৰ্যকাল আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি৷
-
জুন মালিয়া
জুন মালিয়া (June Malia) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ এগৰাকী সমাজসেৱক আৰু পশ্চিম বংগ মহিলা আয়োগৰ সদস্য। ২০২১ চনত তেওঁ মেদিনীপুৰ সমষ্টিৰ পৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
জোতিমণি চেনিমলাই
জোতিমণি চেনিমলাই (Jothimani Sennimalai; জন্ম: ৯ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সাহিত্যিক, সমাজকৰ্মী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ২০১৯ চনত তামিলনাডুৰ কাৰুৰৰ পৰা লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল।
-
জোহৰাবেন চাৱড়া
জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।
-
টি এন সীমা
টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।
-
টি কল্পনা দেৱী
টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
-
টি মানেম্মা
টাংগাটুৰি মানেম্মা (১৯৪২–২০১৮) আছিল অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনীতিবিদ। তেওঁ অষ্টম আৰু নৱম লোকসভাৰ সদস্য আছিল।
-
টি ৰত্না বাই
টি ৰত্না বাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু তেওঁ ৰাজ্য সভাৰ সাংসদ৷ তেওঁ সদনত অন্ধ্ৰপ্ৰদেশক প্ৰতিনিধিত্ব কৰে৷ যৌতুকজনিত মৃত্যুৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যালৈকে নানা উদ্বেগজনক বিষয়ত তেওঁ সদনত নিজৰ অভিমত ব্যক্ত কৰি আহিছে৷ ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে তেওঁ গিৰিজান সমবায় নিগমৰ অধ্যক্ষ…
-
ডগ্গুবতী পুৰন্দেশ্বৰী
ডগ্গুবাটি পুৰন্দেশ্বৰী (Daggubati Purandeswari,জন্ম ২২ এপ্ৰিল ১৯৫৯) অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ অন্ধ্ৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী।সম্প্ৰতি ৰাজহমুন্দ্ৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
তাৰা গোবিন্দ সাপ্ৰে
তাৰা গোবিন্দ সাপ্ৰে (১৯১৯–১৯৮১) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ যি চতুৰ্থ লোকসভাত বম্বে উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিছিল।
-
তাৰাদেৱী সিদ্ধাৰ্থ
ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
-
তেজস্বিনী গৌড়া
তেজস্বিনী গৌড়া (Tejaswini Gowda; জন্ম: ১১ নৱেম্বৰ ১৯৬৬) কৰ্ণাটক(ভাৰত)ৰ কনকাপুৰাৰ পৰা কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি চতুৰ্দশ লোকসভাৰ (২০০৪–২০০৯) সদস্য হৈছিল। এই আসনখনেই পাছলৈ বাংগালুৰু (গ্ৰাম্য) আসনলৈ ৰূপান্তৰিত হয়, আৰু ২০০৯ চনত তৃতীয় স্থান লাভ কৰাৰ সময়ত তেওঁ নতুন আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।
-
দেৱাশ্ৰী চৌধুৰী
দেবাশ্ৰী চৌধুৰী (ইংৰাজী: Debasree Chaudhuri; জন্ম: ৩১ জানুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৯ চনৰ পৰা ২০২১ চনলৈ ভাৰত চৰকাৰৰ দ্বিতীয় মোদী মন্ত্ৰীসভাৰ নাৰী আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
দৰ্শনা জৰ্দোশ
দৰ্শনা জৰ্দোশ (Darshana Jardosh, জন্ম-২১ জানুৱাৰী ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ গুজৰাটত চুৰাট সমষ্টিক প্ৰতিনিধিত্ব কৰা লোকসভাৰ সদস্য আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু ২০০৯ চনত ১৫ নং লোকসভালৈ নিৰ্বাচিত হয়৷ তাৰ পিছত তেওঁ ২০১৪ চনত ১৬ নং লোকসভা আৰু ২০১৯ চনত ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়।
-
দৰ্শনা সিং
