অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কেশৰবাই ক্ষীৰসাগৰ

কেশৰবাই ক্ষীৰসাগৰ (Kesharbai Kshirsagar(১৯৩০-২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল৷ তেওঁ লোকসভালৈ তিনিবাৰ নিৰ্বাচিত হৈছিল৷

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কেশৰবাই ক্ষীৰসাগৰ (Kesharbai Kshirsagar(১৯৩০-২০০৬) এগৰাকী ভাৰতীয় ৰাজনীতিক আছিল৷ তেওঁ লোকসভালৈ তিনিবাৰ নিৰ্বাচিত হৈছিল৷

প্ৰাৰম্ভিক জীৱন

১৯২৭ চনৰ ২৯ মাৰ্চত পুনেৰ নিমগাওঁ হালুংগী গাঁৱত কেশৰবাইৰ জন্ম হয়।.১

কৰ্মজীৱন

সামাজিক কামৰ বাবে পৰিচিত ক্ষীৰসাগৰ ১৯৬২ চনত ৰাজুৰী গাঁৱৰ (বীদ) সৰপঞ্চ আৰু ১৯৬৭ চনত পঞ্চায়ত সমিতিৰ অধ্যক্ষ নিৰ্বাচিত হয়। ১৯৭২ চনত চৌছালাক প্ৰতিনিধিত্ব কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ হিচাপে মহাৰাষ্ট্ৰ বিধানসভাত যোগদান কৰে আৰু ইয়াৰ কমিটি অন পাব্লিক অণ্ডাৰটেকিংছত কাৰ্যনিৰ্বাহ কৰে।২

১৯৮০ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত আই এন চি (I)-এ বীড় সমষ্টিৰ পৰা ক্ষীৰসাগৰক আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে লোৱা হৈছিল। ৬৭,৫০৩ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি তেওঁ এই আসনখন লাভ কৰে আৰু সপ্তম লোকসভাৰ সদস্য হয় (১৯৮০–৮৪)।৩ তেওঁ ১৯৮৪ আৰু ১৯৯১ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়। এগৰাকী সাংসদ হিচাপে তেওঁ চৰকাৰী ভাষাৰ সমিতিকে ধৰি বিভিন্ন সংসদীয় সমিতিত কাৰ্যনিৰ্বাহ কৰে।১ পিছলৈ ক্ষীৰসাগৰে জাতীয়তাবাদী কংগ্ৰেছ দল (এনচিপি)ত যোগদান কৰে।৪

ব্যক্তিগত জীৱন

১৫ বছৰ বয়সত কেশৰবাইৰ সোণাজিৰাও ক্ষীৰসাগৰৰ সৈতে বিবাহ সম্পন্ন হয়৷১তেওঁলোকৰ ৮গৰাকী সন্তান৷ তেওঁলোকৰ এজন পুত্ৰ জয়দত্তজী ক্ষীৰসাগৰ ১৯৯০ চনত মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয়।৫ তেওঁক মৰমেৰে কেশ্বাৰকাকু বুলি কোৱা হৈছিল আৰু ২০০৬ চনৰ ৪ অক্টোবৰত মুম্বাইৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।৪

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Kshirsagar, Smt. Kesharbai. লোকসভা
  2. ↑ Committee on Public Undertakings. (1974). Report. Maharashtra Legislative Assembly. পৃ. 40
  3. ↑ Statistical Reports on the General Elections, 1980 to the Seventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 275
  4. ↑ United News of India. (4 October 2006). Ex-MP Kesharkaku Kshirsagar passes away. OneIndia.com
  5. ↑ Vohra, Gautam. (1992). The New Political Elite. Daya Publishing House. পৃ. 79. ISBN 978-81-7035-109-2

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেশৰবাই ক্ষীৰসাগৰ” প্ৰবন্ধৰ সংশোধন ৪৭৬৩৪৪ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।