চন্দ্ৰেশ কুমাৰী কাটোচ (Chandresh Kumari Katoch, জন্ম: সিং; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৪৪) ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী। তেওঁ লোকসভাৰ (সংসদৰ নিম্ন সদন) সংসদৰ সদস্য আছিল আৰু যোধপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।১
২০১২ চনৰ ২৮ অক্টোবৰত কাটোচে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে, আৰু তেওঁক সাংস্কৃতিক মন্ত্ৰালয়ৰ নেতৃত্ব ল'বলৈ দিয়া হয়।২তেওঁ যোধপুৰৰ মহাৰাজা হনৱন্ত সিং আৰু মহাৰাণী কৃষ্ণা কুমাৰীৰ কন্যা৷ হিমাচল প্ৰদেশৰ ৰাজা আদিত্য দেৱ চান্দ কটোচৰ সৈতে কাংগ্ৰাৰ ৰাজ পৰিয়ালত তেওঁ বিবাহপাশত আবদ্ধ হয়।৩ ২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰেশ কুমাৰ কাটোছ” প্ৰবন্ধৰ সংশোধন ৪৭৫৮১৫ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।