অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা চৌধুৰী

কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।

প্ৰাথমিক জীৱন

১৯০৮ চনৰ ২২ ফেব্ৰুৱাৰীত লক্ষ্ণৌত কমলা চৌধৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰায় মনমোহন দয়াল এজন উপ-সংগ্ৰাহক আছিল।১ তেওঁৰ আজোককাক (মাতৃৰ ফালৰ) ১৮৫৭ চনৰ প্ৰথম স্বাধীনতা যুদ্ধত লক্ষ্ণৌত থকা স্বতন্ত্ৰ অৱধ বাহিনীৰ সেনাপতি আছিল।

কৰ্মজীৱন

১৯৩০ চনৰ নাগৰিক অমান্য আন্দোলনৰ সময়ত চৌধুৰীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেতিয়াৰ পৰাই ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰাত ব্ৰিটিছ কৰ্তৃপক্ষই একাধিকবাৰ কাৰাগাৰত তেওঁক বন্দী কৰিছিল। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৫৪ সংখ্যক অধিৱেশনৰ সময়ত তেওঁ জ্যেষ্ঠ উপাধ্যক্ষ হিচাপে কাম কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰ নিৰ্বাচিত সদস্য আছিল আৰু সংবিধান গৃহীত হোৱাৰ পিছত ১৯৫২ চনলৈকে তেওঁ ভাৰতৰ প্ৰাদেশিক চৰকাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

১৯৬২ চনত হাপুৰৰ পৰা ভাৰতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে জয়ী হৈ চৌধুৰী তৃতীয় লোকসভাৰ সদস্য হয়।২তেওঁ নিজৰ নিকটতম প্ৰতিদ্বন্দ্বীক ২৮,৬৩৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।৩ তেওঁৰ গল্পৰ চাৰিটা সংকলন; উনমাদ (১৯৩৪), পিকনিক (১৯৩৬), যাত্ৰা (১৯৪৭) আৰু বেল পাত্ৰ প্ৰকাশ পাইছিল। লিংগ বৈষম্য, কৃষকৰ শোষণ আৰু বিধৱাৰ দুৰ্বল অৱস্থা তেওঁৰ ৰচনাৰ মূল বিষয়বস্তু আছিল।৪

ব্যক্তিগত জীৱন

১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত জে.এম.চৌধৰীৰ সৈতে তেওঁৰ বিবাহ হয়।২তেওঁৰ শহুৰেক স্বৰাজ্য পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। লেখক আৰু লেখিকা ড° ইৰা ছাক্সেনাৰ লগতে প্ৰয়াত মাধবেন্দ্ৰ মোহন আৰু ড° হেমেন্দ্ৰ মোহন চৌধুৰীকে ধৰি কেইবাটাও সন্তানৰ তেওঁ মাতৃ।

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Chaudhri, Shrimati Kamala. লোকসভা
  2. ↑ (1997). Saṃsadīya Patrikā. লোকসভা. পৃ. 76
  3. ↑ Statistical Report on General Elections, 1962 to the Third Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 440
  4. ↑ Tharu, Susie J.; Lalita, Ke. (1991). Women Writing in India: 600 B.C. to the early twentieth century. Feminist Press at CUNY. পৃ. 472. ISBN 978-1-55861-027-9

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদগল্পকাৰভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩৮৪৭ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।