ভাৰতৰ মহিলা সাংসদ
১৭৪ প্ৰবন্ধ
-
সুশীলা গোপালন
সুশীলা গোপালন (২৯ ডিচেম্বৰ ১৯২৯, মুহাম্মা, আলাপ্পুজা, কেৰালা – ১৯ ডিচেম্বৰ ২০০১, তিৰুৱনন্তপুৰম, কেৰালা) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা৷ তেওঁ ভাৰত কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।
-
সুশীলা তিৰিয়া
সুশিলা তিৰিয়া (Sushila Tiriya) এগৰাকী সমাজকৰ্মী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনীতিবিদ৷ তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদনত ৰাজ্যসভাত(১৯৮৬ চনত আৰু পুনৰ ২০০৬ চনত) ওড়িশাক প্ৰতিনিধিত্ব কৰি ভাৰতৰ সংসদৰ সদস্য হৈছিল।
-
সুশীলা সৰোজ
সুশীলা সৰোজ ভাৰতৰ ১৫ সংখ্যক লোকসভাৰ সদস্য। উত্তৰ প্ৰদেশৰ মোহনলালগঞ্জ সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ লগতে তেওঁ সমাজবাদী পাৰ্টি (এছ পি) ৰাজনৈতিক দলৰ সদস্য। মোহনলালগঞ্জ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন।
-
সূৰ্যকান্তা পাটিল
সূৰ্য্যকান্তা পাটিল (জন্ম ১৫ আগষ্ট ১৯৪৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ মহাৰাষ্ট্ৰৰ হিংগোলী আৰু নন্দেদক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সদস্য আছিল।
-
সোমলতা অম্বৰীশ
সোমলতা অম্বৰীশ (Sumalatha Ambareesh; জন্ম: ২৭ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিক। মূলতঃ তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ একাধিক ভাষাৰ ২২০খনতকৈও অধিক ছবিত অভিনয় কৰাৰ উপৰি তেওঁ তামিল আৰু হিন্দী চিনেমাতো অভিনয় কৰিছে।
-
স্বাতী মালিয়াল
স্বাতী মালিৱাল (Swati Maliwal; জন্ম:-১৫ অক্টোবৰ ১৯৮৪) এগৰাকী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ দিল্লীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
সৰোজ পাণ্ডে
সৰোজ পাণ্ডে (Saroj Pandey, জন্ম ২২ জুন ১৯৬৮) ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সৰোজিনী মহিষী
সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।
-
হীনা গৱীত
হীনা গৱীত (Heena Gavit; জন্ম: ২৮ জুন ১৯৮৭) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নন্দুৰবাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।
-
হেডৱিগ ৰেগো
হেডৱিগ উইলিয়াম ৰেগো (Hedwig William Rego; জন্ম: ১৬ অক্টোবৰ ১৯৩৭, মৃত্যু ৩০ জুলাই ২০২৪) এগৰাকী শিক্ষক, সমাজ কৰ্মী আৰু ১১ সংখ্যক লোকসভাৰ প্ৰাক্তন মনোনীত এংলো-ভাৰতীয় সদস্য (১৯৯৭) আছিল।
-
ৰঞ্জনবেন ধনঞ্জয় ভাট
ৰঞ্জনবেন ধনঞ্জয় ভাট(Ranjanben Dhananjay Bhatt) (জন্ম ১০ আগষ্ট ১৯৬২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ১৬ আৰু ১৭ নং লোকসভাৰ সদস্য হিচাপে কাম কৰি আহিছে। কেৰিয়াৰ ভাট্ট বৰোদাৰ উপ-মেয়ৰ আছিল। যোৱা ২২ বছৰ ধৰি "মহিলা ক্লাব" চলোৱা আৰু নেতৃত্ব দিয়াৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
ৰঞ্জিতা কোলী
ৰঞ্জিতা কোলী (Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
ৰত্নমালা সাৱনুৰ
ৰত্নমালা ধৰেশ্বৰ সাৱনুৰ (Ratnamala Dhareshwar Savanur, জন্ম-১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পূৰ্বতে জনতা দল আৰু বৰ্তমান জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত। একাদশ লোকসভাৰ সদস্য হিচাপে তেওঁ গুজৰাল মন্ত্ৰালয়ত পৰিকল্পনা আৰু ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰত্না সিং
