অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণা বসু

কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কৃষ্ণা বসু (Krishna Bose, ২৬ ডিচেম্বৰ ১৯৩০ – ২২ ফেব্ৰুৱাৰী ২০২০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক আৰু সমাজকৰ্মী আছিল। পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সংসদলৈ নিৰ্বাচিত হৈছিল।১

কলকাতাৰ চিটি কলেজত তেওঁ ৪০ বছৰ শিক্ষকতা কৰিছিল, আৰু তাৰ পিছত ৮ বছৰ ধৰি কলেজখনৰ অধ্যক্ষ হৈ আছিল।

প্ৰাথমিক জীৱন আৰু পটভূমি

১৯৩০ চনৰ ২৬ ডিচেম্বৰত ঢাকাত চাৰু চি চৌধুৰী আৰু ছায়া দেৱী চৌধুৰানীৰ ঘৰত কৃষ্ণা বসুৰ জন্ম হয়। তেওঁৰ পিতৃ সাংবিধানিক অধ্যয়নত বিশেষজ্ঞ আছিল আৰু পশ্চিম বংগ বিধানসভাৰ অন্যতম সম্পাদক আছিল। ১৯৫৫ চনৰ ৯ ডিচেম্বৰত শিশিৰ কুমাৰ বসুৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ দুজন পুত্ৰ সুমন্ত্ৰ বসু, সুগতা বসু আৰু এগৰাকী কন্যা সৰ্মিলা বসু। শিশিৰ বসু সুভাষ চন্দ্ৰ বসুৰ জ্যেষ্ঠ ভাতৃ শৰৎ চন্দ্ৰ বসুৰ পুত্ৰ। তেওঁও ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে যুঁজিছিল আৰু ১৯৪১ চনত ভাৰত ত্যাগ আন্দোলন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে কলিকতাৰ পৰা পলায়ন কৰাত ভূমিকা লোৱাৰ বাবে লাহোৰ দুৰ্গ আৰু লালকিল্লাত বন্দী হৈছিল।১২

বসুৱে পশ্চিম বংগৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত বি.এ. আৰু এম.এ. ডিগ্ৰী অৰ্জন কৰে৷ পৰৱৰ্তী সময়ত তেওঁ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ভাটখণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা সংগীত-বিষাৰদৰ সন্মানীয় ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

কৃষ্ণাই কলকাতাৰ চিটি কলেজত ৪০ বছৰ ধৰি অধ্যাপনা কৰিছিল আৰু ইংৰাজী বিভাগৰ মুৰব্বী আছিল৷ তেওঁ আঠ বছৰ কলেজৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৯৬–১৯৯৮ চনৰ সময়ছোৱাত যাদৱপুৰৰ পৰা কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে একাদশ লোকসভালৈ সংসদৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হৈছিল। দ্বাদশ, (১৯৯৮–১৯৯৯) আৰু ত্ৰয়োদশ (১৯৯৯–২০০৪) লোকসভাতো তেওঁ সংসদৰ সদস্য আছিল।৩তৃতীয় কাৰ্যকালত তেওঁ তলত দিয়া পদসমূহত কাৰ্যনিৰ্বাহ কৰিছিল:১

১. বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ

২. সদস্য, সাধাৰণ উদ্দেশ্য সমিতি

৩. সদস্য, পেটেণ্টৰ যুটীয়া সমিতি (দ্বিতীয় সংশোধনী) বিধেয়ক, ১৯৯৯

৪. সদস্য, চৰকাৰী ভাষা সমিতি

তথ্যসূত্ৰ

  1. ↑ Biographical Sketch Member of Parliament 13th Lok Sabha
  2. ↑ (9 May 2004). Bose tags Atal secular for minority votes. The Telegraph
  3. ↑ Krishna Bose's Website Details

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদশিক্ষাবিদৰাজনীতিবিদলেখিকাপশ্চিমবঙ্গৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণা বসু” প্ৰবন্ধৰ সংশোধন ৪৭৩৩১০ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।