অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা কুমাৰী কাৰেদুলা

কমলা কুমাৰী কাৰেদুলা (Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

কমলা কুমাৰী কাৰেদুলা (Kamala Kumari Karredula) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ভদ্ৰচালামৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।১২৩৪৫৬

তেওঁক প্ৰয়াত ৰাজীৱ গান্ধীয়ে সংসদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচিত কৰিছিল৷ তেওঁ প্ৰথমতে ১৯৮৯ চনত ভদ্ৰাচালাম লোকসভা সমষ্টিৰ পৰা নৱম লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যিটো সাতটা বিধানসভাৰ খণ্ড আৰু তেপন্নটা মণ্ডলৰ দ্বাৰা গঠিত আছিল৷ এইদৰে সমষ্টিটোৱে ভাৰতৰ দ্বিতীয় বৃহত্তম সংসদীয় সমষ্টি হিচাপে স্বীকৃতি লাভ কৰিছিল। ১৯৯১ চনত দ্বিতীয়বাৰৰ বাবে দশম লোকসভালৈ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ অধীনত ভাৰত চৰকাৰৰ সমাজ কল্যাণ, জনজাতি কল্যাণ, মহিলা আৰু শিশু উন্নয়ন কল্যাণৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰে। তেওঁ বিভিন্ন সংসদীয় সমিতিৰ সদস্য হিচাপে এই সংসদীয় সমিতিসমূহৰ সদস্য হিচাপে চীন, আমেৰিকা আদি কেইবাখনো দেশ ভ্ৰমণ কৰিছিল। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্যৰ লগতে সাংসদ আৰু বিধায়ক নিৰ্বাচন কৰা পিচিচি বাছনি সমিতিৰ তেওঁ জ্যেষ্ঠ সদস্য আছিল। ২০১০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অধীনত অসামৰিক ন্যায়পালিকাৰ ক্ষমতা থকা বিধিগত সংস্থা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ সদস্য হিচাপে তেওঁ নিযুক্তি লাভ কৰে। কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁৰ প্ৰাৰ্থীত্বৰ প্ৰস্তাব আগবঢ়াইছিল আৰু মুখ্যমন্ত্ৰী প্ৰয়াত শ্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীয়েও সমৰ্থন জনাইছিল। ২০১৩ চনত পুনৰ একেটা ৰাষ্ট্ৰীয় আয়োগতে তিনি বছৰৰ বাবে পুনৰ নিযুক্তি লাভ কৰে৷ তেওঁ ইহসংসাৰত দুজন পুত্ৰ আৰু তিনিগৰাকী কন্যাক এৰি থৈ যায়৷

তেওঁ তেওঁৰ ব্যক্তিগত সম্পত্তিসমূহ গীৰ্জা, বিদ্যালয়, হোষ্টেল নিৰ্মাণৰ বাবে দান কৰি আৰু সৰল আন্তঃজাতীয় বিবাহৰ প্ৰসাৰ ঘটাই অনগ্ৰসৰ আৰু জনজাতীয় উত্থানৰ বাবে সমৰ্থন আগবঢ়াইছিল। তেখেতে সদায় প্ৰয়াত ইন্দিৰা গান্ধীৰ কঠোৰ পৰিশ্ৰম দৰ্শনত বিশ্বাস কৰিছিল৷

১৯৯০ চনৰ ২৮ মাৰ্চৰ পৰা ইণ্ডিয়ান নাৰ্চিং কাউন্সিলৰ সদস্য আছিল।

তথ্যসূত্ৰ

  1. ↑ Lok Sabha Members Bioprofile. লোকসভা
  2. ↑ Subhash C Kashyap; Centre for Policy Research (New Delhi, India). (2000). History of the Parliament of India. Under the auspices of Centre for Policy Research, Shipra. পৃ. 392
  3. ↑ India. Parliament. Lok Sabha. (1992). Who's who. Parliament Secretariat. পৃ. 891
  4. ↑ Elections. Rediff
  5. ↑ (15 May 1968). Bio-Data of Member of X Lok Sabha. Indiapress
  6. ↑ Jain, C.K. (1993). Women Parliamentarians in India. Lok Sabha Secretariat. পৃ. 46

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা কুমাৰী কাৰেদুলা” প্ৰবন্ধৰ সংশোধন ৪৭৫৮০৮ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।