ৰাজকুমাৰী ৰত্ন সিং (Ratna Singhজন্ম ২৯ এপ্ৰিল ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন মন্ত্ৰী দীনেশ সিঙৰ কন্যা। ১৯৯৬, ১৯৯৯ আৰু ২০০৯ চনত কংগ্ৰেছ দলৰ পৰা তেওঁ তিনিবাৰকৈ প্ৰতাপগড়ৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়৷ পৰৱৰ্তী সময়ত একেৰাহে দুটা লোকসভা নিৰ্বাচনত (২০১৪ আৰু ২০১৯) কংগ্ৰেছৰ টিকটত…
-
ৰমা দেৱী
ৰমা দেৱী (জন্ম ১৯৪৮) হৈছে বিহাৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা। তেওঁ ২০১৯ চনৰ পৰা ১৭সংখ্যক লোকসভাৰ অধ্যক্ষৰ পেনেলত আছে।
-
ৰমা পায়লট
ৰমা পায়লট (Rama Pilot; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৮) ৰাজস্থান ৰাজ্যৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। তেওঁ দৌছাক প্ৰতিনিধিত্ব কৰি ত্ৰয়োদশ লোকসভাত অংশগ্ৰহণ কৰিছিল। ৰাজস্থান বিধানসভাতো তেওঁ হিন্দোলীক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ৰমাবেন পেটেল
ৰমাবেন ৰামজীভাই মাৱনী পেটেল (Ramaben Ramjibhai Mavani Patelজন্ম ১৯৫৩) গুজৰাটৰ এগৰাকী অধিবক্তা আৰু ৰাজনীতিবিদ। তেওঁ ৮ম লোকসভাৰ সদস্য আছিল।
-
ৰশিদা হক চৌধুৰী
ৰশিদা হক চৌধুৰী(Rashida Haque Choudhury, জন্ম ২৪ এপ্ৰিল ১৯২৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮০ চনলৈকে চৰণ সিং মন্ত্ৰালয়ৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী আছিল।
-
ৰাজীন্দৰ কৌৰ বুলাৰা
ৰাজীন্দৰ কৌৰ বুলাৰা (Rajinder Kaur Bulara,জন্ম ১৯৪৬) শিৰোমণি আকালি দল (মান) গোটৰ ৰাজনীতিবিদ আৰু নৱম লোকসভাৰ সদস্য আছিল।
-
ৰাণী চিত্ৰলেখা ভোঁচলে
ৰাণী চিত্ৰলেখা ভোঁচলে (Rani Chitralekha Bhonsle, ২৬ ফেব্ৰুৱাৰী ১৯৪১ – ১৬ আগষ্ট ২০১৫) এগৰাকী ৰাজনৈতিক, সমাজকৰ্মী আৰু মহাৰাষ্ট্ৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা এগৰাকী সাংসদ আছিল.
-
ৰীণা চৌধুৰী
ৰীনা চৌধুৰী (Reena Choudhary; জন্ম: ২ জুন ১৯৬৮) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী৷ তেওঁ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মোহনলালগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদৰ সদস্য আৰু সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী।
-
ৰূপাতাই পাটিল নিলাংগেকাৰ
ৰূপতাই দিলীপৰাও পাটিল নিলাংগেকাৰ (Rupatai Diliprao Patil Nilangekar, জন্ম-৪ জুন ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি লাটুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰি ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে সদনত কাৰ্যনিৰ্বাহ কৰিছিল party. তেওঁ প্ৰাক্তন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, শিৱজীৰাও পাটিল নীলাংগেকাৰৰ বোৱাৰী।
-
ৰেণু চক্ৰৱৰ্তী
ৰেণু চক্ৰৱৰ্তী (Renu Chakravartty,(১৯১৭-১৯৯৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী নেতা৷ তেওঁ এগৰাকী সাংসদ আৰু শিক্ষাবিদ আছিল।
-
ৰেণুকা সিং (ৰাজনীতিক)
ৰেনুকা সিং সৰুতা (Renuka Singh Saruta; জন্ম: ৫ জানুৱাৰী ১৯৬৪) ছত্তীসগঢ়ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যি বৰ্তমান ভাৰতপুৰ-সোণহাটক প্ৰতিনিধিত্ব কৰি চত্তীশগড় বিধানসভাৰ সদস্য হিচাপে কৰ্মনিৰ্বাহ কৰি আছে।