দৰ্শনা সিং (Darshana Singh; জন্ম: ১০ জুলাই ১৯৭৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য। তেওঁ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী পদতো অধিষ্ঠিত হৈ আছে।
-
নিশা চৌধুৰী
নিশা চৌধুৰী (Nisha Chaudhary,১৯৫২–২০০১) এগৰাকী সামাজিক আৰু ৰাজনৈতিক সমাজকৰ্মী আছিল৷ তেওঁ ১৯৯০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভাৰতৰ গুজৰাট ৰাজ্যৰ সবৰকান্ত সমষ্টিৰ পৰা তিনিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
নিৱেদিতা সম্ভাজীৰাও মানে
নিৱেদিতা সম্ভাজীৰাও মানে (Nivedita Sambhajirao Mane, জন্ম ১১ এপ্ৰিল ১৯৬৩) ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি আৰু শিৱসেনাৰ সৈতে জড়িত এগৰাকী ৰাজনীতিবিদ। তেওঁ ১৪ নং লোকসভাৰ সদস্য আছিল।
-
নীলম সোণকাৰ
নীলম সোণকাৰ (Neelam Sonkar; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি৷ দলটোৰ প্ৰাৰ্থী হিচাপে ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ লালগঞ্জ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১৬ নং লোকসভাত প্ৰৱেশ কৰে৷
-
পদ্মশ্ৰী কুদুমুলা
পদ্মশ্ৰী কুদুমুলা (Padmashree Kudumula) এগৰাকী শিক্ষক আৰু দশম লোকসভা (১৯৯১–৯৬)ৰ প্ৰাক্তন সদস্য৷ তেওঁ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ সংৰক্ষিত সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে জড়িত।
-
পানাবাকা লক্ষ্মী
ড° পানাবাকা লক্ষ্মী (Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)।
-
পাৰ্ৱতী দেৱী
ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমো (Rani Parvati Devi Deskit Wangmo; ১ মে' ১৯৩৪ – ৫ নৱেম্বৰ ২০২৪) ভাৰতীয় ৰাজ পৰিয়ালৰ সদস্যা আৰু ৰাজনীতিবিদ। তেওঁ লাডাখৰ ৰাণী মাতৃ আছিল। ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ষষ্ঠ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
পুনমবেন মাদম
পুনমবেন মাদম (জন্ম ১৯৭৪) ভাৰতৰ গুজৰাট ৰাজ্যৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ জামনগৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ দ্বাৰকা জিলাৰ খাম্ভালিয়াৰ পৰা গুজৰাট বিধানসভাৰ সদস্য আছিল।
-
পুষ্পা দেৱী সিং
পুষ্পা দেৱী সিং (Pushpa Devi Singh; জন্ম: ১৮ মে' ১৯৪৮) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সপ্তম লোকসভাত কাৰ্যনিৰ্বাহ কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। পুষ্পা দেৱী সিংহৰ জন্ম হৈছিল ছত্তীসগঢ়ৰ সৰনগড় ৰায়পুৰৰ গণ্ড আদিবাসী ৰজাঘৰীয়া পৰিয়ালত।
-
প্ৰণীতি সিন্দে
প্ৰণীতি সুশীলকুমাৰ সিণ্ডে (Praniti Sushilkumar Shinde, জন্ম:-৯ ডিচেম্বৰ ১৯৮০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ সোলাপুৰ লোকসভা সমষ্টিৰ সংসদ সদস্য। ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰতিভা সিং
প্ৰতিভা সিং ( Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য। প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী।
-
প্ৰতিমা মণ্ডল
প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…
-
প্ৰতীমা ভৌমিক
প্ৰতিমা ভৌমিক (জন্ম ২৮ মে' ১৯৬৯) ত্ৰিপুৰাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ দ্বিতীয় মোদী মন্ত্ৰালয়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ত ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰভা কিশোৰ তাভিয়াদ
ড° প্ৰভা কিশোৰ তাভিয়াদ (Prabha Kishor Taviad) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সংসদৰ সদস্য। গুজৰাটৰ দহোড় সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনৈতিক দলৰ সদস্য।.